নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুকুটবিহীন সম্রাজ্ঞী

বিগত টকিঅ’ অলিম্পিকৰ তুলনাত চলিত পেৰিছ অলিম্পিকত ভাৰতৰ প্রদর্শন নিম্নগামী হোৱা পৰিলক্ষিত হৈছে৷ এতিয়ালৈকে শ্বুটিঙত ৩টা ব্রঞ্জ, হকীত ব্রঞ্জ আৰু জেভলিনত ৰূপৰ পদক লাভ কৰিছে ভাৰতে৷ ভাৰতীয় হকী দলটো ছেমিফাইনেলত পৰাজিত হোৱাত সোণ আৰু ৰূপৰ পদকৰ আশা নির্বাপিত হৈছিল যদিও স্পেইনক হৰুৱাই ব্রঞ্জৰ পদক লাভ কৰে ৷ ভাৰত আৰু জার্মানীৰ মাজত হকীৰ ছেমিফাইনেল চলি থকাৰ সময়তে ভাৰতৰ মহিলা মল্লযোদ্ধা ভিনেশ ফ’গাটে ৫০ কেজি বিভাগত ফাইনেলত পদার্পণ কৰিছিল৷ ইয়াৰ লগে লগে ভিনেশক লৈ স্বপ্ণ দেখিবলৈ আৰম্ভ কৰিছিল সমগ্র দেশবাসীয়ে৷ একেদিনাই তিনিগৰাকী শক্তিশালী প্রতিদ্বন্দ্বীক পৰাজিত কৰি ৰূপৰ পদক নিশ্চিত কৰি পেলাইছিল তেওঁ। বুধবাৰে নিশা ভিনেশে মার্কিন যুক্তৰাষ্ট্রৰ মল্লযোদ্ধাৰ বিৰুদ্ধে সোণৰ পদকৰ যুঁজত নমাৰ কথা আছিল৷ দেশবাসীৰ দৃষ্টি তেওঁৰ ওপৰতে নিবদ্ধ আছিল৷ কিন্তু ইয়াৰ মাজতে ভাৰতবাসীৰ বাবে আহে দুর্ভাগ্যজনক খবৰটো৷ শৰীৰৰ ওজন ১০০ গ্রাম বৃদ্ধি পোৱা বাবে তাৰকা খেলুৱৈগৰাকীক অযোগ্য বুলি ঘোষণা কৰা হয়৷ ইয়াৰ লগে লগে পেৰিছ অলিম্পিকত ভিনেশৰ নিশ্চিত পদক জয়ৰ সকলো সম্ভাৱনা মষিমূৰ হয়৷ এনে এখন বৃহৎ প্রতিযোগিতাৰ ফাইনেলত পদার্পণ কৰিও খালী হাতে উভতি আহিবলগীয়া হোৱাটো চৰম দুর্ভাগ্যজনক আৰু দুঃখজনকো৷ কাৰণ ফাইনেলত পৰাজিত হ’লেও তেওঁ ৰূপৰ পদক লাভ কৰাটো নিশ্চিত হৈছিল৷ অথচ প্রতিযোগিতাখনত অৱতীর্ণ হ’বৰ বাবে কঠোৰ পৰিশ্রম আৰু ত্যাগ স্বীকাৰ কৰিবলগীয়া হৈছিল ভিনেশে। মঙলবাৰে মল্লযোদ্ধাগৰাকীয়ে তিনিটা বাউট খেলিবলগীয়া হোৱা বাবে যথেষ্ট ক্লান্ত হৈ পৰিছিল৷ সেইবাবে তৃতীয় বাউটৰ পূর্বে কিছু পুষ্টিকৰ পানীয় খুওৱা হৈছিল তেওঁক৷ ইয়াৰ পিছতে তেওঁৰ শৰীৰৰ ওজন বৃদ্ধি পায়৷ ইয়াৰ পিছতে ভিনেশৰ ওজন কমোৱাৰ বাবে এখন অঘোষিত যুঁজ আৰম্ভ হয়৷ ওজন কমাবলৈ তেওঁক ওৰেনিশা জগিং, স্কিপিং আৰু চাইক্লিং কৰোৱা হৈছিল৷ খাবলৈ দিয়া হোৱা নাছিল কোনো খাদ্য৷ ইয়াৰ ফলত তেওঁৰ ওজন বহুখিনি হ্রাস পালেও নির্ধাৰিত মাত্রা ৫০ কেজিৰ সামান্য কেইগ্রামমান অধিক আছিল ওজন৷
