নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শোণিতপুৰ জিলা দিৱসৰে সংগতি ৰাখি ঢেকীয়াজুলিৰ বিদ্যালয়ত ৰাইজৰ শ্ৰমদান

বিশেষ বাৰ্তা, ৫ আগষ্ট : শ্বহীদ নগৰী ঢেকীয়াজুলিৰ নাৰী সবলীকৰণৰ একমাত্ৰ উচ্চ শৈক্ষিক অনুষ্ঠান ঢেকীয়াজুলি উচ্চ মাধ্যমিক বালিকা বিদ্যালয়ত ঢেকীয়াজুলি শিক্ষাখণ্ডৰ অধীনত আজি শোণিতপুৰ জিলা দিৱসৰ লগত সংগতি ৰাখি ৰাইজৰ শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷ সেই উপলক্ষে পুৱা ১০ বজাত বৃক্ষৰোপণ কাৰ্যসূচী অনুষ্ঠিত হয় । ঢেকীয়াজুলি পৌৰসভাৰ কাৰ্যবাহী বিষয়া সিদ্ধাৰ্থ দেৱ শৰ্মাই বৃক্ষৰোপণ কাৰ্যসূচী মুকলি কৰে। উক্ত কাৰ্যসূচীৰ পিছতে বিদ্যালয় প্ৰাংগণত জমা কৰি থোৱা বালি-মাটি সীমাৰ বেৰৰ চাৰিওদিশে সমানকৈ পেলাই বিদ্যালয়খনৰ সৌন্দৰ্যবৰ্ধন কৰা হয় । ইয়াৰ পিছতে শিক্ষক-শিক্ষয়িত্ৰী, অভিভাৱকবৃন্দৰ লগতে ছাত্ৰীসকলে ৰাইজৰ শ্ৰমদান কাৰ্যসূচীত অংশগ্ৰহণ কৰে। জিলা দিৱসৰ লগত সংগতি ৰাখি ৰাইজৰ শ্ৰমদান কাৰ্যসূচী সপ্তাহজোৰা হ’ব বুলি জনায় খণ্ড সমল কেন্দ্ৰ সমন্বয়ক দিগন্ত নাথে। গাম্ভীৰ্যপূৰ্ণ সভাখনত ঢেকীয়াজুলি পৌৰসভাৰ কাৰ্যবাহী বিষয়া সিদ্ধাৰ্থ দেৱ শৰ্মাই উপস্থিত থাকি বৃক্ষৰোপণ কৰাৰ লগতে ৰাইজৰ শ্ৰমদান কাৰ্যসূচীত অংশগ্ৰহণ কৰে ৷ বিষয়াগৰাকীয়ে গাম্ভীৰ্যপূৰ্ণ সভাখনত বক্তব্য প্ৰদান কৰি জিলা দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা শ্ৰমদান কাৰ্যসূচীৰ সফলতা কামনা কৰে। খণ্ড সমল কেন্দ্ৰ সমন্বয়ক দিগন্ত নাথে ভাষণ প্ৰদান কৰি জিলা দিৱসৰ তাৎপৰ্য ব্যাখ্যা কৰাৰ লগতে বিদ্যাঞ্জলি ২ সম্পৰ্কে উপস্থিত অভিভাৱক তথা ছাত্ৰ-ছাত্ৰীসকলক অৱগত কৰে। বিদ্যাঞ্জলি ২ কিদৰে সফল কৰি তুলিব পাৰি, সেই সন্দৰ্ভত উপস্থিত অভিভাৱক তথা ছাত্ৰ-ছাত্ৰীসকলক বিশদভাৱে জনায় চিআৰচিচিগৰাকীয়ে ৷ তেওঁ লগতে শিক্ষাখণ্ডটোৰ অধীনৰ ১০খন বিদ্যালয়ত ৰাইজৰ শ্ৰমদান কাৰ্যসূচী অনুষ্ঠিত কৰা হ’ব বুলি জনায় ৷ বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি নৰেন্দ্ৰ নাথ হালৈয়ে ভাষণ প্ৰদান কৰি শ্ৰমদান কাৰ্যসূচী সম্পৰ্কে বিস্তৃতভাৱে উপস্থিত সকলোকে অৱগত কৰে ৷ আগন্তুক ৬ দিনত বিদ্যালয়খনত ৰূপায়িত হ’ব লগা সমূহ কাৰ্যসূচীত অভিভাৱকৰ লগতে ছাত্ৰীসকলক উপস্থিত থাকি সকলো দিশত সহযোগিতা আগবঢ়াবলৈ আহ্বান জনোৱাৰ লগতে শ্ৰমদান