নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বজালীত অমৃত বৃক্ষ আন্দোলনৰ শুভাৰম্ভণি

নিয়মীয়া বাৰ্তা, ১ আগষ্ট : বজালী জিলা প্ৰশাসনৰ উদ্যোগত আজি জিলা আয়ুক্ত কাৰ্যালয়ৰ চৌহদত ২০২৪ বৰ্ষৰ অমৃত বৃক্ষ আন্দোলনৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভণি কৰা হয়৷ ভৱানীপুৰ বিধানসভা সমষ্টিৰ বিধায়ক ফণীধৰ তালুকদাৰে এটি গছপুলি ৰোপণ কৰি অমৃত বৃক্ষ আন্দোলনৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰি কয় যে গছপুলি পৰ্যাপ্ত ৰোপণ কৰিলেহে পৃথিৱীৰ ভাৰসাম্য অটুট থাকিব আৰু জীৱকুল তীব্ৰ উষ্ণতাৰ পৰা ৰক্ষা পৰিব৷ সাম্প্ৰতিক সময়ত উষ্ণতাৰ দহন যে বৃদ্ধি হৈছে সেয়াও গছ-গছনিৰ পৰিমাণ কমি যোৱাৰ বাবেই হোৱা বুলি তালুকদাৰে সদৰী কৰে৷ আজিৰ অনুষ্ঠানত জিলা আয়ুক্ত মৃদুল কুমাৰ দাস, জিলা উন্নয়ন আয়ুক্ত ডাঃ আশ্ৰাফুল আমিন, অতিৰিক্ত জিলা আয়ুক্ত প্ৰাঞ্জল প্ৰতিম কোঁৱৰ, পল্লৱী গগৈ, দণ্ডাধীশ গৌৰৱশেখৰ দাস, সমুজ্জ্বলজ্যোতি গগৈ, হিয়া মেধি আৰু কাৰ্যালয়ৰ বিষয়া-কৰ্মচাৰীৰ উপৰি পৰিৱেশবিদ তথা গ্ৰীন মিছন বজালীৰ সঞ্চালক আনন্দ খাটনিয়াৰৰ লগতে মুক্তিযুঁজাৰু সন্থাৰ সম্পাদক ৰোহিণী শৰ্মা দলৈও উপস্থিত থাকে৷ উল্লেখ্য যে জিলা আয়ুক্ত দাসে সকলো শ্ৰেণীৰ জনসাধাৰণকে অমৃত বৃক্ষ আন্দোলনত সক্ৰিয়তাৰে সহযোগ আগবঢ়াবলৈ আহান জনাইছে৷

প্ৰেৰক কল্যাণ কলিতা

You might also like