ফাইনেলৰ দিনা পুৱা তেওঁৰ শৰীৰৰ ওজন ১০০ গ্রাম অধিক পোৱাত নিয়ম অনুসৰি ভিনেশক অযোগ্য ঘোষণা কৰে আন্তর্জাতিক অলিম্পিক সন্থাই৷ ইপিনে, গোটেই নিশা কৰা পৰিশ্রম, খাদ্যগ্রহণ নকৰা আৰু পর্যাপ্ত পানী খাবলৈ নোপোৱাত অসুস্থ হৈ পৰে ভিনেশ৷ পেৰিছত খেলা ৫০ কেজি বিভাগটো আচলতে তেওঁৰ নহয়৷ তেওঁৰ পূর্বৰ বিভাগ ৫৩ কেজি৷ এই বিভাগত তেওঁ যোগ্যতা নির্ণায়ক প্রতিযোগিতাত খেলিব পৰা নাছিল৷ কাৰণ সেই সময়ত তেওঁ ব্যস্ত আছিল ভাৰতীয় অলিম্পিক সন্থাৰ তদানীন্তন সভাপতি ব্রীজভূষণৰ বিৰুদ্ধে আন্দোলনত৷ সাংসদগৰাকীৰ বিৰুদ্ধে যৌন নির্যাতনৰ অভিযোগ উত্থাপন কৰি বহুকেইগৰাকী মল্লযোদ্ধাই দীর্ঘদিন ধৰি আন্দোলনত নামিছিল৷ ফলত এই বিভাগত তেওঁৰ স্থানত অলিম্পিকত ভাৰতক প্রতিনিধিত্ব কৰাৰ সুযোগ লাভ কৰে অন্তিম পাংঘালে৷ অৱশ্যে পিছত ভিনেশক ভাৰতীয় ৰেষ্টলিং ফেডাৰেচনে অন্তিম পাংঘালক হৰুৱাই ৫৩ কেজিৰ অলিম্পিকলৈ যোগ্যতা অর্জনৰ সুযোগ দিছিল৷ কিন্তু দীর্ঘদিন অনুশীলনৰ পৰা দূৰত থকা বাবে অন্তিমক হৰুৱাব নোৱাৰিলে ভিনেশে৷ ফলত বাধ্য হৈ তেওঁ ৫০ কেজি বিভাগকে বাছনি কৰিবলগীয়া হয়৷ বিশেষকৈ ৩ কেজি ওজন কমাবলৈ তেওঁ কঠোৰ পৰিশ্রম কৰিবলগীয়া হয়৷ অৱশেষত ঈপ্সিত লক্ষ্যত উপনীত হ’লেও শেষ মুহূর্তত তেওঁৰ লগতে দেশবাসীৰ স্বপ্ণ ভংগ হয়৷ উল্লেখ্য যে ভিনেশক অযোগ্য ঘোষণা কৰাৰ লগে লগে দেশজুৰি আলোড়ন সৃষ্টি হয়৷ আনকি সংসদতো বিৰোধী পক্ষই তীব্র হৈ–চৈৰ সৃষ্টি কৰে৷ তেওঁৰ এই পৰিস্থিতিৰ নেপথ্যত গভীৰ ‘ষড়যন্ত্র’ থকা বুলি দাবী কৰে বিৰোধী শিবিৰে৷ ইয়াৰ আগতে এগৰাকী ক্রীড়াবিদক লৈ কেতিয়াও দেশত এনে পৰিৱেশ সৃষ্টি হোৱা নাছিল৷ আনকি এই প্রসংগত কেন্দ্রীয় ক্রীড়ামন্ত্রীয়ে সংসদত বিবৃতি দিবলগীয়াও হয়৷ কেইমাহমান পূর্বে ৰাজধানী চহৰ দিল্লীৰ ৰাজপথত অপমানিত হ’বলগীয়া হৈছিল ভিনেশ ফ’গাট৷ ভূ–লুণ্ঠিত হৈছিল তেওঁৰ সন্মান৷ ব্রীজভূষণ চৰণ সিঙৰ বিৰুদ্ধে ৰাজপথত নামিছিল মল্লযোদ্ধাসকল৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ হস্তক্ষেপ বিচাৰিছিল তেওঁলোকে৷ প্রধানমন্ত্রীক সাক্ষাৎ কৰি তেওঁলোকৰ অভিযোগসমূহ জনাব বিচৰা হৈছিল যদিও সেয়া সম্ভৱ নহ’ল৷ ভাৰতীয় মহিলাসকলৰ বাবে প্রতিবাদৰ কণ্ঠ হৈ উঠা ভিনেশৰ দুঃখজনক অৱস্থাই সকলোৰে হূদয় জোকাৰি গ’ল৷ স্বর্ণ পদকৰ দুৱাৰডলিত থিয় দিও খালী হাতে উভতিব এইগৰাকী মুকুটবিহীন সম্রাজ্ঞীয়ে৷

You might also like