নিয়মীয়া বাৰ্তা ডিজিটেল, ৬ আগষ্টঃ হিন্দু ধৰ্মীয় আৱেগত আঘাত হনা কাৰ্যত জাগি উঠিছে কুটুম্ব সুৰক্ষা পৰিষদ। আজি দিছপুৰ প্ৰেছ ক্লাবত আয়োজিত এখন সংবাদ মেলত খ্ৰীষ্টিয়ান মিছনেৰীৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে কুটুম্ব সুৰক্ষা পৰিষদৰ সভাপতি সত্যৰঞ্জন বৰা। মেঘালয়ৰ মাউজমবিন গুহাৰ শিৱলিংগত হিন্দু ধর্মীয় সকলো ধৰণৰ পূজা-সেৱা বন্ধ কৰি নিষিদ্ধ কৰাক লৈ সৰৱ হৈ পৰিছে সত্যৰঞ্জন বৰা। তেওঁ সংবাদ মেল সম্বোধন কৰি কয়, ভাৰতৰ দৰে এখনি ধৰ্মনিৰপেক্ষ আৰু সভ্য দেশত বিদেশী ধৰ্ম আৰু চিন্তাৰ হাতুৰিৰ কোব যে এইদৰে পৰিব পাৰে সেয়া সপোনৰো অগোচৰ আছিল। সনাতন হিন্দু ধর্ম-দর্শনৰ দ্বাৰা গঠিত ভাৰতীয় সমাজৰ ভেটি যে বিদশী চিন্তা-দৰ্শনৰ এইদৰে বহতীয়া হ’ব ভাবিব পৰা নাছিলোঁ। ভাৰততে যদি হিন্দুৱে নিজৰ হাজাৰ হাজাৰ বছৰীয়া ধর্মীয় তথা প্রাকৃতিক আচৰণ কৰিব নোৱাৰে, তেনেহ’লে ভাৰতীয় প্রশাসন যন্ত্রই চিপজৰী লোৱা উচিত। বিশ্বৰ প্রতিটো ধর্ম-জাতি-জনগোষ্ঠীক আপোন বুলি বুকুত সাবটি লৈ “বসুধৈৱ কুটুম্বকম’ দৰ্শনৰ আধাৰত কেৱল মাথোঁ জন-জগ কল্যাণৰ চিন্তা কৰা এই সর্ববৃহৎ সনাতন চিন্তা যে এদিন নিজ ভূমিতেই হাবাথুৰি খাবলগীয়া হ’ব সেয়া সঁচাকৈয়ে আমাৰ বাবে বৰ কষ্টদায়ক হৈ পৰিছে। মেঘালয়; ভাৰতৰ এখনি সুন্দৰ ৰাজ্য। প্ৰকৃতিৰ সনাতন সত্তাই মেঘালয়খনক সম্পূর্ণ কৰি দিছে। সেই মেঘালয়ৰ বুকুত প্রকৃতিয়ে প্রাকৃতিকভাবে স্থাপন কৰিছে, গুঢ়াৰ ভিতৰত সনাতন শিৱ তত্ত্ব’ ধাৰণকাৰী শিৱলিংগ, মৌচিনৰামত। কিন্তু, অতি পৰিতাপৰ কথাটো হল যে মৌচিনৰামৰ মাউজমবিন গুহা (“Mawjymbuin Cave’)ৰ ভিতৰত অৱস্থিত প্রাকৃতিকভাৱে উৎপন্ন হোৱা ‘শিৱলিঙ্গ’ত সনাতন হিন্দু ধর্মীয় সকলো ধৰণৰ পূজা-সেৱা বন্ধ কৰি নিষিদ্ধ কৰি দিয়া হয়। মেঘালয়ৰ কেইটামান তথাকথিত সামাজিক সংগঠনে মৌচিনৰামৰ মাউজমবিন্ গুহাক ৰাজ্যখনৰ ‘পর্যটন’ ক্ষেত্র হিচাপেহে চিহ্নিত কৰাৰ আঁৰ লৈ যে একপ্ৰকাৰে মেঘালয়ত সনাতন হিন্দু ধর্মীয় চিন্তা দৰ্শনৰ ওপৰত কুঠাৰাঘাত কৰিছে, সেই কথা ইতিমধ্যেই স্পষ্ট হৈ পৰিছে। আচৰিত কথাটো হ’ল যে মৌচিনৰামৰ মাউজমবিন্ গুহাত থকা শিৱলিংগত পূজা নিষিদ্ধ কৰা গোটেইকেইটা তথাকথিত সংগঠন বিদেশী চিন্তাৰ ধ্বজাবাহক খ্রীষ্টিয়ান মিছনেৰীৰ দ্বাৰা পৰিচালিত। তাৰমানে, ইয়াৰ পৰা যোগ্য হিন্দু সমাজে আজি কি বুজিব? এই বিষয়ত, খ্রীষ্টিয়ান মিছনেৰী চিন্তাৰ দ্বাৰা লালিত-পালিত মেঘালয়ৰ মুখ্যমন্ত্রীকে আদি কৰি বাকী প্ৰশাসনৰ মুখ্য ব্যক্তিসকলৰ মৌনতাই কিহৰ ইংগিত দিয়ে? অসমৰ মা কামাখ্যা মন্দিৰ, মধ্যপ্রদেশৰ উজ্জয়িনীত থকা মহাকালেশ্বৰ মন্দিৰ, অন্ধ্ৰপ্রদেশৰ তিৰুপতি বালাজী মন্দিৰ হিন্দুসকলৰ অনন্য সেৱা-উপাসনাৰ কেন্দ্ৰ হোৱাৰ উপৰি ৰাজ্যকেইখনৰ বাবে পর্যটনৰ অন্যতম ক্ষেত্র। ভাৰতৰ এইসমূহ ৰাজ্যত যদি হিন্দু ধর্মীয় ক্ষেত্র পর্যটন ক্ষেত্র হিচাপে বুকু ফিন্দাই থকাত কোনো ধৰণৰ সমস্যা হোৱা নাই। তেনেক্ষেত্রত মেঘালয়ত সেই সমস্যা কিয়? খ্রীষ্টিয়ান মিছনেৰী জীৱনশৈলী সংখ্যাগৰিষ্ঠ হোৱাৰ বাবেই নেকি?
মেঘালয়ৰ মুখ্যমন্ত্রীকে আদি কৰি চৰকাৰে এই বিষয়ত আমাক উত্তৰ দিয়ক আৰু অনতিপলমে মাউজমবিন্ গুহাত থকা শিৱলিংগত পূজা সেৱা কৰিব পৰাৰ ব্যৱস্থা কৰক। অন্যথা গুৱাহাটীৰ যোৰাবাট, গোৱালপাৰাৰ পাইকানকে আদি কৰি ভাৰতৰ লগত থকা মেঘালয়ৰ পথসমূহ হয়তো বন্ধ কৰি দিয়াৰ দৰে আন্দোলনৰ কার্যসূচী ল’বলৈ আমি বাধ্য হ’ম; আৰু তেনেকুৱা যিকোনো ধৰণৰ পৰিস্থিতিৰ বাবে কেৱল আৰু কেৱল মাথোঁ মেঘালয় চৰকাৰ জাগৰীয়া হ’ব। এইক্ষেত্রত আমি ভাৰতৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ দৃষ্টি আকর্ষণ কৰিলোঁ।