নলবাৰীৰ ৮ সাংবাদিকক ৰাজ্য চৰকাৰৰ স্বীকৃতি পত্ৰ বিতৰণ
বিশেষ বাৰ্তা, ৭ আগষ্ট : নলবাৰী জিলা আয়ুক্তৰ কাৰ্য্যালয়ৰ সভাকক্ষত জিলা তথ্য আৰু জনসংযোগ বিভাগ, নলবাৰীৰ উদ্যোগত আৰু নলবাৰী জিলা প্ৰশাসনৰ সহযোগত ৰাজ্য চৰকাৰৰ তৰফৰ পৰা নলবাৰী জিলাৰ ৮গৰাকীকৈ সাংবাদিকলৈ আগবঢ়োৱা স্বীকৃতি পত্ৰ আনুষ্ঠানিকভাৱে প্ৰদান কৰাৰ লগতে সম্বৰ্ধনা জ্ঞাপন কৰা হয়। নলবাৰী জিলা আয়ুক্ত বৰ্ণালী ডেকাই জিলা উন্নয়ন আয়ুক্ত কৰ্মশ্ৰী ব্ৰহ্ম, অতিৰিক্ত আয়ুক্তদ্বয় ক্ৰমে আশুতোষ ডেকা আৰু ৰাজীৱ কুমাৰ দাস, জিলা তথ্য আৰু জনসংযোগ বিষয়া চুম্পী চুতীয়া তথা অন্যান্য সংশ্লিষ্ট সকলৰ উপস্থিতিত আজিৰ এই অনুষ্ঠানত স্বীকৃতি পত্ৰ সমূহ প্ৰদান কৰে।আজি জিলাখনৰ আঠ গৰাকীকৈ সাংবাদিক ক্ৰমে নলবাৰী সদৰৰ প্ৰাতঃ খৱৰ কাকতৰ জেষ্ঠ সাংবাদিক বজৰং খেমকা, ND 24ৰ সাংবাদিক ভাস্কৰজ্যোতি ডেকা আৰু ‘Prag News’ৰ ভিডিঅ’ জাৰ্নেলিষ্ট ৰূপম দাস, জাগাৰাৰ পৰা সংবাদসেৱা আগবঢ়োৱা অসমীয়া প্ৰতিদিন কাকতৰ জেষ্ঠ সাংবাদিক নলিনী কুমাৰ ডেকা, দৈনিক বাতৰি কাকতৰ জেষ্ঠ সাংবাদিক শৈলেন্দ্ৰ নাৰায়ণ গোস্বামী, টিহুৰ পৰা সংবাদ সেৱা আগবঢ়োৱা হেমন্ত কুমাৰ শীল, বাহাৰঘাটৰ পৰা সংবাদ সেৱা আগবঢ়োৱা পংকজ লহকৰ আৰু শোলমাৰাৰ পৰা সংবাদ সেৱাত ব্ৰতী থকা ধনজিৎ দাসক আজি জিলা আয়ুক্ত বৰ্ণালী ডেকাই চৰকাৰী স্বীকৃতি পত্ৰখন আনুষ্ঠানিকভাৱে প্ৰদান কৰে। চলিত ২০২৪ বৰ্ষত নলবাৰী জিলাৰ মুঠ ৮গৰাকীকৈ সংবাদকৰ্মীয়ে চৰকাৰৰ তৰফৰ পৰা আগবঢ়োৱা কৰা স্বীকৃতি পত্ৰ লাভ কৰিবলৈ সক্ষম হোৱাৰ লগে লগে নলবাৰী জিলাৰ মুঠ চৰকাৰী স্বীকৃতিপ্ৰাপ্ত সাংবাদিকৰ সংখ্যা হ’লগৈ ৫৪গৰাকী।
প্ৰেৰক অৰূপ ৰঞ্জন বৰ্মন