বিশেষ বাৰ্তা, ১ আগষ্ট : কলেজীয়া জীৱন সকলোৰে বাবে বিশেষ আৰু স্মৰণীয়। এই স্মৰণীয় শৈক্ষিক জীৱনৰ আৰম্ভণিতেই আজি অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ কাৰ্যকৰ্তাসকলে নিজৰ নিজৰ মহাবিদ্যালয়ত নৱাগত ছাত্ৰ-ছাত্ৰীসকলক আদৰণি জনায়। উচ্চ শিক্ষাৰ জীৱনৰ সকলোতকৈ বিশেষ দিনটোত প্ৰতিখন কলেজত বিদ্যাৰ্থী পৰিষদৰ কাৰ্যকৰ্তাই নৱাগত ছাত্ৰ-ছাত্ৰীসকলক ফুল, তিলক, বিভিন্ন উপহাৰ আদিৰে আদৰা কাৰ্যই ছাত্ৰ-ছাত্ৰীসকলৰ মাজত সু-সম্পৰ্কৰ ভাবৰ জন্ম দিয়ে আৰু নতুনকৈ কলেজীয়া জীৱনৰ আৰম্ভণি কৰা ছাত্ৰ-ছাত্ৰীসকলকো জ্যেষ্ঠজনৰ পৰা পোৱা এই আদৰে নতুন জীৱনটোৰ বাবে উৎসাহিত কৰে। আজি অসমৰ প্ৰায় সকলো জিলাৰে প্ৰমূখ মহাবিদ্যালয়ৰ কেম্পাছসমূহত নৱাগতসকলক আদৰণি জনোৱা হয়।ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়, গুৱাহাটী মহাবিদ্যালয়, আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়, তিনিচুকীয়া বাণিজ্য মহাবিদ্যালয়, লামডিং মহাবিদ্যালয়, ছিপাঝাৰ মহাবিদ্যালয়, কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া মহাবিদ্যালয়, ৱেষ্ট গুৱাহাটী বাণিজ্য মহাবিদ্যালয়, পাণ্ডু মহাবিদ্যালয়, প্ৰাগজ্যোতিষ মহাবিদ্যালয়, জাগীৰোড মহাবিদ্যালয়, কে চি দাস কমাৰ্চ কলেজ, ভোলানাথ মহাবিদ্যালয়, নলবাৰী মহাবিদ্যালয়, ধমধমা মহাবিদ্যালয়, বিশ্বনাথ মহাবিদ্যালয়, দৰং মহাবিদ্যালয়, তেজপুৰ মহাবিদ্যালয়কে আদি কৰি বিভিন্ন মহাবিদ্যালয়ত বিদ্যাৰ্থী পৰিষদৰ কাৰ্যকৰ্তাসকলে নৱাগত ছাত্ৰ-ছাত্ৰীসকলক নিজৰ নিজৰ মহাবিদ্যালয়লৈ আদৰণি জনায়। নৱাগত ছাত্ৰ-ছাত্ৰীসকলক নিজৰ কলেজীয়া জীৱনৰ আৰম্ভণিতে শুভেচ্ছা প্ৰদান কৰি আজি এবিভিপিৰ ৰাজ্যিক সম্পাদক হেৰল্ড মহনে কয় যে উচ্চ শিক্ষাৰ এক সপোন বুকুত বান্ধি অসমৰ বিভিন্ন মহাবিদ্যালয়ৰ কেম্পাছত প্ৰৱেশ কৰা প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীৰ মনৰ আশাই সেই মহাবিদ্যালয়ৰ কেম্পাছটিতেই পূৰ্ণতা লাভ কৰক। ইয়াৰ লগতে সম্পাদকগৰাকীয়ে ছাত্ৰ-ছাত্ৰীসকলক ভৱিষ্যতে নিজৰ নিজৰ মহাবিদ্যালয়, সমাজ আৰু দেশখনৰ হকে কাম কৰি যাবলৈও আহ্বান জনায়।