নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নেপালত চকু চিকিৎসা কৰিবলৈ গৈ সন্ধানহীন নাইটৰ-কল্যাণপুৰৰ বৃদ্ধ

নিয়মীয়া বাৰ্তা, ৮ আগষ্ট : কামৰূপৰ নগৰবেৰা আৰক্ষী থানাৰ অন্তৰ্গত নাইটৰ-কল্যাণপুৰ গাঁৱৰ নীলু শ্বেখ (৮০) নামৰ এগৰাকী বৃদ্ধ লোক নিৰুদ্দেশ হোৱা ঘটনাই সমগ্ৰ অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ পৰিয়ালৰ লোকে জনোৱা মতে, চকুৰ অসুখ হোৱাত চিকিৎসাৰ বাবে নগৰবেৰাৰ নাইটৰ-কল্যাণপুৰ গাঁৱৰ পৰা তিনিজনকৈ লোক ক্ৰমে নীলু শ্বেখ,  তহিজুল হক আৰু  ছইবৰ আলীয়ে ১ আগষ্টত নেপাললৈ যায়। চিকিৎসাৰ অন্তত ৪ আগষ্টত ঘৰমুৱা অৱস্থাত ৰে’ল আস্থানৰ পৰাই সন্ধানহীন হয় নীলু শ্বেখ নামৰ বৃদ্ধজন ৷ লগৰ দুজনে বহু বিচাৰ-খোঁচাৰ কৰে যদিও লোকজনক নাপাই দিশহাৰা হয় আৰু পৰিয়ালৰ লোকক জনায়। পৰিয়ালৰ লোকেও বিভিন্ন ঠাইত বিচাৰ-খোঁচাৰ কৰে যদিও কোনো সন্ধান নাপাই উপায়হীন হৈ সন্ধানহীন হোৱা সন্দৰ্ভত নগৰবেৰা আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে। কোনো লোকে লোকজনৰ কিবা সম্ভেদ পালে ওচৰৰ আৰক্ষী থানা অথবা ৬৯০০২০৪১৭৮, ৮১৩৫০৭৯৯০৪ নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে কাতৰ আহ্বান জনাইছে ৷

প্ৰেৰক সঞ্জীৱ কুমাৰ দাস

You might also like