নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিৱসাগৰত অবৈধ দেশী-বিদেশী সুৰাৰ ৰমৰমীয়া বেহা

নিয়মীয়া বাৰ্তা, ২ আগষ্টঃ শিৱসাগৰ চহৰ আৰু ইয়াৰ দাতিকাষৰীয়া অঞ্চলত ভয়ংকৰভাৱে গঢ়ি উঠা অবৈধ দেশী-বিদেশী সুৰাৰ ঘাটীসমূহে নতুন প্ৰজন্মটোক তিল তিলকৈ ধংসৰ মুখলৈ ঠেলি নিয়াৰ সময়তেই এইবাৰ চলিল জয়সাগৰ আৰক্ষীৰ অভিযান৷ দীৰ্ঘ সময়ধৰি বৃহত্তৰ মগৰাহাট অঞ্চলটোত সামাজিক পৰিৱেশ বিনষ্ট কৰি অহা কুখ্যাত সুৰা মাফিয়া নীলোৎপল বৰাৰ সুৰাৰ ঘাটীত চলিল অভিযান৷ জয়সাগৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া মনোৰঞ্জন ৰাজখোৱাৰ নেতৃত্বত যোৱানিশা চলোৱা অভিযানকালত উক্ত সুৰাৰ ঘাটীটোৰ পৰা বৃহত পৰিমাণৰ অৱৈধ দেশী- বিদেশী সুৰা জব্দ কৰিবলৈ সক্ষম হয় ৷অভিযানকাৰী আৰক্ষীৰ দলটোৱে নীলোৎপল বৰাৰ অবৈধ ঘাটীটোৰ পৰা প্ৰায় বিশ লিটাৰ চুলাইৰ লগতে বৃহত পৰিমাণৰ বিলাতী সুৰাৰ বটল জব্দ কৰিবলৈ সক্ষম হয় ৷ জব্দকৃত সুৰাসমুহ নীলোৎপল বৰাৰ অবৈধ সুৰাৰ ঘাটীৰ পৰা বিভিন্ন সৰু সৰু ঘাটীলৈ প্ৰেৰণ কৰিবৰ বাবে সাজু কৰি ৰাখিছিল বুলি জানিব পৰা গৈছে ৷ ইতিমধ্যে শিৱসাগৰ জিলা আবকাৰী বিভাগে নিজাকৈ এটা গোচৰ পঞ্জীয়ন কৰি সুৰাসমুহ চমজি লৈছে ৷ উল্লেখ্য যে শিৱসাগৰ জিলাখনত ভয়ংকৰ ৰূপত অৱৈধ সুৰাৰ বেহা বৃদ্ধি পোৱাৰ ঘটনা অত্যন্ত চিন্তাৰ কাৰক হৈ পৰিছে৷ জিলাখনৰ বিভিন্ন তিনিআলি, চাৰিআলিত ৰঘুমলাৰ দৰে বৃদ্ধি পাবলৈ ধৰা অৱৈধ সুৰাৰ ঘাটীৰ পৰা দুপৰ নিশা সুৰাপান কৰি বাইক চলাই অহা বহু কেইজন উদীয়মান যুৱকে অকালতে পথ দুৰ্ঘটনাত কৰুণ ভাৱে মৃত্যুৰ মুখত পৰিছে ৷ ইয়াৰোপৰি অৱৈধ সুৰাৰ ঘাটীৰ পৰা সুৰাপান কৰি বাইক, গাড়ী তীব্ৰ বেগত চলাই নিয়ন্ত্ৰণ হেৰুৱাৰ ফলত নিৰীহৰ মৃত্যু হোৱাতো এক সাধাৰণ ঘটনাত পৰিণত হৈছে ৷শিৱসাগৰ চহৰত আৰু দাতিকাষৰীয়া অঞ্চলত সংগোপনে গঢ়ি উঠা কেইটামান সুৰা মাফিয়াই পাইকাৰী হাৰত গ্ৰাম্য অঞ্চলত গঢ়ি উঠা সুৰাৰ ঘাটীসমুহলৈ নিয়মিত দেশী-বিদেশী সুৰা যোগান ধৰি অহাৰ তথ্যও পোহৰলৈ আহিছে ৷অভিযোগ অনুসৰি মেটেকা, ৰাংচলীয়া গাও, জয়সাগৰ কলেজ চাৰিআলি, জয়সাগৰস্থিত অসামৰিক চিকিৎসালয় চৌহদ, ভটীয়াপাৰ, মগৰাহাট, ৰাষ্ট্ৰীয় ঘাই পথৰ কাষৰ অধিকাংশ লাইন হোটেল, ধাবা, বগীদ’ল পাঁচআলি, বৰ আলি কিনাৰ আদিকে ধৰি বৃহত্তৰ জয়সাগৰ অঞ্চলত নিয়মিত অৱৈধ সুৰাৰ ৰমৰমীয়া বেহা চলি আছে ৷আন নালাগে গ্ৰাম্য সুৰাৰ বিপনীৰ অনুজ্ঞাপত্ৰ লৈ দেশীয় সুৰাৰ ৰমৰমীয়া বেহা চলাই থকাৰ স্পষ্ট অভিযোগ লাভ কৰাৰ পিছতো কিয় জিলা আৱকাৰী বিভাগে সুৰাৰ ঘাটী উচ্ছেদ, অৱৈধ বেহা চলোৱা গ্ৰাম্য সুৰাৰ বিপণীৰ অনপজ্ঞাপত্ৰ বাতিল কৰা নাই সেইয়াহে লাখ টকীয়া প্ৰশ্ন হিচাবে বিবেচিত হৈছে ৷

প্ৰেৰক আশ্ৰফুৰ ৰহমান

You might also like