নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জোনাইৰ এগৰাকী আইতাৰ মহানতা

🔹 ধর্মীয় অনুষ্ঠানৰ নামত দান কৰিলে দুবিঘা মাটি
নিয়মীয়া বাৰ্তা, ২৯ জুলাই : প্ৰতিটো ধৰ্মৰ লোকসকলে বিভিন্ন সময়ত ধৰ্মীয় অনুষ্ঠানসমূহলৈ দান-বৰঙণি আগবঢ়াই আহিছে ৷ ইয়াৰ মাজতে এগৰাকী বৃদ্ধ আইতাই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ সমাজলৈ  নিজৰ ঘৰৰ ভেটিৰ দুবিঘা ভূমি আগবঢ়াই এতিয়া চৰ্চাত। আমাৰ দেশখনত ধৰ্মই সদায়ে লাভ কৰি আহিছে বিশেষ গুৰুত্ব ৷ ইয়াৰ মাজতে জোনাইৰ  মিচিংপুৰ গাঁৱৰ কাম্পতী পেগু নামৰ এগৰাকী আইতাৰ মহান পদক্ষেপে চৰ্চা লাভ কৰিছে। সংসাৰৰ সকলো মায়ামোহ ত্যাগ কৰি এইগৰাকী আইতাই তেওঁৰ স্বামী জীয়াই থকা অৱস্থাতে ভূমি দান কৰাৰ পণ লৈছিল। পৰিয়ালৰ সকলো সদস্যৰ উপস্থিতিত দেওবাৰে ৯০ বছৰীয়া আইতা কাম্পতী পেগুৱে  মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ সমাজলৈ আগবঢ়াইছে দুবিঘা ভূমিৰ লগতে চৰকাৰৰ পৰা অনুদান হিচাপে পোৱা নামঘৰ গৃহভাগ। স্বাভাৱিকতে বৃদ্ধাগৰাকীৰ জীৱন যাত্ৰা আৰু তেওঁৰ এনে পদক্ষেপে এতিয়া লাভ কৰিছে বিশেষ চৰ্চা ৷
প্ৰেৰক কৰবী দলে
You might also like