নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নৰ্থ ইষ্ট কেঞ্চাৰ হাস্পতালত ডিজিটেল মেম’গ্ৰাফী মেচিন উদ্বোধন মৃণালিনী দেৱীৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ২ আগষ্টঃ যোৰাবাটস্থিত নৰ্থ ইষ্ট কেন্সাৰ হাস্পতালত আজি কেঞ্চাৰ ৰোগীৰ বাবে এটি অত্যাধুনিক ডিজিটেল মেম’গ্ৰাফী মেচিন উদ্বোধন কৰে অসম সাহিত্য সভাৰ প্ৰাক্তন উপ-সভাপতি মৃণালিনী দেৱীয়ে৷ উদ্বোধনী ভাষনত তেওঁ কয় যে কেঞ্চাৰ হাস্পতালখনে অত্যাধুনিক মেমগ্ৰাফী মেচিন মুকলি কৰি বিশেষকৈ মহিলা কেঞ্চাৰ ৰোগীসকলৰ বাবে মহান কাম কৰিছে৷ আমি আনন্দিত আৰু গৌৰৱান্বিত হৈছো৷ সমাজৰ বহু দুখীয়া মহিলাই কেঞ্চাৰ ৰোগ দেখুৱাবৰ বাবে বাহিৰলৈ যাব নোৱাৰে৷ তেনেক্ষেত্ৰত এই হস্পিতালে এনে মেচিনৰ সুবিধা কৰাৰ বাবে বহু ৰোগী উপকৃত হব৷ এই ৰোগ যদিও দুৰাৰোগ্য কোৱা হয় কিন্তু আজিৰ দিনত কেঞ্চাৰ ৰোগ মানে দুৰাৰোগ্য হৈ থকা নাই ৷ এই ৰোগীক সুস্হ্য কৰাৰো উপায় ওলাইছে৷ আমাৰ দেশ দুখীয়া নহয়৷ আমাৰ দেশ পুণ্য ভূমি৷ এই দেশত ধনী দুখীয়া সকলো আছে৷ দুখীয়া লোকৰ বাবে ভাৰত এখন অমৃতপুণ্য ভূমি৷ দুখীয়া লোকক আমাৰ দেশে চহকী কৰিছে ৷ দামী মেচিনেৰে দুখীয়া লোকৰ লগতে হাস্পতালসমূহক চহকী কৰিছে৷ চিকিৎসক, নাৰ্চসকলক আমি অনুৰোধ কৰিছো তেওঁলোকে যাতে এই মানৱ সেৱা প্ৰধান  সেৱা হিচাপে লৈ আগবাঢ়ি যায় তাৰ বাবে অনুৰোধ কৰিছো৷ আমাৰ চৰকাৰ সজাগ আছে তাৰ লগতে জনতাও সজাগ আছে৷ জনতাই ভাল কাম কৰিবলৈ বা চৰকাৰক ভাল কামত লগাবলৈ আমি বাধ্য কৰাব লাগে৷ আৰু চৰকাৰৰ সুবিধাসমূহ আদায় কৰিবলৈ আমি চেষ্টা কৰিব লাগে বুলিও মৃণালিনী দেৱীয়ে কয়৷ ইপিনে প্ৰতিষ্ঠানখনৰ অধ্যক্ষ গণেশ তামুলীয়ে কয় যে কেঞ্চাৰ মানে মৃত্যু নহয় ৷ ইয়াৰ উপযুক্ত চিকিৎসা আছে ৷ এই ৰোগ হোৱাৰ লগে লগে চিকিৎসা কৰিলে সুস্হ্য হৈ থাকিব পাৰি ৷ নৰ্থ ইষ্ট কেন্সাৰ হাস্পতালে এই ৰোগৰ ক্ষেত্ৰত বহু অত্যাধুনিক মেচিন আনি বহু ৰোগীক নিৰাময় কৰা হৈছে বুলিও উল্লেখ কৰে ৷ ইপিনে হাস্পতালখনৰ সঞ্চালক ডা: ৰাজ চাংকাকতিয়েও কেঞ্চাৰ ৰোগৰ ওপৰত বহু গুৰুত্ব পূৰ্ন ভাষণ প্ৰদান কৰে৷ পদ্মশ্ৰী বঁটাপ্ৰাপ্ত ডঃ ইলিয়াছ আলিয়েও ভাষণত কয় যে কেঞ্চাৰ হলে ভয় খোৱাৰ কোনো কাৰণ নাই ৷ এই ৰোগ হোৱাৰ লগে লগে চিকিৎসকৰ সহায় ললে ভাল পাব পাৰি৷ মেমগ্ৰাফী এই ডিজিটেল  অত্যাধুনিক মেচিনৰ জৰিয়তে বিশেষকৈ স্তন কেন্সাৰ হোৱা মহিলাসকল উপকৃত হব ৷ বছৰত এবাৰ মহিলাসকলে এই মেচিনৰ জৰিয়তে স্তন কেঞ্চাৰ হোৱা বা নোহোৱা পৰীক্ষা কৰিলে সাধাৰন মানুহক নিছিনাকৈ জীয়াই থাকিব পাৰি বুলিও ইলিয়াচ আলিয়ে ভাষনত কয়৷ অনুষ্ঠানত জনপ্ৰিয় অভিনেত্ৰী নিকুমণি বৰুৱাৰ লগতে কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷ উল্লেখ্য যে সভাৰ আৰম্ভনি পূৰ্বে অতিথিসকলক ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয়৷

You might also like