নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বজালীৰ কলিবাৰী থানত বোলবোমলৈ গৈ কালদিয়া নৈত পৰি যুৱকৰ মৃত্যু

নিয়মীয়া বাৰ্তা, ২৯ জুলাইঃ এক দুৰ্ভাগ্যজনক ঘটনাত বজালী জিলাৰ অন্তৰ্গত জালিখাটাত অৱস্থিত এছিয়াৰ ভিতৰতে অন্যতম বৃহৎ আৰু প্ৰাচীন বৃক্ষ হিচাপে পৰিচিত এজোপা প্ৰকাণ্ড বটবৃক্ষৰ তলত অৱস্থিত কলিবাৰী থানত শিৱক আৰাধনা কৰিবলৈ আহি আজি এগৰাকী ভক্ত যুৱকৰ সলিল সমাধি ঘটা খবৰে সকলোকে মৰ্মাহত কৰিছে৷ উল্লেখ্য যে পবিত্ৰ শাওন মাহৰ দ্বিতীয় সোমবাৰ হিচাপে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ শিৱ মন্দিৰসমূহৰ দৰে জালিখাটাৰ কলিবাৰী থানতো পুৱতি নিশাৰে পৰা ভক্তৰ সোত বয়৷ থানখনত পূজা কৰিবলৈ পানী সংগ্ৰহৰ বাবে কালিবাৰী মন্দিৰৰ সমীপস্থ কালদিয়া নদীত ব’ল বম ভক্তৰ আজি পুৱতিনিশাৰে পৰা বিপুল ভিৰ সমবেত হয়৷ জানিব পৰা অনুসৰি এই ভিৰৰত মাজতে কালদিয়া নদীত পানী সংগ্ৰহ কৰি থকা অৱস্থাত ব’ল বম ভক্ত এজন দুৰ্ভাগ্যজনকভাৱে পানীত বুৰ যায়৷ আৰু বহু সময়ধৰি নিখোজ হৈ পৰে৷ এই ঘটনাৰ খবৰ লাভ কৰাৰ পিছতে SDRFৰ জোৱানে ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হয়৷ আৰু যুৱকজনৰ সন্ধান আৰম্ভ কৰে যদিও দুৰ্ভাগ্যজনকভাৱে তেওঁৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ ব’ল বমৰ জৰিয়তে শিৱক আৰাধনা কৰিবলৈ আহি সলিল সমাধি ঘটা যুৱকজন টিহু নিবাসী সৌৰভ ভাগৱতী (২৫) বুলি জানিব পৰা গৈছে। খবৰ অনুসৰি টিহুৰ সুশীল ভাগৱতীৰ পুত্ৰ সৌৰভে শেহতীয়াকৈ আমেৰিকাত নৌসেনাত চাকৰি লাভ কৰিছিল আৰু  ভিছা আৰু পাছপ’ৰ্টৰ কামৰ বাবে তেওঁ ঘৰলৈ আহিছিল৷ এই ঘটনাই সমগ্ৰ অঞ্চলতে শোকৰ ছাঁ পেলাইছে৷

প্ৰেৰক কল্য়াণ কলিতা

You might also like