নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটীৰ ৰূপনগৰৰ মুক্তিযুঁজাৰু পথত ড্রাগ্ছ–সুৰাৰ আড্ডা

নিয়মীয়া বাৰ্তা ডিজিটেল, ১ আগষ্টঃ মহানগৰীৰ ২৯নং ৱার্ডৰ অন্তর্গত ৰূপনগৰৰ মুক্তিযুঁজাৰু পথত দীর্ঘদিন ধৰি ষ্ট্রীট লাইট নথকাৰ সুযোগ লৈ একাংশ নিচাগ্রস্ত যুৱকে মটৰচাইকেলেৰে আহি সুৰা-ড্রাগ্ছৰ আড্ডা পাতিছে৷ আৰক্ষীৰে গিজগিজাই থকা তথা মুখ্যমন্ত্রীৰ তদাৰকী শাখাৰ অধীক্ষকৰ কার্যালয়ৰ সন্মুখতে অবাধে চলি আছে মদ-ড্রাগ্ছৰ আড্ডা৷ সন্ধিয়া নামি অহাৰ লগে লগে মটৰচাইকেলেৰে একাংশ যুৱকে ভিৰ কৰে উপপথটোত৷ উক্ত উপপথটোত গুৱাহাটী পৌৰ নিগমৰ কোনো অনুজ্ঞাপত্র নোলোৱাকৈ একাংশ লোকে জধেমধে চাহ, তামোল আদিৰ দোকান দিয়াৰ অভিযোগ উত্থাপন কৰে একাংশ স্থানীয় সচেতন লোকে৷ সন্ধিয়ালৈ খোলা ৰখা দোকানবোৰত বিভিন্ন ঠাইৰ পৰা বিভিন্ন লোক আহি যথেষ্ট ভিৰ কৰে৷ আনহাতে, সন্ধিয়া নামি অহাৰ লগে লগে এই দোকানবোৰে সুৰাৰ যোগান ধৰি অঞ্চলটোৰ পৰিৱেশ বিনষ্ট কৰাৰ অভিযোগ উত্থাপন কৰে একাংশ স্থানীয় ৰাইজে৷ তদুপৰি এই দোকানসমূহৰ সন্মুখতে থকা একমাত্র উপাসনাৰ স্থলী নামঘৰটোৰ দুৱাৰ খুলি একাংশ সুৰামত্ত যুৱকে সুৰাপানৰ লগতে নানা নিচাজাতীয় সামগ্রী সেৱন কৰি পৰিৱেশ বিনষ্ট কৰাৰ অভিযোগ উত্থাপন কৰে স্থানীয় ৰাইজে৷ উল্লেখ্য যে এই উপপথটোতে থকা মুখ্যমন্ত্রীৰ তদাৰকী শাখাৰ অধীক্ষকৰ কার্যালয়ৰ সন্মুখতে অবাধে চলি আছে মদ-ড্রাগ্ছৰ আড্ডা৷ আৰক্ষী–প্রশাসনে আজিপর্যন্ত কোনো ধৰণৰ পদক্ষেপ গ্রহণ নকৰাৰ অভিযোগ উত্থাপন কৰে স্থানীয় ৰাইজে৷ মন কৰিবলগীয়া যে এই উপপথটো অত্যন্ত ব্যস্ত হোৱাৰ লগতে এই উপপথতে বহু গণ্যমান্য ব্যক্তিয়ে বিগত ৬০-৭০ বছৰ ধৰি বসবাস কৰাৰ লগতে মুক্তিযুঁজাৰু ভৱন, অসম বেদ বিদ্যালয়, প্রজাপিতা ব্রহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়, ৰাষ্ট্রভাষা প্রচাৰ সমিতি, চাহ আৰু প্রাক্তন চাহ সঞ্চালকালয়ৰ কার্যালয়ৰ লগতে বিভিন্ন অনুষ্ঠান-প্রতিষ্ঠান আছে৷ উল্লেখ্য যে অসম ৰাজ্যিক পৰিবহণ নিগমৰ একাংশ চালক-পৰিচালকে নিগমৰ ৱর্কশ্বপৰ পৰা ওলাই আহি নিশা প্রায় ৯.৩০ বজাৰ পৰা সুৰাৰ আড্ডা আৰম্ভ কৰাৰ ফলত নিশা এই উপপথেৰে যাতায়াত কৰোঁতে অসুৰক্ষিত হ’বলগীয়া হোৱাৰ অভিযোগ উত্থাপন হৈছে৷ উল্লেখ্য যে মহানগৰীৰ পথৰ য’তে–ত’তে ব্যৱসায় কৰিব নোৱাৰিব বুলি অলপতে গুৱাহাটী পৌৰ নিগমে ঘোষণা কৰিছিল৷ লগতে জি এম চিৰ নির্ধাৰিত ৮১টা ভেণ্ডিং জ’নতহে ব্যৱসায় কৰিব পাৰিব বুলি ঘোষণা কৰিছিল৷ সেইদৰে বিদ্যালয়, মন্দিৰ, নামঘৰ, ক্লাব আদিৰ সন্মুখত পদপথত ব্যৱসায় কৰিব নোৱাৰিব বুলি নিগমৰ মেয়ৰ মৃগেন শৰণীয়াই ঘোষণা কৰিছিল৷ সেয়েহে মুক্তিযুঁজাৰু পথত ন’ ভেণ্ডিং ফলক আঁৰি দিবলৈ গুৱাহাটী পৌৰ নিগমক আহ্বান জনাহছে স্থানীয় বাসিন্দাসকলে৷ তদুপৰি পথছোৱাত নিশা আৰক্ষীৰ টহলৰ ব্যৱস্থা কৰিবলৈ দাবী জনাইছে অঞ্চলটোৰ বাসিন্দাই৷

You might also like