নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২৩ আগষ্টত ইউক্রেইন ভ্ৰমণলৈ দেশৰ প্রধানমন্ত্রী মোদী

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৮ জুলাইঃ অহা ২৩ আগষ্টত ইউক্রেইন ভ্রমণলৈ যাব প্রধানমন্ত্রী নৰেন্দ্র মোদী৷ একেৰাহে তৃতীয়বাৰৰ বাবে প্রধানমন্ত্রী পদত অধিষ্ঠিত হোৱা নৰেন্দ্র মোদীয়ে চলিত মাহৰ প্রাৰম্ভতে ৰাছিয়া ভ্রমণ কৰাৰ পিছত এইবাৰ ইউক্রেইনলৈ যাব৷ ৰাছিয়াই ইউক্রেইনৰ ওপৰত সামৰিক অভিযান চলোৱাৰ পিছত প্রথমবাৰলৈ দেশখন ভ্রমণলৈ যাব প্রধানমন্ত্রী মোদী৷ এই ভ্রমণৰ সময়ছোৱাত প্রধানমন্ত্রী মোদীয়ে ইউক্রেইনৰ ৰাষ্ট্রপতি ভ’লোডিমিৰ জেলেনস্কিক সাক্ষাৎ কৰিব৷ মন কৰিবলগীয়া যে চলিত মাহৰ প্রাৰম্ভতে প্রধানমন্ত্রী মোদীয়ে ৰাছিয়া ভ্রমণত ৰাষ্ট্রপতি ভ্লাডিমিৰ পুটিনৰ সৈতে মিলিত হোৱাক লৈ তীব্র অসন্তুষ্টি ব্যক্ত কৰিছিল ইউক্রেইনৰ ৰাষ্ট্রপতি জেলেনস্কিয়ে৷ ৰাছিয়াত প্রধানমন্ত্রী মোদীক দেশখনৰ সর্বোচ্চ সন্মান ৰাষ্ট্রপতি পুটিনে প্রদান কৰিছে৷ ৰাছিয়া আৰু ইউক্রেইনৰ মাজত যুদ্ধ চলি থকা সময়তে প্রধানমন্ত্রী মোদীয়ে এইবাৰ ইউক্রেইন ভ্রমণ কৰা বিষয়টোৱে তাৎপর্যপূর্ণ হৈ উঠিছে৷ কিয়নো প্রধানমন্ত্রী মোদীয়ে ৰাষ্ট্রপতি পুটিনৰ সৈতে বৈঠকৰ সময়ত শান্তিৰ বাবে ভাৰতে যিকোনো পদক্ষেপ লোৱাৰ বাবে সাজু হৈ থকা বুলি মন্তব্য কৰিছিল৷ এনে সময়তে যুদ্ধবিধ্বস্ত ইউক্রেইন ভ্রমণলৈ যাব প্রধানমন্ত্রী মোদী৷ তাৎপর্যপূর্ণ যে ইউক্রেইনৰ ৰাষ্ট্রপতিৰ সৈতে মোদীয়ে কেইবাবাৰো টেলিফোনিক বার্তালাপ কৰিছে৷

You might also like