🔹 ২৪০গৰাকী ছাত্ৰ-ছাত্ৰীক জনোৱা হয় সম্বৰ্ধনা
নিয়মীয়া বাৰ্তা, ৮ আগষ্ট : কামৰূপ জিলাৰ ছয়গাঁও মহাবিদ্যালয়ৰ চম্পকজ্যোতি প্ৰেক্ষাগৃহত আজি অনুষ্ঠিত হয় ছয়গাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ বিশেষ অভিনন্দন অনুষ্ঠান শীৰ্ষক এখন মুকলি সভা। ছয়গাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি মহিদুল ইছলামৰ সভাপতিত্বত আজি অনুষ্ঠিত হোৱা মুকলি সভাত ছয়গাঁও অঞ্চলৰ বহুকেইখন বিদ্যালয়-মহাবিদ্যালয়ৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ ছয়গাঁও অঞ্চললৈ সুনাম কঢ়িয়াই অনা ২৪০গৰাকী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়। অভিনন্দন অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মা, শিক্ষা সম্পাদক টুটুমণি কলিতাৰ লগতে কেন্দ্ৰীয় সমিতিৰ বহুকেইজন বিষয়ববীয়া তথা কামৰূপ জিলা ছাত্ৰ সন্থাৰ বহুকেইজন বিষয়ববীয়া, ছয়গাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়া আৰু আমন্ত্ৰিত ছাত্ৰ-ছাত্ৰীসকলৰ লগতে অভিভাৱকসকল উপস্থিত থাকে। সম্বৰ্ধনা অনুষ্ঠানৰ মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাই ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি কয় যে আমি এটাই মনত দৃঢ় সংকল্প ল’ব লাগে যে আমি আনৰ দুৱাৰে দুৱাৰে চাকৰি বিচাৰি নগৈ যাতে আমি এইধৰণে সংস্থাপন লাভ কৰিব পাৰোঁ য’ত নিজেও সংস্থাপন লাভ কৰোঁ আৰু আন দহজনকো সংস্থাপন দিব পাৰোঁ।
প্ৰেৰক প্ৰীতম বায়ন