নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পলাশবাৰীত নিযুত মইনা আঁচনি উদ্বোধন বিধায়ক হেমাংগ ঠাকুৰীয়াৰ

নিয়মীয়া বাৰ্তা, ৮ আগষ্ট : ৰাজ্যজুৰি আজিৰ দিনটোত মুকলি হ’ল মহাবিদ্যালয়ত অধ্যয়নৰত ছাত্ৰী সকলৰ বাবে ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধিন বিজেপি চৰকাৰে ঘোষনা কৰা অভিলাষী আঁচনি “নিযুত মইনা” আঁচনি। ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই “নিযুত মইনা” আঁচনিৰ শুভাৰম্ভ কৰাৰ লগে লগেই ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে দক্ষিন কামৰূপৰ পলাশবাৰীৰ বিধায়ক হেমাংগ ঠাকুৰীয়ায়ো পলাশবাৰী সমষ্টিৰ আজি দুখনকৈ উচ্চশিক্ষাৰ শিক্ষানুষ্ঠান দক্ষিন কামৰূপ মহাবিদ্যালয় আৰু দক্ষিন কামৰূপ ছোৱালী মহাবিদ্যালয়ৰ সৰ্বমুঠ ২০৭৪গৰাকী ছাত্ৰ-ছাত্ৰীক “নিযুত মইনা” আঁচনিৰ প্ৰ-পত্ৰ বিতৰণ কৰে। উল্লেখ্য যে,বিধায়ক গৰাকীয়ে আজি দক্ষিন কামৰূপ মহাবিদ্যালয়ৰ ১০৭৩গৰাকী আৰু দক্ষিন কামৰূপ ছোৱালী মহাবিদ্যালয়ৰ ১০০১গৰাকী ছাত্ৰীক আঁচনিখনৰ প্ৰ-পত্ৰ বিতৰণ কৰে ।এই আঁচনিৰ জৰিয়তে মহাবিদ্যালয়ত অধ্যয়নৰত ছাত্ৰী সকলক আৰ্থিকভাৱে সকাহ দিয়াৰ উদ্যেশ্যে আৰু বাল্য বিবাহ ৰোধ কৰাৰ উদ্যেশ্যৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ অক্লান্ত প্ৰচেষ্ঠাত এই প্ৰ-পত্ৰ বিতৰণ কৰা হৈছে বুলি উল্লেখ কৰে বিধায়ক হেমাংগ ঠাকুৰীয়াই। তেওঁ লগতে কয় যে,এই আঁচনিখনৰ জৰিয়তে ছোৱালীসকলৰ কিছু পৰিমানে হলেও আৰ্থিক অভাৱ দূৰ হব আৰু বিশেষকৈ বাল্য বিবাহ ৰোধ হব।এই অনুষ্ঠানত পলাশবাৰীৰ ৰাজহ চক্ৰ বিষয়া হিমাদ্ৰী বৰা, দক্ষিন কামৰূপ মহাবিদ্যালয়ৰ অধ্যক্ষ নৱজ্যোতি দাস, দক্ষিন কামৰূপ ছোৱালী মহাবিদ্যালয়ৰ অধ্যক্ষ নৰকান্ত অধিকাৰীৰ লগতে মহাবিদ্যালয়ৰ অধ্যাপক অধ্যাপিকা আৰু ছাত্ৰীসকল উপস্থিত থাকে।

প্ৰেৰক প্ৰীতম বায়ন

You might also like