নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সম্পাদকীয় : ভাৰতীয় শ্বুটাৰ 

একবিংশ শতিকাৰ আৰম্ভণিৰ পৰা ভাৰতীয় শ্বুটাৰসকলে অলিম্পিকত নিজৰ শ্রেষ্ঠত্ব প্রতিপন্ন কৰিবলৈ সক্ষম হৈছে৷ ইয়াৰ পূর্বে প্রতিযোগিতাখনত ভাৰতীয় শ্বুটাৰৰ প্রদর্শন আশাপ্রদ নাছিল৷ ৰাজ্যবর্ধন সিং ৰাথোৰে ২০০৪ চনৰ এথেন্স অলিম্পিকত ইতিহাস সৃষ্টি কৰিবলৈ সক্ষম হৈছিল৷ এথেন্সত তেওঁ প্রথম ভাৰতীয়ৰূপে ৰূপৰ পদক অর্জন কৰিছিল৷ পুৰুষৰ ডাবল ট্রেপত ৰাথোৰে জয় কৰিছিল এই পদক৷ এইটোৱে আছিল অলিম্পিকত শ্বুটিঙত ভাৰতৰ প্রথম পদক৷ তদুপৰি এই পর্যন্ত এইটোৱে ভাৰতৰ একমাত্র শ্বটগান পদক৷ এই ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি ২০০৮ৰ বেইজিং অলিম্পিকত অভিনৱ বিন্দ্রাই প্রথম ভাৰতীয় হিচাপে ব্যক্তিগত ইভেণ্টত স্বর্ণ পদক জয়েৰে চীনৰ ৰাজধানী চহৰখনত ইতিহাস গঢ়িবলৈ সক্ষম হয়৷ তেওঁ পুৰুষৰ ১০ মিটাৰ এয়াৰ ৰাইফলত স্বর্ণ জয় কৰে৷ এইটোৱে হৈছে অলিম্পিকত ভাৰতৰ প্রথম ৰাইফল পদক৷ সেইবাৰ প্রতিযোগিতাখনত বিন্দ্রাৰ সোণসহ ভাৰতে পদকৰ সংখ্যা ৩টালৈ বৃদ্ধি কৰি আন এক নজিৰ সৃষ্টি কৰে৷ ২০১২ চনত বিজয় কুমাৰে লণ্ডন অলিম্পিকত পুৰুষৰ ২৫ মিটাৰ দ্রুত ফায়াৰ পিষ্টল শ্বুটিঙত ৰূপৰ পদক দখল কৰি দেশলৈ গৌৰৱ কঢ়িয়াই আনে৷ এইটো আছিল পিষ্টল শ্বুটিঙত ভাৰতৰ প্রথম অলিম্পিক পদক৷ একেখন অলিম্পিকতে ভাৰতৰ গগণ নাৰংগে পুৰুষৰ ১০ মিটাৰ এয়াৰ ৰাইফলত দখল কৰে ব্রঞ্জৰ পদক৷ ইয়াৰ লগে লগে ইংলেণ্ডৰ ৰাজধানী চহৰখনত অনুষ্ঠিত বিশ্বৰ বৃহত্তম ক্রীড়া প্রতিযোগিতাখনত ভাৰতৰ পদকৰ সংখ্যা ৬টালৈ বৃদ্ধি পায়৷ অলিম্পিকৰ ইতিহাসত এয়া আছিল ভাৰতৰ দ্বিতীয় শ্রেষ্ঠ প্রদর্শন৷ অৱশ্যে ২০১৬ৰ ৰি’ অলিম্পিক আৰু ২০২০ৰ টকি’ অলিম্পিকত ভাৰতীয় শ্বুটাৰে পদক বিজয়ত ব্যর্থ হয়৷ চলিত পেৰিছ অলিম্পিকত ভাৰতৰ শ্বুটাৰসকলে সুন্দৰ প্রদর্শন দাঙি ধৰিছে৷ এই পর্যন্ত ভাৰতীয় শ্বুটাৰে প্রতিযোগিতাখনত এটা ব্রঞ্জৰ পদক জয় কৰি সকলোৰে দৃষ্টি আকর্ষণ কৰিছে৷ মনু ভাকেৰৰ জৰিয়তে পেৰিছত ভাৰতে প্রথমটো পদক কঢ়িয়াই আনে৷ মহিলাৰ ১০ মিটাৰ এয়াৰ পিষ্টলত মনুৱে ব্রঞ্জ অর্জনেৰে ১২ বছৰীয়া প্রতীক্ষাৰ অন্ত পেলায়৷
