নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১৩ আন্তর্জাতিক ফুটবল খেলপথাৰৰ সমান ভূমিস্খলন ৱায়ানাড়ত

🔹 ইছৰোৰ উপগ্রহ ছবিত শিহৰণকাৰী তথ্য : চাৰিখন গাঁও সম্পূর্ণৰূপে বিধ্বস্ত

বিশেষ বাৰ্তা, ১ আগষ্ট : কেৰালাৰ ৱায়ানাড়ৰ ভয়াৱহ ভূমিস্খলনৰ ঘটনাত ইতিমধ্যে আঢ়ৈশৰো অধিক লোকে প্রাণ হেৰুৱাইছে৷ এতিয়াও সন্ধানহীন হৈ আছে প্রায় দুশগৰাকী লোক৷ এই ভূমিস্খলনৰ ঘটনাৰ পিছতে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ‘ইছৰো’ৰ উপগ্রহ চিত্রত এই ভয়ংকৰ প্রাকৃতিক দুর্যোগৰ তথ্য পোহৰলৈ আহিছে৷ ৱায়ানাড়ৰ ৮৬,০০০ বর্গমিটাৰ অঞ্চলৰ পৰা পাহাৰ খহি তললৈ নামি আহে শিল আৰু ভূমি৷ এই স্খলন হোৱা ভূখণ্ড ১৩খন আন্তর্জাতিক ফুটবল খেলপথাৰৰ সমান বুলি ইছৰোৰ তৰফৰ পৰা দাবী কৰা হৈছে৷ আজি ৱায়ানাড়ৰ ভূমিস্খলনৰ উপগ্রহ চিত্র প্রকাশ কৰিছে ইছৰোৱে৷ এই উপগ্রহ চিত্রতেই ধৰা পৰিছে কিমান অঞ্চলজুৰি পাহাৰত ভূমিস্খলন হৈছিল৷ এই ভূমিস্খলনৰ ফলত নিশাৰ ভিতৰতে নিশ্চিহ্ণ হৈ যায় ৱায়ানাড়ৰ চাৰিখন পাহাৰীয়া গাঁও চুৰালমালা, মুন্দাকাই, অট্টামালা আৰু নুলপুঝা৷ কালি ৰিছাট–২বি উপগ্রহৰ জৰিয়তে ৱায়ানাড়ৰ ভূমিস্খলনৰ এখন ছবি বিশ্লেষণ কৰা হয়৷ এই বিশ্লেষণত কোৱা হয় যে ভূমিস্খলনৰ ফলত বোকা-মাটি, বৃহৎ বৃহৎ শিল, গছ পাহাৰৰ নামনিলৈ খহি আহে৷ এই ভূমিস্খলনে ৮ কিলোমিটাৰ দূৰত্ব অতিক্রম কৰিছিল৷ ইয়াৰ পিছত চালিয়াৰ নদীৰ এটা উপনৈত গৈ এই শিল, বোকা-মাটি ক্ষয় যায়৷ সেই ভূমিস্খলন ইমান দ্রুতগতিত সংঘটিত হৈছিল যে ৮ কিলোমিটাৰ পথৰ ভিতৰত সন্মুখত যি যি পৰিছে, সকলো নিশ্চিহ্ণ হৈ গৈছে৷ ভূমিস্খলনৰ গতিপথেই আছিল ৱায়ানাড়ৰ চাৰিখন গাঁও৷ ফলত গাঁওবোৰ নিশ্চিহ্ণ হৈ গৈছে৷ বিপুল পৰিমাণৰ বোকামাটিয়ে ধ্বংস কৰিছে বাসগৃহবোৰ৷ ইয়াৰ ফলত মৃতকৰ সংখ্যা বৃদ্ধি পাই আছে৷ সমুদ্রপৃষ্ঠৰ পৰা ১৫০০ মিটাৰ উচ্চতাত সংঘটিত হয় এই ভূমিস্খলন৷ ভূমিস্খলন যিমানেই বসতি অঞ্চললৈ আগবাঢ়িছে, সিমানে হঠাতে অহা বানৰ সোঁত অধিক শক্তিশালী হৈছে৷ স্থানীয় সূত্রই সদৰী কৰা অনুসৰি, ৪৮ ঘণ্টাত ৫৭০ মিলিমিটাৰ বৰষুণ হৈছিল ৱায়ানাড়ত৷ যাৰ ফলত এই ভূমিস্খলনে বিভীষিকাৰ ৰূপ ধাৰণ কৰে৷

You might also like