নিয়মীয়া বাৰ্তা, ১১ আগষ্ট : শোণিতপুৰৰ ৰঙাপৰা প্ৰেছ ক্লাবৰ ত্ৰি-বাৰ্ষিক অধিৱেশনখনৰ আজি সফল সামৰণি পৰে । কালিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে ৰঙাপৰাৰ সমবায় ভৱনত অনুষ্ঠিত হোৱা অধিৱেশনখনৰ মুকলি সভা আৰু বিশেষ সম্বৰ্ধনা সভা আজি সন্ধ্যা ৫ বজাৰ পৰা প্ৰেছ ক্লাবৰ উপদেষ্টা সুনীল ম’ৰ সভাপতিত্বত অনুষ্ঠিত হয়। সাংবাদিক চাহিন আহমেদে আঁত ধৰা অনুষ্ঠানটোত আদৰণী ভাষণ আগবঢ়ায় প্ৰেছ ক্লাবৰ সভাপতি পংকজ নাথে। অনুষ্ঠানৰ আৰম্ভণিতে শিল্পী প্ৰণীতা মেধিয়ে বৰগীত পৰিৱেশন কৰে । অনুষ্ঠানৰ লগত সংগতি ৰাখি ৰঙাপৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ, সমাজসেৱক মোহন গোস্বামী, বালিপৰাৰ মহিলা সাংবাদিক নিৰলা ডেকা, সংগীতা দেৱীক প্ৰেছ ক্লাবৰ তৰফৰ পৰা গামোচা, সম্বৰ্ধনা পত্ৰৰে বিশেষ সম্বৰ্ধনা জ্ঞাপন কৰা হয় । একেদৰে “বৰ্তমান সময়ত বাতৰিকাকতৰ পঢ়ুৱৈৰ সংখ্যা হ্ৰাস পোৱাৰ কাৰণ ? সামাজিক পৰিকাঠামো গঠনত মফচলীয়া সাংবাদিকৰ ভূমিকা” বিষয়ত অনুষ্ঠিত এক আলোচনাত মুখ্য সমল ব্যক্তি হিচাপে উপস্থিত থাকি তেজপুৰৰ জ্যেষ্ঠ সাংবাদিক পংকজ বৰুৱাই কয় যে সাংবাদিকসকলে যোগাত্মক বাতৰি পৰিৱেশন কৰাত গুৰুত্ব দিয়া উচিত । সাধাৰণ জনতাৰ মনত সাংবাদিকৰ প্ৰতি সৎ ভাব, আস্থা গঢ়ি তুলিব লাগিব । সাংবাদিকে নিষ্ঠাৰে বাতৰি পৰিৱেশন কৰক । যোগাত্মক বাতৰিয়ে সমাজৰ আৰ্থ-সামাজিক বিকাশ, সুস্থ সমাজ গঢ়ি তোলাত সহায় কৰে। সাংবাদিকৰ সংযম খুবেই জৰুৰী। সাম্প্ৰতিক সময়ৰ প্ৰতিযোগিতামূলক সময়ত সাংবাদিকসকল অধিক সতৰ্ক হ’ব লাগিব । প্ৰেছ ক্লাবৰ সামাজিক দায়ৱদ্ধতা আছে। অনুষ্ঠানটোত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি ৰঙাপৰাৰ বিধায়ক কৃষ্ণ কমল তাঁতীয়ে কয় যে সাংবাদিকতা আজি তীব্ৰ প্ৰত্যাহ্বানমূলক। বৰ্তমান সময়ৰ সৈতে নিজকে খাপ খুৱাবলৈ সাংবাদিক প্ৰস্তুত থাকিব লাগিব। সাংবাদিকে দিনে-নিশাই যথেষ্ট কষ্ট স্বীকাৰ কৰি বাতৰি পৰিৱেশন কৰে । সকলোৱে নিজৰ ধৰ্ম নিষ্ঠাৰে পালন কৰা উচিত । একেদৰে অনুষ্ঠানত উপস্থিত থকা চাৰিদুৱাৰ ৰাজহ চক্ৰ বিষয়া ডাঃ ক্ষীৰোদ কমল হাজৰিকায়ো সাম্প্ৰতিক সময়ৰ সাংবাদিকতা, সাংবাদিকৰ সামাজিক দায়বদ্ধতাৰ বিষয়ে গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় । সমান্তৰালভাৱে অনুষ্ঠানটোত বিশেষভাৱে সম্বৰ্ধিত বিশিষ্ট ব্যক্তিসকলে সাংবাদিকাৰ প্ৰত্যাহ্বান, বাতৰিকাকতৰ প্ৰতি আস্থা বৃদ্ধি বিষয়ত নিজ নিজ মন্তব্য আগবঢ়ায় । মুকলি সভাত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ উপেন নাথসহ অন্যান্য বিষয়ববীয়া, আগছু ৰঙাপৰা আঞ্চলিকৰ বিষয়ববীয়া, অসম সেনাৰ মুখ্য সংগঠক ৰাজনীশ শইকীয়া, বিভিন্ন দল-সংগঠনৰ বিষয়ববীয়া, বালিপৰা প্ৰেছ ক্লাবৰ সভাপতি দ্বীপজ্যোতি শইকীয়া, ৰঙাপৰা প্ৰেছ ক্লাবৰ সমূহ বিষয়ববীয়া, প্ৰেছ ক্লাবৰ উপদেষ্টাসকল, ৰাইজ উপস্থিত থাকে। উল্লেখ্য যে কালি অধিৱেশনৰ লগত সংগতি ৰাখি অনুষ্ঠিত প্ৰেছ ক্লাবৰ কাৰ্যনিৰ্বাহক সভাত সৰ্বসন্মতিমৰ্মে পংকজ নাথক সভাপতি আৰু চাহিন আহমেদক সম্পাদক হিচাপে লৈ ৰঙাপৰা প্ৰেছ ক্লাবৰ নতুন সমিতিখন গঠন কৰা হয় ।
প্ৰেৰক প্ৰাঞ্জল প্ৰতিম