নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাংলাদেশৰ হিংসাত্মক পৰিস্থিতিৰ বাবে স্তব্ধ ধুবুৰীৰ আন্তৰ্জাতিক নদী বন্দৰ

নিয়মীয়া বাৰ্তা, ৮ আগষ্টঃ বাংলাদেশৰ সাম্প্ৰতিক পৰিস্থিতিৰ বাবে বৰ্তমানে স্তব্ধ হৈ পৰিছে ধুবুৰীৰ আন্তঃৰাষ্ট্ৰীয় নদী বন্দৰ। উল্লেখ্য যে ভাৰত-ভূটান আৰু পূৰ্বৰ শ্বেখ হাচিনা নেতৃত্বাধীন বাংলাদেশ চৰকাৰৰ সৈতে হোৱা এক আলোচনা মৰ্মে ভাৰতীয় অন্তৰ্দেশীয় জলমাৰ্গ প্ৰাধীকৰণৰ ধুবুৰীৰ এই নদী বন্দৰটোৰে বৰলুইতেৰে ভূটানৰ শিল পঠিওৱা হৈছিল বাংলাদেশৰ চিলমাৰী নদী বন্দৰলৈ। কিন্তু বিগত কিছু দিনৰ পৰা শুল্ক বিভাগে বাংলাদেশত উদ্ভৱ হোৱা পৰিস্থিতিৰ বাবে শিল পঠিওৱাৰ প্ৰয়োজনীয় অনুমতি প্ৰদান কৰা নাই। ফলত বৰ্তমানে এই নদী বন্দৰটোৰে বাংলাদেশলৈ গৈ নাই শিলবাহী বা অইন কোনো জলযান। অৱশ্যে বাংলাদেশৰ পৰিস্থিতি উন্নতি হ’লে অহা ১১/১২ আগষ্টৰ পৰা নদী বন্দৰটোৰ পৰা পুনৰ শিল ৰপ্তানিৰ কাম আৰম্ভ হোৱাৰ আশাত আছে ধুবুৰীৰ স্থানীয় এক্সপোৰ্টাৰ সকলে। ইপিনে অকষ্মাতে বাংলাদেশলৈ শিল ৰপ্তানি বন্ধ হৈ পৰা বাবে বিপাঙতো পৰিছে ধুবুৰীৰ এই আন্তঃৰাষ্ট্ৰীয় নদী বন্দৰটোৰ সৈতে জড়িত এক্সপোৰ্টাৰসকলো। “আমাৰ বহু এক্সপোৰ্টাৰৰ ধন বাংলাদেশত ফচি আছে। এতিয়া এনে পৰিস্থিতত কেতিয়া টকা আহিব, কেতিয়া নাহিবো সেয়া লে আমি চিন্তাত পৰিছোঁ”। এই ভাষ্য চিন্তাক্লিষ্ট ধুবুৰীৰ এগৰাকী স্থানীয় এক্সপোৰ্টাৰৰ। উল্লেখ্য যে, ধুবুৰীৰ এই বন্দৰটোৰ সৈতে কেৱল ভাৰতীয় এক্সপোৰ্টাৰ বা বাংলাদেশৰ ইমপোৰ্টাৰেই নহয়; জড়িত হৈ স্থানীয় বহু নিবনুৱা যুৱকৰ ভৱিষ্যতো। সেয়ে শীঘ্ৰে বাংলাদেশৰ পৰিৱেশৰ উন্নতি ঘটাৰ কামনা কৰিছে নদী বন্দৰটোৰ সৈতে জড়িত সকলো পক্ষই; সকলোৰে আশা সোনকালে পুনৰ শিলৰ ৰপ্তানি আৰম্ভ হোৱাৰ।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like