উল্লেখ্য যে অলিম্পিকৰ শ্বুটিঙত পদক অর্জন কৰা তেৱেঁই প্রথমগৰাকী মহিলা শ্বুটাৰ৷ আনহাতে, ১০ মিটাৰ এয়াৰ পিষ্টলৰ মিক্সড দলীয় ইভেণ্টত মনু আৰু সৰৱজ্যোৎ সিঙে ভাৰতক দ্বিতীয়টো পদক উপহাৰ দিয়ে৷ তেওঁলোকে ১০ মিটাৰ এয়াৰ পিষ্টলত এই কৃতিত্ব অর্জন কৰে৷ একেখন প্রতিযোগিতাতে দুটা পদক অর্জন কৰা মনু ভাকেৰ প্রথমগৰাকী ভাৰতীয়৷ তদুপৰি অলিম্পিক গেমছত দুটা পদক লাভ কৰা পিভি সিন্ধুৰ পিছতে তেওঁ হৈছে দ্বিতীয়গৰাকী ভাৰতৰ মহিলা ক্রীড়াবিদ৷ ভাৰতীয় শ্বুটাৰসকলৰ দর্শনীয় যাত্রা অব্যাহত ৰাখি স্বপ্ণীল কুমাৰে এইবাৰ পেৰিছত পুৰুষৰ ৫০ মিটাৰ ৰাইফলত ৩ প’জিছনৰ ফাইনেলত ব্রঞ্জৰ পদক দখল কৰে৷ ইয়াৰ লগে লগে শ্বুটিঙত ভাৰতৰ পদকৰ সংখ্যা ৩টালৈ বৃদ্ধি পালে৷ ইয়াৰ পূর্বে ২০১২ চনত গগণ নাৰংগ আৰু বিজয় কুমাৰে ক্রমে ব্রঞ্জ আৰু ৰূপৰ পদক লাভ কৰিছিল৷ অৱশ্যে শ্বুটিং ইভেণ্টত ভাৰতৰ এনে উজ্জীৱিত প্রদর্শনৰ মূলতে আছে কেন্দ্রীয় চৰকাৰৰ বৃহৎ ধনৰ বিনিয়োগ তথা অহোপুৰুষার্থ প্রচেষ্টা৷ তদুপৰি তেওঁলোকৰ ব্যক্তিগত ত্যাগ আৰু শ্রম৷ কেন্দ্রীয় ক্রীড়ামন্ত্রী মনসুখ মাণ্ডভ্যই সদৰী কৰা অনুসৰি শ্বুটাৰগৰাকীৰ ইতিহাস সৃষ্টিকাৰী প্রদর্শনৰ আঁৰত কেন্দ্রীয় চৰকাৰৰ আছে এক গুৰুত্বপূর্ণ ভূমিকা৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে প্রথমবাৰ আৰম্ভ কৰে ‘খেলো ইণ্ডিয়া’ আঁচনি’৷ এই উদ্যোগৰ জৰিয়তে দেশত ক্রীড়াৰ আন্তঃগাথনি নির্মাণ হৈছিল৷ ক্রীড়া প্রতিযোগিতাও বৃদ্ধি হৈছিল আৰু স্কুল–কলেজ পর্যায়ৰ পৰা ক্রীড়া প্রতিভা চিহ্ণিত কৰা আৰম্ভ হয়৷ ইয়াৰ জৰিয়তে চিহ্ণিত কৰা প্রতিভাসমূহৰ প্রশিক্ষণৰ বাবে উচ্চ পর্যায়ৰ প্রশিক্ষক নিয়োগ কৰা হৈছিল৷TOPS প্রকল্পৰ অধীনত তেওঁলোকৰ আর্থিক দিশটোৰ ওপৰতো গুৰুত্ব দিয়া হৈছিল৷ কেৱল মনু ভাকেৰক প্রশিক্ষণৰ বাবেই চৰকাৰে প্রায় ২ কোটি টকা ব্যয় কৰিছিল বুলিও কেন্দ্রীয় মন্ত্রীগৰাকীয়ে সদৰী কৰিছে৷ মনুক নিজৰ পছন্দৰ প্রশিক্ষক নিয়োগৰ বাবে আর্থিক সাহায্য দিয়া হৈছিল৷ একে সময়তে পোহৰলৈ আহিছে মনু ভাকেৰৰ সম্পত্তিৰ পৰিমাণ৷ মিডিয়াৰ প্রতিবেদন অনুসৰি তেওঁৰ মুঠ সম্পদৰ পৰিমাণ প্রায় ১২ কোটি টকা৷ মূলতঃ প্রতিযোগিতাৰ পৰা উপার্জনৰ লগতে বিজ্ঞাপন আৰু অন্যান্য মাধ্যমৰ পৰা তেওঁ এই অর্থ উপার্জন কৰিছে৷ ২০১৮ চনত তেওঁ যুৱ অলিম্পিকত স্বর্ণ পদক দখল কৰিছিল৷ ইয়াৰ পিছত হাৰিয়ানা চৰকাৰে তেওঁক ২ কোটি টকা দিয়াৰ সিদ্ধান্ত গ্রহণ কৰে৷ তথ্য অনুসৰি পিতৃয়ে তেওঁৰ শ্বুটিং কেৰিয়াৰ আৰম্ভ কৰাৰ বাবে ১.৫ লাখ টকা বিনিয়োগ কৰিছিল৷ পৰৱর্তী সময়ত অলিম্পিক গ’ল্ড কোষ্ট (অ’জিকিত)–এ মনুক সমর্থনৰ বাবে আগুৱাই আহে৷ চৰকাৰৰ এনে সহযোগিতা আৰু নিজৰ ঐকান্তিক সাধনাৰ বাবেই আজি অলিম্পিকৰ নিচিনা বৃহৎ প্রতিযোগিতাত ভাৰতীয় খেলুৱৈসকল উজলি উঠিছে৷

You might also like