নাহৰকটীয়াত মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনি উদ্বোধন বিধায়ক তৰংগ গগৈৰ
বিশেষ বার্তা, ৮ আগষ্টঃ অসম চৰকাৰৰ অভিলাষী আঁচনি “মুখ্যমন্ত্ৰী নিযুত মইনা” আঁচনিখন আজি নাহৰকটীয়া মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আনুষ্ঠানিকভাৱে উদ্ধোধন কৰে নাহৰকটীয়া বিধানসভা সমষ্টিৰ বিধায়ক তৰংগ গগৈয়ে। পুৱা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীত এই আঁচনি উদ্বোধন কৰি প্ৰকাশ কৰা ভাষণ মহাবিদ্যালয়খনৰ পৰাই প্ৰত্যক্ষ কৰি বিধায়কগৰাকীয়ে মহাবিদ্যালয় খনৰ স্নাতক পয্যায়ৰ ক’লা আৰু বাণিজ্য শাখাৰ মুঠ ৩৩০গৰাকী ছাত্ৰীক প্ৰ-পত্ৰ বিতৰণ কৰি আঁচনিৰ খনৰ লাভালাভৰ বিষয়ে ছাত্ৰীসকলৰ আগত দাঙি ধৰে। এই আঁচনিখনৰ জৰিয়তে বাল্যবিবাহ ৰোধ কৰিবলৈ ৰাজ্য চৰকাৰ খনে যথেষ্ট পৰিমাণে সফল হ’ব বুলি আশা প্ৰকাশ কৰা লগতে আঁচনি খনৰ জৰিয়তে লাভ কৰা ধনৰাশি ছাত্ৰী সকলে সৎ কামত ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ আগবঢ়োৱাৰ লগতে বিধায়কগৰাকীয়ে মুখ্যমন্ত্ৰীৰ এই আঁচনিৰ জৰিয়তে শিক্ষাগ্ৰহনৰ ক্ষেত্ৰত প্ৰতি সময়তে পিতৃ মাতৃৰ ওচৰত ধন বিচৰাৰ পৰিবর্তে ছাত্ৰ ছাত্ৰী সকলে নিজেই কিছু পৰিমানে হলেও স্বাৱলম্বী হবলৈ সক্ষম হব বুলি মতপ্ৰকাশ কৰে। মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ অধ্যাপিকা কমলিকা হাজৰিকাই আঁত ধৰা তথা বিধায়ক তৰঙ্গ গগৈয়ে বন্তি প্ৰজ্জ্বলন কৰি শুভাৰম্ভ কৰা এই অনুষ্ঠানত নাহৰকটীয়া মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ জ্যোতিপ্ৰসাদ কোঁৱৰ, বিজেপি নাহৰকটীয়া মণ্ডলৰ সভাপতি গকুল বড়া, নাহৰকটীয়া পৌৰসভাৰ ৱাৰ্ড সদস্য পৰশমণি হাজৰিকা, মনোনীত সদস্য দিলিপ তিৱাৰিকে প্ৰমুখ্য কৰি মহাবিদ্যালয়খনৰ অধ্যাপক আৰু অধ্যাপিকা আৰু ছাত্ৰীসকল উপস্থিত থাকে ।
প্ৰেৰক প্ৰাঞ্জল ভূঞা