🔹 পৰিয়ালৰ বিস্ফোৰক অভিযোগ
বাৰ্তা বুৰো, ৯ আগষ্ট : মৰিগাঁও জিলাৰ নেলী আৰক্ষী চকীৰ অন্তৰ্গত নেলী তিৱা দেউৰজাৰ ৰাজপৰিয়ালৰ সন্তান মাধুৰ্য কোঁৱৰে কালি নিজ গৃহতে চৰম সিদ্ধান্ত গ্ৰহণ কৰাৰ খবৰে অঞ্চলটোত শোকৰ বন্য বোৱাইছে। উল্লেখ্য যে শেহতীয়াকৈ আৰক্ষীৰ গুৰুত্বহীনতাৰ বাবে সমগ্ৰ নেলী অঞ্চলত একাংশ দুষ্ট চক্ৰ সক্ৰিয় হৈ পৰাৰ সময়তে সহজ-সৰল জনজাতীয় লোকসকলৰ সৰলতাৰ সুযোগ লৈ সংঘটিত হৈছে অপৰাধমূলক কাৰ্য। কালি নেলী দেউৰজা পৰিয়ালৰ সন্তান মাধুৰ্যই চৰম পথ গ্ৰহণ কৰাৰ পিছতে পোহৰলৈ আহিছে আন এক বিস্ফোৰক কাণ্ড। আজি মৃত যুৱকজনৰ খুৰাক তথা তিৱা স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য জীৱন কোঁৱৰে উত্থাপন কৰিছে এক বিস্ফোৰক অভিযোগ। তেওঁৰ অভিযোগ অনুসৰি তিৱা ছাত্ৰ সন্থাৰ নেতা বুলি জাহিৰ কৰি ফুৰা অনুপ পাতৰ ওৰফে অনুপ দৰফাঙৰ প্ৰৱঞ্চনাৰ বাবেই এই কাণ্ড সংঘটিত কৰিবলৈ বাধ্য হয়। তিৱা জাতীয় নেতা অনুপ পাতৰৰ বিৰুদ্ধে উত্থাপিত অভিযোগ মতে, বালি মহলত কাম কৰাৰ সুযোগ দিয়াৰ ছলেৰে মাধুৰ্যৰ পৰা বিভিন্ন নথি সংগ্ৰহ কৰি গোপনে বলেৰ’ পিকআপ বাহন ক্ৰয় কৰিছিল। কিন্তু পৰৱৰ্তী সময়ত এই বিষয়ে জানিব পাৰে মাধুৰ্যই। আনহাতে, ই এম আইৰ বাবে বিত্তীয় প্ৰতিষ্ঠানৰ তাগিদা পাই থাকি অৱশেষত কালি চৰম পন্থা ল’বলৈ বাধ্য হয়। এই ঘটনাৰ বাবে পোনপটীয়াকৈ জগৰীয়া কৰি মাধুৰ্যৰ পৰিয়ালে অনুপ দৰফাঙৰ শাস্তিৰ দাবী কৰিছে। আনহাতে, এনে একাধিক প্ৰৱঞ্চনাৰ সৈতে উক্ত নেতাগৰাকী জড়িত থকাৰ অভিযোগ উত্থাপন হৈছে।
প্ৰেৰক প্ৰাঞ্জল দাস