স্মার্টফোনেৰে ৮০ কোটি ভাৰতীয়ৰ দাৰিদ্র্য মুক্তি
নিয়মীয়া বাৰ্তা ডিজিটেল, ৩ আগষ্টঃ কেৱল স্মার্টফোনৰ জৰিয়তে ৮০ কোটি মানুহৰ দৰিদ্রতা নিবাৰণ হৈছে৷ এই কথা উল্লেখ কৰি ভাৰতক ভূয়সী প্রশংসা কৰিলে ৰাষ্ট্রসংঘৰ সাধাৰণ সভাৰ সভাপতি ডেনিছ ফ্রান্সিছে৷ ডিজিটেল সেৱা প্রদানৰ জৰিয়তে যি ধৰণে ভাৰতৰ অতি ভিতৰুৱা গ্রামাঞ্চললৈ অনলাইন বেংকিং সেৱা লৈ যোৱা হৈছে, তাৰ ফলত দাৰিদ্র্যৰ পৰা মুক্ত হৈছে বহু মানুহ৷ ৰাষ্ট্রসংঘৰ ফুড এণ্ড এগ্রিকালচাৰ অর্গেনাইজেচন (ফাও)ৰ এক সন্মিলনত এই কথা উল্লেখ কৰে ফ্রান্সিছে৷ ৰাষ্ট্রসংঘৰ সাধাৰণ সভাৰ সভাপতিগৰাকীয়ে নিজৰ ভাষণত কয়–এখন দেশৰ দ্রুত উন্নতিৰ বাবে ডিজিটেলাইজেচন অতি জৰুৰী৷ এইক্ষেত্রত ভাৰতৰ উদাহৰণটো দেখুৱাই দিব পাৰি৷ বিগত ৫–৬ বছৰত কেৱল স্মার্টফোন ব্যৱহাৰ কৰিয়েই ভাৰতৰ ৮০ কোটি মানুহক দাৰিদ্র্য সীমাৰ তলৰ পৰা মুক্ত কৰা হৈছে৷ ভাৰতৰ উদাহৰণ টানি ৰাষ্ট্রসংঘৰ সাধাৰণ সভাৰ সভাপতিগৰাকীয়ে কয় যে এনে উদ্যোগ প্রতিখন উন্নয়নশীল দেশে গ্রহণ কৰা উচিত৷ ফ্রান্সিছৰ মতে বেংকিং ব্যৱস্থাৰ সৈতে ভিতৰুৱা গাঁৱৰ কৃষকসকলৰ কোনো সম্পর্ক নাছিল৷ কিন্তু এতিয়া স্মার্টফোনৰ জৰিয়তে গ্রামাঞ্চলত দুখীয়া লোকসকলক ডিজিটেল বেংকৰ সৈতে যুক্ত কৰা হৈছে৷ তেওঁলোকে আর্থিক লেনদেন কৰিব পৰা হৈছে৷ ভাৰতৰ বহু অঞ্চললৈ ইণ্টাৰনেট সেৱাৰ বিস্তাৰ ঘটিছে৷ ইয়াৰ ফলত কৃষকসকলে নিজেই নিজৰ অর্ডাৰ লোৱাৰ উপৰি ইয়াৰ বাবে ধন আদায়ো কৰিব পাৰিছে৷ গ্রামীণ অঞ্চলত আর্থিক লেনদেন ইমান সহজ হৈ পৰাৰ বাবেই দেশৰ পৰা দৰিদ্রতা বহু কমি গৈছে বুলি দাবী কৰে ৰাষ্ট্রসংঘৰ সাধাৰণ সভাৰ সভাপতি ফ্রান্সিছে৷ কিন্তু বিশ্বৰ অধিকাংশ উন্নয়নশীল দেশে এনে পদক্ষেপ গ্রহণ কৰা নাই বুলি মন্তব্য কৰে ফ্রান্সিছে৷ স্মর্তব্য যে যোৱা ১০ বছৰত ডিজিটেল ইণ্ডিয়া গঢ়ি তুলিবলৈ উদ্যোগ গ্রহণ কৰে কেন্দ্রীয় চৰকাৰে৷