নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গোলাঘাটৰ হোটেলত বিজেপি কৰ্মীৰে গোপন বৈঠক ৰাজেন গোহাঁইৰ 

বিশেষ বাৰ্তা, ২ আগষ্টঃ বিজেপিৰ জ্যেষ্ঠ নেতা অশোক শৰ্মাই গেৰুৱা দলৰ বিৰুদ্ধে চৰম বিষোদগাৰ প্ৰকাশ কৰি দল ত্যাগ কৰাৰ বিষয়টোৱে তুমুল চৰ্চা লাভ কৰাৰ সময়তে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা ৰাজেন গোহাঁয়ে উজনি অসম ভ্ৰমণ কৰি বিজেপিৰ ক্ষোভিত নেতা-কৰ্মীৰে আলোচনাত মিলিত হোৱাৰ কথাই ৰাজনৈতিক মহলত ইতিমধ্যে বিশেষ চৰ্চা লাভ কৰিছে । এনে সময়তে আজি গোলাঘাট নগৰৰ মাজমজিয়াৰ হোটেল ‘প্ৰশান্তি ল’জ’ত বিজেপিৰ জ্যেষ্ঠ নেতা ৰাজেন গোহাঁয়ে অতি গোপনে দলৰ একাংশ নেতা, কৰ্মীৰ লগত অতি গোপনে মিলিত হোৱাৰ বিষয়টোয়ে বিশেষ তাৎপৰ্য বহন কৰিছে ।‌ উল্লেখ্য যে উজনি অসমৰ তিনিচুকীয়াকে ধৰি কেইবাখনো জিলাৰ গেৰুৱা দলটোৰ বিদ্ৰোহী নেতা-কৰ্মীৰ লগত তেওঁ আলোচনাত মিলিত হোৱাৰ পাছত আজি দুপৰীয়া গোলাঘাট নগৰৰ হোটেলত এনেদৰে অতি সংগোপনে বৈঠকত মিলিত হয়। একাংশ সাংবাদিকে বিষয়টো জানিব পাৰি উক্ত স্থানত উপস্থিত হোৱাৰ লগে-লগে ততাতৈয়াকৈ বৈঠক সামৰে আৰু আলোচনাত উপস্থিত থকা বিজেপিৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য জীনা বৰুৱাকে ধৰি যুৱ মৰ্চাৰ প্ৰাক্তন বিষয়ববীয়া আৰু অনান্যসকলে সংবাদ মাধ্যমৰ পৰা নিৰপদ দূৰত্বত অৱস্থান কৰাৰ চেষ্টা চলায়। সাংবাদিকৰ আগত বিজেপিৰ জ্যেষ্ঠনেতা ৰাজেন গোহাঁয়ে মাথোঁ কয় ,”মই এতিয়াই একো নকওঁ। আজি ঘৰুৱা আলোচনাহে আছিল। উজনি অসম অসম ভ্ৰমণ কৰি গোলাঘাটত এনেদৰে ঘৰুৱা আলোচনা কৰিবলৈ আহি একো নোকোৱাকৈয়ে যেন বহু ইংগিত দি গাড়ীত উঠি আজি গমন কৰিলে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁয়ে। নতুন দল খোলা আদি সন্দৰ্ভত সাংবাদিকে সোধা অন্য এক প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ তেওঁ লক্ষণীয়ভাৱে প্ৰকাশ কৰে এনেদৰে- “আপোনাৰ এনে প্ৰশ্নৰ উত্তৰ দিবলৈ বহু দীঘলীয়া সময় লাগিব । সেইবাবে মই এতিয়া একো নকওঁ।” বৈঠকত উপস্থিত থকা বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য জীনা বৰুৱাই সাংবাদিকৰ আগত আজিৰ বৈঠক ঘৰুৱা আলোচনাহে আছিল বুলি প্ৰকাশ কৰে। বিজেপিৰ জ্যেষ্ঠ নেতা ৰাজেন গোহাঁয়ে গোলাঘাট জিলাৰ বহুকেইজন প্ৰবীণ নেতা,কৰ্মীক লগ ধৰি গোপন বৈঠকত মিলিত হোৱা বুলিও জানিব পৰা গৈছে ।