পাটাছাৰকুছি বজাৰত বাতৰিকাকতৰ ষ্টেণ্ড মুকলি
নিয়মীয়া বাৰ্তা, ১০ আগষ্ট ∶ সময়ৰ পৰিৱৰ্তনৰ লগে লগে বাতৰিকাকত পঢ়ুৱৈৰ সংখ্যা তুলনামূলকভাবে কমি গৈছে৷ কিন্তু এনে এক সময়তে পঢ়ুৱৈক বিনামূলীয়াকৈ বাতৰি কাকত পঢ়াৰ সুবিধা কৰি দিয়াৰ বাবে নিৰ্মল হালৈ মহাবিদ্যালয় আৰু পাটাছাৰকুছি প্ৰেছ ক্লাৱৰ লোৱা এই প্ৰশংসনীয় পদক্ষেপে ৰাইজৰ মাজত বাতৰিকাকত পঢ়াৰ পৰিৱেশ সৃষ্টি কৰিব আৰু পঢ়ুৱৈক যথেষ্টখিনি উৎসাহিত কৰিব৷ আজি নিৰ্মল হালৈ মহাবিদ্যালয়ৰ উদ্যোগত আৰু পাটাছাৰকুছি প্ৰেছ ক্লাৱৰ সহযোগত পাটাছাৰকুছিত দুটা বিনামূলীয়া বাতৰিকাকত ষ্টেণ্ড মুকলি কৰি এই মন্তব্য আগবঢ়ায় দৈনিক অসম কাকতৰ সম্পাদক ড° হিতেশ ডেকাই৷ আজি এই মুকলি অনুষ্ঠানৰ আৰম্ভণিতে অধ্যক্ষ ড° কৌশিক ডেকাই ড° হিতেশ ডেকাক এখন ফুলাম গামোচাৰে আদৰণি জনায়৷ পাটাছাৰকুছি প্ৰেছ ক্লাবৰ তৰফৰ পৰাও তেওঁক আদৰণি জনোৱা হয়৷ অনুষ্ঠানত জ্যেষ্ঠ সাংবাদিক পুলিন কলিতাও উপস্থিত থাকে৷ ব্যস্ততাৰে ভৰা জীৱনত সময়ৰ অভাবত বা আৰ্থিক অনাতনৰ বাবে বাতৰিকাকত পঢ়াৰ পৰা বঞ্চিত লোকৰ বাবে এই পদক্ষেপে এক ধনাত্মক প্ৰভাৱ পেলাব বুলি পাটাছাৰকুছি প্ৰেছ ক্লাবৰ সভাপতি নৱকান্ত কলিতাই আশা প্ৰকাশ কৰিছে৷ চলচিত্ৰ পৰিচালক অধ্যাপক ৰাজেন দাসে উক্ত অনুষ্ঠানৰ আঁত ধৰে৷ এক ব্যতিক্ৰমী চিন্তা চৰ্চাৰে পাটাছাৰকুছিৰ নিৰ্মল হালৈ মহাবিদ্যালয়ৰ উদ্যোগ আৰু পাটাছাৰকুছি প্ৰেছ ক্লাবৰ সহযোগত আজিৰে পৰা মুকলি হোৱা দুখনকৈ বাতৰিকাকত ষ্টেণ্ডত উপলব্ধ হব চাৰিখনকৈ স্থানীয় ভাষাৰ আগশাৰীৰ বাতৰিকাকত৷ সুন্দৰকৈ ষ্টিলেৰে নিৰ্মাণ কৰা ষ্টেণ্ডতোত পথচাৰীৰে নিতৌ আৰামত বিনামূলীয়াকৈ চকু ফুৰাব পাৰিব স্থানীয় ভাষাৰ বাতৰি কাকতত৷ ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষে ৰখা হব এই বাতৰিকাকতৰ ষ্টেণ্ড ৷ যাৰ নাম ৰখা হৈছে বাৰ্তানীড়৷ সকলো পঢ়ুৱৈৰ বাবেই মুকলি থাকিব এই বাৰ্তানীড়৷ নিৰ্মল হালৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° কৌশিক ডেকাই জানিবলৈ দিয়ে যে এই পদক্ষেপৰ জড়িয়তে বহু পঢ়ুৱৈ উপকৃত হব বুলি আশা কৰা হৈছে৷ ইয়াৰ জৰিয়তে ৰাইজৰ মাজত বাতৰিকাকত পঢ়াৰ এক পৰিবেশ সৃষ্টিৰ লগতে বিশেষকৈ বৌদ্ধিক দিশৰ বিকাশো সাধন হব বুলিয়েই এনে ব্যক্তিক্ৰমী প্ৰয়াস কৰা হৈছে ৷
প্ৰেৰক উৎপল মেধি