নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিৱসাগৰত নিশা অখিল বাহিনীৰে বীৰ লাচিত সেনাৰ তীব্ৰ সংঘাত

🔹 অখিল গগৈৰ গুণ্ডাগিৰি নচলিব, অখিল গগৈ মুৰ্দাবাদ ধ্বনি
🔹 ৰাইজৰ দলৰ নেতাৰ বিৰুদ্ধে সুৰাপান কৰি নৈশ বাছ আবদ্ধ কৰাৰ অভিযোগ
🔹 অখিল গগৈক প্রত্যাহ্বান শৃংখল চলিহাৰ
নিয়মীয়া বার্তা, ২৮ জুলাই : শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ নেতৃত্বাধীন ৰাইজৰ দলৰ একাংশ সমর্থকৰ সৈতে নিশা বীৰ লাচিত সেনাৰ কর্মীৰ হোৱা সংঘর্ষময় পৰিস্থিতিক লৈ তীব্র চাঞ্চল্যৰ সৃষ্টি হৈছে জিলাখনত৷ এখন নৈশ বাছ নগৰৰ মাজমজিয়াৰ পৰিবহণ নিগম তিনিআলিত বলপূর্বক আবদ্ধ কৰি ৰখাক লৈয়ে ৰাইজৰ দলৰ সমর্থক আৰু বীৰ লাচিত সেনাৰ কর্মীৰ মাজত সৃষ্টি হয় এই সংঘাতৰ৷ দুয়োপক্ষৰ যুযুধান স্থিতিক লৈ সমগ্র চহৰখনতে এক উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হয়৷ ৰাজপথত নৈশ বাছ আবদ্ধ কৰি উদ্ভণ্ডালি কৰা কেইবাগৰাকীও সদস্যক সদৰ আৰক্ষীয়ে নিয়ন্ত্রণ কৰাৰ পিছতেহ ঘটনাস্থলীত উপস্থিত একাংশ বীৰ লাচিত সেনাৰ কর্মীয়ে অখিল গগৈ মুর্দাবাদ, অসম আৰক্ষী জিন্দাবাদ ধ্বনিৰে উত্তাল কৰি তোলে শিৱসাগৰ চহৰৰ ৰাজপথ৷ প্রাপ্ত বাতৰি মতে, দুদিন পূর্বে ৰাইজৰ দলৰ গুৱাহাটীত অনুষ্ঠিত এক যোগদান কার্যসূচীত অংশগ্রহণৰ বাবে ৰাইজৰ দলৰ একাংশ কর্মীয়ে অৰুণোদয় নামৰ নৈশ বাছখন লৈ শিৱসাগৰৰ পৰা গুৱাহাটীলৈ গৈছিল৷ কিন্তু যাত্রা পথত নগাঁৱতেই বাছখনত যান্ত্রিক বিজুতি ঘটাৰ লগতে বাছখনত যাত্রী হিচাপে যোৱা এগৰাকী জ্যেষ্ঠ নেত্রী সেই সময়তে উচ্চ ৰক্তচাপত আক্রান্ত হয়৷ ইফালে, এই যান্ত্রিক বিজুতিৰ পিছতেই বাছখনৰ গৰাকীয়ে আন এখন বাছৰ যোগাৰ কৰি দিয়ে৷ কিন্তু সেই সময়তেই বাছখনৰ কর্মচাৰীৰ সৈতে বাছত যোৱা ৰাইজৰ দলৰ কর্মকর্তাৰ কিছু বাকবিতণ্ডা হোৱাৰ উপৰি বাছখনৰ কর্মচাৰীয়ে ৰাইজৰ দলৰ কর্মীক ভাবুকি প্রদান কৰে৷ কিন্তু গুৱাহাটীৰ যোগদান কার্যসূচীৰ অন্ত পৰাৰ পিছত এই ঘটনাক লৈ নিশা শিৱসাগৰ পৰিবহণ নিগম তিনিআলিত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ৷ জানিব পৰা মতে, একেগৰাকী নগাঁৱৰ নিবাসী মালিকৰ আন এখন নৈশবাছ কালি নিশা ৰাইজৰ দলৰ একাংশ কর্মীয়ে পৰিবহণ নিগম আস্থানত আবদ্ধ কৰি ৰাখে৷ অৰুণোদয় নামৰ বাছখনৰ গৰাকীয়ে শিৱসাগৰস্থিত বীৰ লাচিত সেনাৰ কর্মীক এই ঘটনা অৱগত কৰাৰ পিছতেই লাচিত সেনাৰ সদস্য সদলবলে নগৰৰ পৰিবহণ নিগম তিনিআলিত উপস্থিত হয়৷ কিন্তু নাছোৰবান্দা ৰাইজৰ দলৰ কর্মীয়ে ঘটনাস্থলীত