নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগৰবেৰাৰ নাৰ্গিছ ফুটৱেৰৰ স্কেনাৰৰ ধন সোমায়গৈ আনৰ একাউণ্টত

নিয়মীয়া বাৰ্তা, ৭ আগষ্ট : দোকানীয়ে বস্তু বিক্ৰী কৰে ঠিকেই, পিছে বস্তুৰ মূল্যটোহে সোমায় লোকৰ একাউণ্টত। ডিজিটেল দুনিয়াৰ আজব কাণ্ড। এইবাৰ পোহৰলৈ আহিছে ফোন পে’ৰ কিউ আৰ ক’ড জালিয়াতিৰ তথ্য। নগৰবেৰাৰ হেকৰাত নাৰ্গিছ ফুটৱেৰ নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানখনত সংঘটিত হৈছে এক আজৱ কাণ্ড! বৃহৎ ব্যৱসায়িক প্ৰতিষ্ঠানখনৰ স্বত্বাধিকাৰী ছাজাহান আলীয়ে তৰ্কিব নোৱাৰাকৈ দীৰ্ঘদিন ধৰি সংঘটিত হৈ আহিছিল বিয়াগোম জালিয়াতি।অতদিনে প্ৰতিষ্ঠানখনৰ প্ৰবেশ দ্বাৰত লগাই থোৱা আছিল এটা কিউ আৰ ক’ড’ (QR CODE), যিটোৰ গৰাকী জনৈক আনিচুৰ ৰহমান। আনিচুৰৰ ঘৰ নগৰবেৰাতহে। এজন গ্ৰাহকে দিয়াত ২২০ টকা সোমায় আনিচুৰৰ একাউণ্ট’ত। আনহাতে যোগাযোগ কৰাত আনিচুৰৰ একাউণ্টত টকা নোসোমোৱা বুলিহে জনায় আনিচুৰ ৰহমানে। অৱশেষত ব্যৱসায়ী ছাজাহান আলীয়ে ঘটনা সন্দৰ্ভত মন্দিৰা আৰক্ষীত এজাহাৰ দাখিল কৰে। আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰাখিছে। প্ৰশ্ন হয় কোনে আৰু কিয় খটুৱালে এনে দুষ্টবুদ্ধি? কিয় লক্ষ্য কৰি লোৱা হ’ল ব্যৱসায়িক প্ৰতিষ্ঠানখনক? আৰক্ষীৰ তদন্তত ফাদিল হ’বনে এই ৰহস্য?

প্ৰেৰক সঞ্জীৱ কুমাৰ দাস

You might also like