নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰ্ণাঢ্য কাৰ্যসূচীৰে আজমল ফাউণ্ডেচনৰ বিংশতম প্ৰতিষ্ঠা দিৱস পালন

নিয়মীয়া বাৰ্তা, ১ আগষ্ট : উত্তৰ পূৱৰ ISO প্ৰমাণপত্ৰ প্ৰাপক স্বেচ্ছাসেৱী সংস্থা আজমল ফাউণ্ডেচনৰ বিংশতম প্ৰতিষ্ঠা দিৱস কালি উদযাপন কৰা হয়৷ আজমল ফাউণ্ডেচনৰ বিংশতম প্ৰতিষ্ঠা দিৱস উপলক্ষে হোজাইৰ গোপাল নগৰস্থিত আজমল মৰ্ডাণ ৰেচিডেন্সিয়েল স্কুলত মুখ্য অতিথি হিচাপে আজমল ফাউণ্ডেচনৰ ন্যাসৰক্ষী বদৰুদ্দিন আজমল, মুখ্য ন্যাসৰক্ষী ছিৰাজুদ্দিন আজমল, হোজাই সমষ্টিৰ বিধায়ক ৰামকৃষ্ণ ঘোষ, হোজাই জিলাৰ উপায়ুক্ত লাচিত কুমাৰ দাস, জ্যেষ্ঠ সাংবাদিক মৃণাল তালুকদাৰৰ উপস্থিতিত বৰ্ণাঢ্য কাৰ্যসূচীৰে যোৱানিশা আজমল ফাউণ্ডেচনৰ প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়। প্ৰতিষ্ঠা দিৱসৰ উক্ত অনুষ্ঠানত “আজমল টুডে”নামৰ এখনি বিশেষ গ্ৰন্থ উন্মোচন কৰা হয়, উন্মোচন কৰে জ্যেষ্ঠ সাংবাদিক মৃণাল তালুকদাৰে। ২০তম প্ৰতিষ্ঠা দিৱস উদযাপনত উপস্থিত থকা সমূহ শিক্ষাৰ্থী প্ৰমুখ্যে আজমল ফাউণ্ডেচনৰ দ্বাৰা পৰিচালিত সমূহ বিদ্যালয়, মহাবিদ্যালয়, আজমল আই.এ.এছ একাডেমী, আজমল ছুপাৰ ৪০কে ধৰি আন আন বিভাগত থকা সমূহ বিষয়ববীয়াসকলৰ লগতে আজমল প্ৰতিষ্ঠানসমূহত অধ্যয়ন কৰা হাজাৰ শিক্ষাৰ্থীক আন্তৰিক অভিনন্দন জ্ঞাপন কৰে আজমল ফাউণ্ডেচনৰ ন্যাসৰক্ষী বদৰুদ্দিন আজমল আৰু মুখ্য ন্যাসৰক্ষী ছিৰাজুদ্দিন আজমলে। লগতে উপস্থিত থকা সমূহ অভিভাৱক, শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী সকলোকে শপত কৰোৱায় যে সকলোৱে কম হ’লেও এজন শিক্ষাৰ্থীৰ দায়িত্ব লৈ উচ্চ শিক্ষাৰে শিক্ষিত কৰা।

প্ৰেৰক কিশলয় ডি গোস্বামী

You might also like