‌বিজেপিৰ অকতৃত্বশীল এক দলীয় সুত্ৰই প্ৰকাশ কৰা মতে বিজেপিৰ জ্যেষ্ঠনেতা ৰাজেন গোহাঁয়ে উজনি অসমৰ দলৰ বিদ্ৰোহী নেতা, কৰ্মীৰ লগত মত বিনিময় কৰি মন বুজাৰ চেষ্টা কৰিছে। ইয়াৰ পাচতেই গেৰুৱা দলটোৰ অসন্তুষ্ট জ্যেষ্ঠ নেতা, কৰ্মীসকলক লগত লৈ এক নতুন ৰাজনৈতিক সমীকৰণ সৃষ্টি কৰি বিস্ফোৰণ ঘটোৱাৰ পৰিকল্পনাত ব্ৰতী হৈছে। অৱশ্যে আন নতুন দল খোলাৰ বিষয়টো স্পষ্টভাৱে আজি নাকচ কৰে ৰাজেন গোহাঁয়ে।‌ উজনি অসমত বিজেপিৰ জ্যেষ্ঠ নেতা ৰাজেন গোহাঁইৰ এনে বিশেষ তৎপৰতাই সাম্প্ৰতিক ৰাজনৈতিক প্ৰেক্ষাপটত বিশেষ তাৎপৰ্য বহন কৰাই নহয় বিজেপিৰ ভিতৰচ’ৰাত মৃদু জোকাৰণিৰো সৃষ্টি নকৰাকৈ থকা নাই। ইফালে খুমটাই বিধানসভা সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াৰ বাসগৃহত অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ, সাধাৰণ সম্পাদক জগদীশ ভূঞাই আলোচনাত মিলিত হোৱাৰ বিষয়টোৱেও ইতিমধ্যে ৰাজ্যজুৰি চৰ্চাৰ বিষয় হৈ পৰিছিল।‌ অন্যহাতে যোৰহাট লোকসভা সমষ্টিৰ পৰা গৌৰৱ গগৈ সাংসদ হিচাপে জয়লাভ কৰাৰ পাছৰে পৰা উজনি অসমত বিৰোধী ৰাজনৈতিক নিধিৰ অধিক উৎফুল্লিত হৈ পৰি সাংগঠনিক তৎপৰতা দুগুণে বৃদ্ধি কৰা পৰিলক্ষিত হৈছে। আগন্তুক ২০২৬ৰ বিধানসভা নিৰ্বাচনত সাংসদ গৌৰৱ গগৈ গোলাঘাট বিধানসভা সমষ্টি আৰু টীয়ক বিধানসভা সমষ্টিত নিৰ্বাচন খেলাৰ বাবে টঙালি বন্ধা বুলি চৰ্চা লাভ কৰিছে। ইতিমধ্যে গোলাঘাট বিধান সমষ্টিৰ কংগ্ৰেছ নেতা, কৰ্মীসকলৰ মাজত গৌৰৱ গগৈ আগন্তুক বিধানসভা নিৰ্বাচনত গোলাঘাট সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতাত অৱতীৰ্ণ হোৱাৰ বিষয়টোৱে মুকলি আলোচনাই ঠাই পাইছে। আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বে উজনি অসমত নিৰ্বাচনী সমীকৰণ যে বহু পৰিমাণে ওলট-পালট হ’ব, এনে কাৰক আৰু লাভ কৰা বহুল চৰ্চাই তাৰেই এক পূৰ্বানুমান বুলি ৰাজনৈতিক পৰ্যবেক্ষক মহলে দাবী কৰিব বিচাৰে। অৱশ্যে স্পষ্ট ছবিখনৰ বাবে আমি বাট চাব লাগিব আৰু কিছুদিন।
প্ৰেৰক দিগন্ত কুমাৰ বৰা
You might also like