নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অবৈধ ধন সংগ্ৰহ : গোলকগঞ্জৰ আৰক্ষী জোৱানক আটক ধুবুৰী আৰক্ষীৰ

নিয়মীয়া বাৰ্তা,  ২ আগষ্টঃ অৱশেষত ধুবুৰী আৰক্ষীয়ে অৰুণোদয় আঁচনিৰ নামত ধন সংগ্ৰহ কৰা প্ৰৱঞ্চক তথা গোলকগঞ্জ থানাৰ আৰক্ষী জোৱানক আটক কৰে। উক্ত ঘটনাই গোলকগঞ্জ আৰক্ষীয়ে তৃতীয়বাৰৰ বাবে অসম আৰক্ষীৰ নাক কাটিলে। উল্লেখ যে গোলকগঞ্জ আৰক্ষী থানাৰ ৰাকীবুল ইছলাম নামৰ জোৱানজনে ধুবুৰীৰ ঝাগৰাৰ পাৰত থকা প্ৰথমা পত্নীৰ ঘৰত থাকি কিছুদিন পূর্বে অঞ্চলটোৰ বিভিন্ন এলেকাৰ মহিলাক অসম চৰকাৰৰ অৰুণোদয় আঁচনিৰ অন্তৰ্ভুক্ত কৰি দিব বুলি অবৈধভাৱে ধন সংগ্ৰহ কৰিছিল। কিন্তু ইছলামে নিজকে বিজেপি নেতা বুলি ভুৱা পৰিচয় দি ধন সংগ্ৰহ কৰিছিল যদিও কোনো এগৰাকী মহিলাক আঁচনিটোত অন্তৰ্ভুক্ত কৰিব নোৱাৰি আত্মগোপন কৰে। তেওঁ আত্মগোপন কৰাত মহিলাসকলে তেওঁৰ পত্নীৰ ওচৰত টকা বিচাৰে। কিন্তু পত্নীয়ে মহিলাসকলক টকা দিব নোৱাৰি স্বামীৰ ঠিকনা প্ৰদান কৰে। পিছত মহিলাসকলে ইছলাম বিচাৰি গোলকগঞ্জ থানাত উপস্থিত হয়। তাতে আৰক্ষী তথা প্ৰবঞ্চক ইছলামক দেখা পোৱাত ইছলামে আঁচনি বা টকা ঘূৰাই দিয়াতো দূৰৰ কথা ওলোটাই মহিলাসকলক অভব্য আচৰণ কৰে। উপায়হীন হৈ মহিলাসকলে ধুবুৰী সদৰ থানাত ইছলামৰ বিৰুদ্ধে অভিযোগ দিয়ে। উক্ত অভিযোগৰ ভিত্তিত যোৱানিশা ধুবুৰী আৰক্ষীয়ে ইছলামক আটক কৰি তদন্ত চলাইছে। উল্লেখ যে ইয়াৰ পূৰ্বে থানাৰ পৰা ফেঞ্চিডাইল চুৰি কৰি চাৰিগৰাকী জোৱান গ্ৰেপ্তাৰ হোৱাৰ লগতে এগৰাকী নাবালিকা ধৰ্ষণকাৰীক ধনৰ বিনিময়ত পলাবলৈ সুযোগ কৰি বাতৰিৰ শিৰোনাম দখল কৰিছিল।
প্ৰেৰক শ্যামল ৰয়
You might also like