নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বজালীত দেশভক্তি দিৱস উদযাপন

নিয়মীয়া বাৰ্তা, ২৮ জুলাই : বজালী জিলা প্ৰশাসনৰ উদ্যোগত আজি বজালী জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত দেশভক্ত তৰুণৰাম ফুকনৰ ৮৫ সংখ্যক মৃত্যু দিৱস উপলক্ষে দেশভক্তি দিৱস উদযাপন কৰা হয়৷ দিৱস উপলক্ষে ফুকনৰ প্ৰতিকৃতিৰ সন্মুখতত বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান মুকলি কৰে শিক্ষাবিদ মুনীন্দ্ৰ নাৰায়ণ গোস্বামীয়ে৷ ইয়াৰ পাছত জিলা উন্নয়ন আয়ুক্ত আশ্ৰাফুল আমিন, দণ্ডাধীশ গৌৰৱশেখৰ দাস, সমুজ্জ্বলজ্যোতি গগৈ, হিয়া মেধি, লেখক পুলু কুমাৰ শৰ্মা, তুতুল মানৱ সমন্বিতে উপস্থিত সকলোৱে শ্ৰদ্ধাঞ্জলি নিবেদন কৰে৷ দণ্ডাধীশ সমুজ্জ্বলজ্যোতি গগৈৰ সঞ্চালনাত অনুষ্ঠিত সভাত বন্তি প্ৰজ্বলক গোস্বামীয়ে ভাষণত কয় যে তৰুণৰাম ফুকনৰ স্বদেশপ্ৰেম আছিল অতুলনীয়৷ দেশপ্ৰেমক তেওঁ ভক্তিপ্ৰেমলৈ উত্তৰণ ঘটোৱা বাবে আজি জনসমাজত বন্দিত হৈছে৷ অনুষ্ঠানৰ বিশিষ্ট অতিথি পুলু কুমাৰ শৰ্মাই কয় যে তৰুণৰাম ফুকনৰ ত্যাগ, গভীৰ স্বদেশপ্ৰেম আৰু মানৱতাবাদ আছিল জাতীয় জীৱনৰ বাবে অমূল্য সম্পদ৷ সৰ্বকালৰ বাবে সৰ্বগুণী এইগৰাকী পুৰোধা প্ৰাজ্ঞ পুৰুষে তেওঁৰ গৰিমাৰে জাতিটোক, ৰাজ্যখনক বন্দিত আৰু ৰঞ্জিত কৰি থৈ গ’ল। তৰুণৰাম ফুকনৰ ত্যাগ, দেশপ্ৰেম আৰু সাহস সকলোৰে অনুপ্ৰেৰণাৰ উৎস হৈ ৰওক বুলিও শৰ্মাই কয়৷ এই অনুষ্ঠান উপলক্ষে বজালী জিলা প্ৰশাসনে শিক্ষাৰ্থীৰ মাজত আয়োজন কৰা ৰচনা প্ৰতিযোগিতাৰ বঁটাসমূহো বিতৰণ কৰা হয়৷ উল্লেখ্য যে আজিৰ এই মনোজ্ঞ অনুষ্ঠানটোত বিভিন্ন বিদ্যালয়ৰ ভালেসংখ্যক শিক্ষক, অভিভাৱক আৰু শিক্ষাৰ্থীও উপস্থিত থাকে৷ বিদ্যাৰ্থীৰ মাজত ৰচনা প্ৰতিযোগিতাৰ আয়োজন কৰা বাবে জিলা প্ৰশাসনক সকলোৱে ধন্যবাদ জ্ঞাপন কৰে৷

প্ৰেৰক কল্যাণ কলিতা

You might also like