নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাইহাটাত পথ দুৰ্ঘটনাত বেজেৰাৰ যুৱকৰ প্ৰাণহানি

নিয়মীয়া বাৰ্তা, ৮ আগষ্টঃ কামৰূপ জিলাৰ বাইহাটা চাৰিআলি থানাৰ অন্তৰ্গত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ বৰপলহাত বুধবাৰে বিয়লি ভাগত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনা থিতাতে নিহত হয় এজন যুৱকৰ। নিহত যুৱকজন বেজেৰা ৰাজখোৱাপাৰা নিৱাসী গোৰেশ্বৰ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ শিক্ষাবিদ প্ৰায়ত ডঃ খৰ্গেশ্বৰ ডেকাৰ একমাত্ৰ পুত্ৰ দেৱাশীষ ডেকা (২৪) বুলি চিনাক্ত কৰা হৈছে। উল্লেখ্য যে আজি বিয়লি এ এচ ০১ ই ই ৫৮৫২ নম্বৰৰ মটৰচাইকেলেৰে বাইহাটা চাৰিআলিৰ পৰা বেজেৰা তথা নিজ গৃহৰ ফালে আহি থকা অৱস্থাত বিপৰীত দিশৰ পৰা আহি থকা ইউ পি ২২ এ টি ০০৭৪ নম্বৰৰ ডাম্পাৰখনে মূহুৰ্ততে মহটিয়াই লৈ যায় মটৰ চাইকেল আৰোহী দেৱাশীষ ডেকাক। প্ৰত্যক্ষদৰ্শীৰ পৰা লাভ কৰা তথ্য অনুসৰি দুৰ্ঘটনাত দেৱাশীষ ডেকা ডাম্পাৰৰ তলত সোমাই যোৱাত মূৰৰ পৰা অধিক ৰক্তক্ষৰণ হ’বলৈ ধৰে।পিছত বাইহাটা চাৰিআলি আৰক্ষী আৰু স্থানীয় ৰাইজৰ সহযোগত কোনোমতে ডাম্পাৰৰ তলৰ পৰা দুৰ্ঘটনাত পতিত দেৱাশীষ ডেকাক উলিয়াই আনি বেজেৰা সামূহিক স্বাস্থ্য কেন্দ্ৰলৈ নিয়া হয় যদিও চিকিৎসকে ইতিমধ্যে মৃত্যু হোৱা বুলি কোৱাত চিকিৎসালয়তে শোকাকুল পৰিবেশ বিৰাজ কৰে।মাতৃ সুচিত্ৰা ডেকা আৰু দুজনী বাইদেউ এৰি থৈ যোৱা দেৱাশীষ ডেকা এজন অতি নম্ৰ আৰু অমায়িক স্বভাৱৰ যুৱক আছিল।এম বি এ সমাপ্ত কৰি পুনৰ পুনেত আন এক কাৰিকৰী বিভাগত অধ্যয়ন কৰি থকা দেৱাশীষ ডেকা পিতৃ বিয়োগৰ পাছত মাতৃ সুচিত্ৰা ডেকা আৰু পৰিয়ালৰ বাবে একমাত্ৰ ভৰষা আছিল।ঘৰৰ বেছিভাগ দায়িত্ব পালন কৰি গৈছিল দেৱাশীষে। দেৱাশীষৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে বেজেৰাৰ সকলো লোক শোকত ভাগি পৰে।

প্ৰেৰক লক্ষী ডেকা

You might also like