৫০ শতাংশ মেঘালয়ৰ পানীৰ বাবেই গুৱাহাটীত ভয়ানক বান : অশোক সিংহল
বিশেষ বাৰ্তা, ৬ আগষ্টঃ “গুৱাহাটীত কালি যিটো বানপানী হ’ল। ডেৰ ঘন্টাত ১৩৬ মিলিলিটাৰ। প্ৰায় চাৰে পাঁচ ইঞ্চিৰ ওচৰা-উচৰি ডেৰ ঘন্টাত বৰষুণ হ’ল। এই যিটো পানীৰ পৰিমাণ গুৱাহাটীৰ নলা নর্দমাই টানিব নোৱাৰে৷ কালি কৃত্রিম বানপানীত গুৱাহাটীৰ দিছপুৰ চাৰ্কোল বেছি প্ৰভাৱিত হৈছে। ইয়াৰ কাৰণ হ’ল মেঘালয়ৰ পৰা বৈ অহা পানী। পাহাৰ ধ্বংসই বানপানীৰ মূল কাৰণ বুলি আজি সংবাদ মাধ্যমত উল্লেখ কৰে গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰী অশোক সিংহলে। তেওঁ কয় যে কালি নিশা ২ বজালৈ গুৱাহাটীত হোৱা কৃত্ৰিম বানপানীৰ সমস্যাৰ বুজ লওঁ৷ এই সন্দৰ্ভত অভিযন্তাসকলে কোৱা বুলি কৈ তেওঁ কয় যে কালি ৰাষ্ট্ৰীয় ঘাইপথৰ পানী বাগৰি আহি আই এছ কলনী, ছায়েঞ্চ মিউজিয়ামৰ ফালে বৈ আহিল৷ তাৰ পৰা সেই পানী বাগৰি বাহিনী নৈ আৰু জি এছ ৰোডলৈ আহি গ’ল। মেঘালয়ৰ পৰা বৈ অহা পানী আমি নিয়ন্ত্ৰণ কৰিব পৰা নাই বুলি কয় মন্ত্রী সিংহলে। ৫०% মেঘালয়ৰ পৰা অহা পানীৰ বাবেই গুৱাহাটীৰ বানপানীৰ সমস্যা হৈছে বুলি কয় মন্ত্ৰীগৰাকীয়ে। মহানগৰত হোৱা বানপানীৰ ৰং ক’লা হয়৷ নলা নৰ্দমাৰ পানীৰ ৰং ক’লা হয় কিন্তু কালি যিটো পানী আহিল তাৰ ৰং ৰঙা। দেখাতেই গম পায় যে এয়া গুৱাহাটীৰ পানী নহয়৷ এয়া গুৱাহাটীৰ বাহিৰৰ পৰা অহা পানী বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰী অশোক সিংহলে। ঢেকীয়াজুলিৰ ঐতিহ্যমণ্ডিত লোকনায়ক অমিয় কুমাৰ দাস মহাবিদ্যালয়ত আজি পুৱা নৱনিৰ্মিত বাণিজ্য ভৱন মুকলি কৰি আজি মন্ত্ৰী অশোক সিংহলে এনেদৰে সংবাদ মাধ্যমত তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে ৷
প্ৰেৰক কল্পজ্যোতি নাথ