এক অশোভনীয় পৰিস্থিতিৰ সৃষ্টি কৰি বাছখনৰ সন্মুুখত পথৰ ওপৰত শুই পৰি বাছখন আবদ্ধ কৰি ৰখাৰ লগতে ঘটনাটোৰ বুজ ল’বলৈ যোৱা বীৰ লাচিত সেনাৰ কর্মীক ৰাইজৰ দলৰ কর্মীয়ে আক্রমণৰ চেষ্টা চলায়৷ হতাহতিতো লিপ্ত হয়৷ নগৰৰ মাজমজিয়াত নিশা সৃষ্টি হোৱা উত্তপ্ত পৰিস্থিতিৰ খবৰ লাভ কৰি সদৰ আৰক্ষীয়ে কৌশলেৰে পথৰ ওপৰত শুই থকা ৰাইজৰ দলৰ কর্মীক আঁতৰাই বাছখন যাত্রীসহ উলিয়াই পঠিয়ায়৷ ইফালে, ঘটনাৰ বুজ ল’বলৈ যোৱা বীৰ লাচিত সেনাৰ কর্মীসকলক সুৰাপান কৰি থকাৰ অভিযোগ উঠা একাংশ ৰাইজৰ দলৰ কর্মীয়ে দুর্ব্যৱহাৰ, প্রহাৰ কৰিবলৈ উদ্যত হোৱা ঘটনাত ক্ষোভত ফাটি পৰে লাচিত সেনাৰ সদস্যসকল৷ উল্লেখ্য যে অখিল গগৈয়ে কাৰাগাৰত থাকিয়েই শিৱসাগৰ বিধানসভা সমষ্টিত ঐতিহাসিক বিজয় সাব্যস্ত কৰাৰ ক্ষেত্রত মূলত: শৃংখল চলিহাৰ নেতৃত্বত বীৰ লাচিত সেনায়ে অন্যতম গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰিছিল৷ লাচিত সেনাৰ কর্মীয়ে দিন–ৰাতি একাকাৰ কৰি চলোৱা প্রচেষ্টাৰ অন্তত বিধায়ক নির্বাচিত হোৱাৰ পিছত হঠাৎ আৱির্ভাৱ ঘটা ৰাইজৰ দলৰ একাংশ কর্মীয়ে লাচিত সেনাৰ কর্মীক অভব্য আচৰণ, আক্রমণৰ চেষ্টা চলোৱাত ক্ষোভত ফাটি পৰা সদস্যসকলে উত্তাল পৰিৱেশৰ সৃষ্টি কৰে৷ ক্ষোভিত বীৰ লাচিত সেনাৰ কর্মীসকলে অখিল গগৈ মুর্দাবাদ, অখিল গগৈ বাহিনীৰ গুণ্ডাগিৰি শিৱসাগৰত নচলিব, শিৱসাগৰ আৰক্ষী জিন্দাবাদ ধ্বনিৰে পৰিৱেশ উত্তাল কৰি তোলে৷ ৰাইজৰ দলৰ কর্মীসকলে অৰুণোদয় নামৰ বাছখনৰ গৰাকীৰ বিৰুদ্ধে সদৰ থানাত এজাহাৰ দাখিল কৰাৰ লগতে কাইলৈ এই ঘটনাৰ বিৰুদ্ধে শিৱসাগৰত তীব্র প্রতিবাদ সাব্যস্ত কৰিব বুলি হুংকাৰ দিছে৷ ইয়াৰ বিপৰীতে শিৱসাগৰ চহৰৰ মাজমজিয়াত আইন হাতত লৈ ৰাইজৰ দলৰ কর্মীয়ে চলোৱা গুণ্ডামিক তীব্র ভাষাৰে গৰিহণা দিছে৷ শিৱসাগৰত কাকোৱেই আইন হাতত তুলি গুণ্ডামি কৰিবলৈ দিয়া নহ’ব বুলি স্পষ্ট কৰি দিয়াৰ লগতে অসম চৰকাৰক এনে চক্রৰ বিৰুদ্ধে কঠোৰ আইনসন্মত ব্যৱস্থা ল’বলৈ দাবী জনাইছে বীৰ লাচিত সেনাই৷
অখিল গগৈক প্রত্যাহ্বান শৃংখল চলিহাৰ
বীৰ লাচিত সেনাৰ এগৰাকী কর্মীৰ এখন নৈশবাছ কালি নিশা শিৱসাগৰত ৰাইজৰ দলৰ একাংশ কর্মীয়ে আবদ্ধ কৰি ৰখাৰ লগতে ঘটনাস্থলীলৈ যোৱা বীৰ লাচিত সেনাৰ কর্মীৰ ওপৰত চলোৱা গুণ্ডাগিৰিক লৈ চাঞ্চল্য অব্যাহত থকাৰ সময়তে আজি শিৱসাগৰত বিস্ফোৰণ ঘটালে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই৷ শিৱসাগৰত অখিল গগৈৰ পি এক গুণ্ডামি কৰিবলৈ দিয়া নহ’ব বুলি মুকলি প্রত্যাহ্বান