আজি হকীৰ কোৱার্টাৰত আত্মবিশ্বাসী ভাৰত
🔹 পেৰিছ অলিম্পিক : প্রতিপক্ষ গ্ৰেট ব্রিটেইন
নিউজ ডেস্ক, ৪ আগষ্ট : অলিম্পিকত পুৰুষৰ হকীৰ কোৱার্টাৰ ফাইনেলত আজি ভাৰতৰ প্রতিপক্ষ ব্রিটেইন৷ অষ্ট্রেলিয়াক হৰুওৱাৰ সুবাদত গ্রুপৰ দ্বিতীয় দল হিচাপে অভিযান সামৰিছে ভাৰতে৷ এই বিজয়ে অধিক আত্মবিশ্বাসী কৰিছে ভাৰতীয় দলক৷ যোৱাবাৰ ব্রঞ্জৰ পদক বিজয়ী ভাৰতীয় দলৰ এইবাৰ লক্ষ্য সোণৰ পদক৷ ইতিমধ্যে প্রতিযোগিতাৰ পৰা বিদায় লৈছে ফ্রান্স, দক্ষিণ আফ্রিকা, আয়াৰলেণ্ড আৰু নিউজিলেণ্ডে৷ গ্রুপ এত শীর্ষ দল হিচাপে স্থান লাভ কৰিছে জার্মানীয়ে৷ দলটোৱে কোৱার্টাৰ ফাইনেলত মুখামুখি হ’ব আর্জেণ্টিনাৰ বিৰুদ্ধে৷ আনহাতে, নেদাৰলেণ্ডছৰ বিৰুদ্ধে খেলিব অষ্ট্রেলিয়াই৷ গ্রুপ এত তৃতীয় স্থানেৰে শেষ কৰা ব্রিটেইনে খেলিব ভাৰতৰ বিৰুদ্ধে৷ আনহাতে, স্পেইন মুখামুখি হ’ব বেলজিয়ামৰ৷ চাৰিওখন কোৱার্টাৰ ফাইনেল অনুষ্ঠিত হ’ব আজি৷ যোৱাবাৰৰ ৰূপৰ পদক বিজয়ী অষ্ট্রেলিয়াৰ বিৰুদ্ধে ৫২ বছৰৰ পাছত অলিম্পিকত জয়লাভ কৰাৰ পাছত আত্মবিশ্বাস বৃদ্ধি পাইছে ভাৰতীয় দলৰ৷