নোসোমায় এম্বুলেঞ্চ : ধূপধৰাত পুতৌজনক যাতায়ত
নিয়মীয়া বাৰ্তা, ৭ আগষ্টঃ কামৰূপ-গোৱালপাৰাৰ সীমামূৰীয়া গোৱালপাৰা জিলাৰ ধূপধৰা খুটাবাৰী ৫ম খণ্ডৰ বিধ্বস্ত ৰাজপথৰ বাবেই জীয়াতু ভুগিবলগীয়া হৈছে অঞ্চলবাসী। এজাক বৰষুণতেই গাঁৱৰ প্ৰৱেশ পথ হৈ পৰে বোকা-পানীৰে পৰিপূৰ্ণ ফলত আনহে নালাগে ৰোগীক চিকিৎসালয়লৈ নিবলগীয়া হ’লেও উপায়বিহীন হৈ পৰে গাঁৱৰ মানুহখিনি। ছাত্ৰ-ছাত্ৰী স্কুল-কলেজলৈ অহা-যোৱা কৰে কোনোমতে খুপি-খুপি। আনকি গাঁওখনত বিয়া-বাৰুৰ ক্ষেত্ৰতো পথটিয়ে হয় বাধাৰ প্ৰাচীৰ হোৱা আৰু ছোৱালী পছন্দ হ’লেও বাহিৰৰ পৰা ল’ৰাইহে গাঁওখনত বৈবাহিক সম্পৰ্ক গঢ়িব নিবিচৰা বুলিও অভিযোগ। গাঁৱৰ পুৰুষ-মহিলা সকলোৱে মিলি বিধ্বস্ত ৰাজপথৰ ওপৰতে থাপনা পাতি পথ পকীকৰণৰ মানসেৰে নেদেখাজনলৈ কৰিলে প্ৰাৰ্থনা। চৰকাৰলৈও জনালে কাতৰ আহ্বান সুগম যাতায়াতৰ বাবে। প্ৰশ্ন হয় গাঁওবাসীৰ যাতায়াত বিড়ম্বনা আঁতৰাবলৈ পঞ্চায়ত, বিধায়ক তথা চৰকাৰে আগলৈ গাঁৱলৈ যোৱা পথটি উন্নয়নৰ কথা ভাবিবনে?
প্ৰেৰক সঞ্জীৱ কুমাৰ দাস