গুৱাহাটীত গাখীৰৰ নামত বৰবিহ বিক্রী অসাধু ব্যৱসায়ীৰ
নিয়মীয়া বাৰ্তা ডিজিটেল, ৩ আগষ্টঃ জনস্বাস্থ্যৰ প্রতি ভাবুকি কঢ়িয়াই একাংশ অসাধু ব্যৱসায়ীয়ে গুৱাহাটীৰ বিভিন্ন স্থানত ভেজাল গাখীৰ বিক্রী কৰি আহিছে৷ মহানগৰ জিলা খাদ্য সুৰক্ষা বিভাগৰ নির্লিপ্ততাৰ সুযোগ লৈ অধিক মুনাফা লাভৰ বাবে অসাধু ব্যৱসায়ীসকলে ৰাসায়নিক আৰু আন পদার্থ মিহলাই ভেজাল গাখীৰ বিক্রী কৰি আহিছে৷ পল্টনবজাৰত স্থানীয় ৰাইজে গুৱাহাটী গো–পালক সন্থাৰ বেনাৰত গাখীৰ বিক্রী কৰিবলৈ অহা কেইগৰাকীমান ব্যৱসায়ীয়ে পানীত পাউডাৰ মিহলাই থকা অৱস্থাতে হাতে–লোটে আটক কৰিবলৈ সক্ষম হয়৷ স্থানীয় ৰাইজে সন্তোষ কুমাৰ নামৰ এজন ভেজাল গাখীৰৰ ব্যৱসায়ীক আটক কৰি পল্টনবজাৰ আৰক্ষীক গতাই দিয়ে৷ ইফালে সুযোগ বুজি দুগৰাকী ব্যৱসায়ীয়ে পলায়ন কৰে৷ স্থানীয় ৰাইজে জানিবলৈ দিয়া মতে নিম্নমানৰ অর্জুনা মিল্ক নামৰ গাখীৰৰ ব্রেণ্ডটো পানীত মিহলাই নির্ভেজাল গৰুৰ গাখীৰ বুলি ব্যৱসায়ীকেইজনে বিক্রী কৰি আহিছিল৷ গুৱাহাটী গো–পালক সন্থাই শেহতীয়াকৈ গাখীৰৰ দাম বৃদ্ধি কৰাৰ সুযোগ লৈ একাংশ ব্যৱসায়ীয়ে পানী আৰু অন্যান্য ৰাসায়নিক পদার্থ মিহলাই গাখীৰ বিক্রী কৰি মুনাফা লুটি আহিছে৷ জনস্বাস্থ্যলৈ ভাবুকি কঢ়িয়াই ভেজাল গাখীৰ আৰু দুগ্ধজাত সামগ্রী বিক্রী কৰি অহাৰ পিছতো খাদ্য সুৰক্ষা বিভাগৰ বিষয়াই অসাধু ব্যৱসায়ীৰ বিৰুদ্ধে ৰহস্যজনকভাৱে অভিযান চলোৱাৰ পৰা বিৰত আছে৷ উল্লেখ্য যে মানৱ শৰীৰ আৰু মন নিৰোগী কৰি সুস্বাস্থ্যৰ গৰাকী হ’বলৈ নির্ভেজাল আৰু পুষ্টিকৰ খাদ্য খোৱাটো অত্যন্ত জৰুৰী৷ গাখীৰ এনে এবিধ পুষ্টিকৰ খাদ্য য’ত মানৱ শৰীৰৰ বাবে প্রয়োজনীয় সকলোবোৰ উপাদান পোৱা যায়৷ কিন্তু এনে ভেজাল গাখীৰ আৰু দুগ্ধজাত সামগ্রী অধিক মূল্যত কিনি খোৱাৰ ফলত মানুহৰ স্বাস্থ্যৰ ক্ষতি হয়৷ লক্ষণীয় যে গুৰি গাখীৰ, নৈ–বিলৰ পানী, গ্লুকজ, চেনি, ইউৰিয়া, আলু পিটিকা, মেলামিন আদি মিহলাই গাখীৰ ভেজাল কৰা হয়৷ গাখীৰত সহজতে অনুজীৱ বৃদ্ধি হয় আৰু গাখীৰ ফাটি যায়৷ সহজতে গাখীৰ নাফাটিবলৈ গাখীৰত বড়িক এচিড, কস্তিক ছ’ডা, ছডিয়াম বাই কার্বনেট, হাইড্রজে’ন পেৰক্সাইড আদি প্রয়োগ কৰে৷ চাবোনৰ গুড়ি মিহলাই গাখীৰত ফেনৰ পৰিমাণ বৃদ্ধি কৰা হয়৷ এনে ভেজাল গাখীৰ খোৱাৰ ফলত বিভিন্ন ৰোগত আক্রান্ত হয়৷ গুৱাহাটী মহানগৰীত ভেজাল গাখীৰ বিক্রী কৰি জনস্বাস্থ্যলৈ ভাবুকি অনা ব্যৱসায়ীসকলৰ বিৰুদ্ধে জিলা প্রশাসন আৰু খাদ্য সুৰক্ষা বিভাগে কি পদক্ষেপ গ্রহণ কৰে সেয়া সময়তহে লক্ষণীয় হ’ব৷