কৰি বিদ্যালয়খন পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি কেনেদৰে ৰাখিব পাৰি, সেই সন্দৰ্ভত অভিভাৱকসকলৰ লগতে ছাত্ৰ-ছাত্ৰীসকলক অৱগত কৰি উপকৃত কৰে । ঢেকীয়াজুলি পৌৰসভাৰ ৮নং ৱাৰ্ডৰ ৱাৰ্ড কমিছনাৰ তপন দাসে ভাষণ প্ৰদান কৰি কয় যে বিদ্যালয়খন চাফ-চিকুণ কৰাৰ দায়িত্ব ছাত্ৰীসকলৰ ৷ গতিকে ছাত্ৰীসকলে সদায় নিজ বিদ্যালয়খনি পৰিষ্কাৰ কৰি ৰাখিব লাগে ৷ বিদ্যালয়খন পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি ৰাখি আদৰ্শ স্থাপন কৰিলে পৰৱৰ্তী সময়ত সমাজখন নিকা কৰাৰ লগতে নিজ লক্ষ্যত উপনীত হ’ব পাৰি বুলি তেওঁ কয় । ভাষণ প্ৰসংগত তেওঁ লগতে জিলা দিৱসৰ তাৎপৰ্য ব্যাখ্যা কৰি জনায় যে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে শোণিতপুৰ জিলাৰ ঐতিহাসিক স্থানসমূহ দৰ্শন কৰি সেই স্থানসমূহত ফটো তুলি সামাজিক মাধ্যমত বহুল প্ৰচাৰ কৰিলে ঐতিহ্যমণ্ডিত স্থানসমূহত দৰ্শনাৰ্থী তথা পৰ্যটকৰ সংখ্যা বাঢ়িব ৷ জিলাখনৰ মূল মূল ঐতিহাসিক স্থানসমূহ প্ৰথমে নিজে ভ্ৰমণ কৰিলে বহুত অভিজ্ঞতা অৰ্জন কৰিব পাৰি বুলিও মন্তব্য কৰে ৱাৰ্ড কমিছনাৰগৰাকীয়ে । বিদ্যালয়খনৰ অৱসৰী প্ৰধান শিক্ষক বীৰেন শইকীয়াই ভাষণ প্ৰদান কৰি কয় যে আজি যিহেতু জিলা দিৱস, আমি আমাৰ জিলাখনৰ বিষয়ে কিমান জানো সেয়া গুৰুত্বপূৰ্ণ বিষয় ৷ আমাৰ জন্মভূমি ঠাইখনত ঐতিহাসিক সমল কি কি আছে, আমি সকলোৱে জনা উচিত ৷ আমি আমাৰ মাতৃভাষাক প্ৰথম গুৰুত্ব দিব লাগে ৷ শিক্ষাৰ ক্ষেত্ৰত মাধ্যম কেতিয়াও অন্তৰায় নহয় বুলি কয় অৱসৰী প্ৰধান শিক্ষকগৰাকীয়ে ৷ গাম্ভীৰ্যপূৰ্ণ সভাখনত উপস্থিত থাকে ঢেকীয়াজুলি পৌৰসভাৰ কাৰ্যবাহী বিষয়া সিদ্ধাৰ্থ দেৱ শৰ্মা, খণ্ড সমল কেন্দ্ৰ সমন্বয়ক দিগন্ত নাথ, খণ্ড সমল কেন্দ্ৰ সমন্বয়ক তপন কুমাৰ চৌধুৰী, ঢেকীয়াজুলি শিক্ষাখণ্ডৰ গাণনিক ভূপেন কুমাৰ তালুকদাৰ, বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি নৰেন্দ্ৰ নাথ হালৈ, বিদ্যালয়খনৰ শৈক্ষিক ভাৰপ্ৰাপ্ত অধ্যক্ষ গৌতম ৰাজবংশীৰ লগতে শিক্ষক-শিক্ষয়িত্ৰীবৃন্দ, অভিভাৱকসকলৰ লগতে ছাত্ৰীসকল ৷ গাম্ভীৰ্যপূৰ্ণ সভাখনৰ আঁত ধৰে বিদ্যালয়খনৰ সহকাৰী শিক্ষক অক্ষয় লহকৰে । সভাৰ অন্তত ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰা হয় ৷

প্ৰেৰক কল্পজ্যোতি নাথ

You might also like