নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পইচা বিচৰাৰ বাবেই পুত্ৰৰে মিলি স্বামীক হত্যা পত্নীৰ

নিয়মীয়া বাৰ্তা, ৭ আগষ্ট : লাহৰীঘাটত পুত্ৰৰে মিলি পত্নীয়ে স্বামীক হত্যা কৰা ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। লাহৰীঘাট থানাৰ অন্তৰ্গত অমৰাগুৰি গাঁৱত যোৱানিশা সংঘটিত হয় এক চাঞ্চল্যৰ হত্যাকাণ্ড। পুত্ৰৰে মিলি পত্নীয়ে হত্যা কৰিলে স্বামী আবু বক্কৰ ছিদ্দিক নামৰ লোকজনক। নিশা আবু বক্কৰ ছিদ্দিক শুই থকা অৱস্থাত দ্বিতীয় পুত্ৰ মইজুদ্দিন আৰু পত্নী মূৰ্চিদা বেগমে কুঠাৰেৰে মূৰত কোবাই হত্যা কৰি দুয়ো পলায়ন কৰিছিল। আবু বক্কৰৰ আন দুটি সন্তান নিশা বেলেগ ঘৰত আছিল। পুৱা শুই উঠি দুটি সন্তানে প্ৰত্যক্ষ কৰে যে পিতৃ মাতৃ শুই থকা ঘৰটোৰ বাহিৰৰ পৰা দুৱাৰ বন্ধ কৰি থোৱা আছে। পিছত ওচৰ চুবুৰীয়া ঘটনাটো অৱগত কৰাত স্হানীয় ৰাইজে ঘৰৰ দুৱাৰ খুলি বিচনাত ৰক্তাক্ত হৈ পৰি আছে আবু বক্কৰ মৃতদেহ। পিছত স্থানীয় ৰাইজে লাহৰীঘাট আৰক্ষীক খবৰ দিয়ে আৰু আৰক্ষীয়ে প্ৰাথমিক তদন্ত কৰি থকাৰ সময়তে পলায়ন কৰা হত্যাকাৰী মাতৃ আৰু পুত্ৰ লাহৰীঘাট থানাত আত্মসমৰ্পণ কৰে। লাহৰীঘাট থানাৰ ভাৰপ্ৰাপ্ত বিষয়াই জনোৱা মতে কেইদিন পূৰ্বে দ্বিতীয় পুত্ৰ মইজুদ্দিন ডিমাপুৰৰ কাম আহিছিল আৰু যোৱানিশা পইচা বিচৰাত পুত্ৰ আৰু পত্নীৰ লগত আবু বক্কৰ কাজিয়া হয়। পিছত মাতৃ আৰু পুত্ৰই মিলি কুঠাৰেৰে কোবাই হত্যা কৰি পলায়ন কৰে। হত্যাকাৰীয়ে কুঠাৰখন ওচৰতে লালি বিলত পেলাই পলায়ন কৰিছিল। পিছত হত্যাকাৰী দুয়োৰে স্বীকাৰোক্তিত লাহৰীঘাট আৰক্ষীয়ে লালি বিলৰ পৰা হত্যাত ব্যৱহাৰ কৰা কুঠাৰখন উদ্ধাৰ কৰিবলৈ সক্ষম হয়। আনহাতে লাহৰীঘাট আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে মৰিগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে। ইফালে হত্যাকাৰী মাতৃ আৰু পুত্ৰক লাহৰীঘাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

প্ৰেৰক আবুল কালাম

You might also like