জনোৱা শৃংখল চলিহাই ক’লে– বীৰ লাচিত সেনাৰ সৈনিকে কাৰো আক্রমণ আৰু ভাবুকিলৈ কেৰেপ নকৰে৷ আজি শিৱসাগৰ চহৰত আয়োজিত সংগঠনটোৰ বৃহৎ যোগদান সমাৰোহত অংশগ্রহণ কৰি লাচিত সেনাৰ নেতা শৃংখল চলিহাই ৰাইজৰ দলক প্রত্যাহ্বান জনাই কয় যে আক্রমণ হ’লে প্রত্যাক্রমণ হ’বই৷ পিছফালৰ পৰা আক্রমণ কৰি কাপুৰুষৰ পৰিচয় দিয়াতকৈ সন্মুুখৰ পৰা আক্রমণ কৰক৷ বীৰ লাচিত সেনাৰ এজন সাধাৰণ সৈনিকৰ ওপৰতো যদি আক্রমণ হয় তেন্তে পৰিস্থিতি ভয়ংকৰ হৈ উঠিব৷ কালি নিশা সৃষ্টি হোৱা প্রসংগ উত্থাপন কৰি কয় যে নৈশ বাছখন বীৰ লাচিত সেনাৰ এগৰাকী কর্মীৰ৷ সেয়েহে লাচিত সেনাৰ কর্মীসকল সতীর্থৰ বাছখন উদ্ধাৰ কৰিবলৈ ঘটনাস্থলীলৈ গৈছিল৷ আনহাতে, শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে দুটা দিনৰ পূর্বে গুৱাহাটীত শৃংখল চলিহাক শেহতীয়া বিধানসভা নির্বাচনত বীৰ লাচিত সেনাই পালন কৰা গুৰুত্বপুর্ণ ভূমিকাক একাষাৰে নস্যাৎ কৰিছিল৷ অখিল গগৈয়ে কৈছিল- মই কোনো বীৰ লাচিত সেনাৰ সহযোগিতাৰ বাবে নির্বাচিত হোৱা নাই৷ মই একমাত্র ৰাইজৰ দলৰ কর্মীসকল আৰু নিজৰ জনপ্রিয়তাৰ বাবে বিধায়ক হিচাপে নির্বাচিত হৈছোঁ৷ অখিল গগৈৰ এই মন্তব্যৰ প্রসংগ টানি আনি শৃংখল চলিহাই কয় যে বিগত ’২১ৰ বিধানসভা নির্বাচনৰ ফলাফলৰ পিছৰ পৰা আজি পর্যন্ত অখিল গগৈয়ে এই বাস্তৱ সত্যক স্বীকাৰ কৰিবলৈ সাহস নকৰিলে৷ বীৰ লাচিত সেনাৰ কর্মীক শিৱসাগৰৰ দৰে খিলঞ্জীয়াৰ বসতি স্থানত আন ঠাইৰ পৰা অহা নেতা–কর্মীয়ে ভাবুকি দিয়া, আক্রমণৰ চেষ্টা চলোৱা কার্যক সহজভাৱে লোৱা নহ’ব বুলি স্পষ্ট কৰি দি শৃংখলে ক’লে– ’২৬ত শিৱসাগৰত প্রত্যাহ্বানৰ সন্মুুখীন হ’ব অখিল গগৈ৷ ভণ্ড নেতা, দুমুখীয়া চৰিত্রৰ নেতা তথা নীতি-আদর্শৰ বিৰুদ্ধে যুঁজিবৰ বাবে অহা বিধানসভা নির্বাচনত বীৰ লাচিত সেনাই ৰাজনৈতিক যুদ্ধত নামিব৷ নিজকে আদর্শ সলনি কৰা নেতা নহয় বুলি কোৱা শৃংখল চলিহাই কয় যে মই হাড়ে হিমজুৱে জাতীয়তাবাদী৷ এবাৰ কমিউনিষ্ট, এবাৰ জাতীয়তাবাদী, এবাৰ লাল চালাম দিয়া মই মানুহ নহয়৷ মই জয় আই অসম কোৱা জাতীয়তাবাদী৷ তিনি শতাধিক খিলঞ্জীয়া যুৱকে সংগঠনটোৰ নীতি-আদর্শৰ প্রতি আকৃষ্ট হৈ লাচিত সেনাৰ শপত বাক্য পাঠ কৰা সংগঠনটোৰ সমাৰোহখনত মুখ্য অতিথি হিচাপে অংশগ্রহণ কৰা শৃংখল চলিহাই পুনৰ কয় যে অখিল গগৈ মোৰ প্রেমিকা নহয় যে ইগ’ৰ কথা আহিব৷ বীৰ লাচিত সেনাই সদায়ে যিকোনো প্রত্যাহ্বান হেলাৰঙে ওফৰাই আহিছে আৰু ভৱিষ্যতলৈও ওফৰাই যাব৷
প্ৰেৰক আশ্ৰফুৰ ৰহমান
You might also like