নিয়মীয়া বাৰ্তা, ১২ আগষ্ট : শোণিতপুৰৰ বালিপৰা খণ্ড প্ৰাথমিক শিক্ষা বিষয়া কাৰ্যালয়ৰ চাৰিদুৱাৰ-২ মণ্ডল সমল কেন্দ্ৰৰ অধীনৰ নেভিল উচ্চতৰ মাধ্যমিক বিদ্যালয়ত (পূৰ্বৰ চাৰিদুৱাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়) আজি অসম চৰকাৰৰ শিক্ষা বিভাগৰ নিযুত মইনা আঁচনিৰ প্ৰ-পত্ৰ ছাত্ৰীৰ মাজত বিতৰণ কৰে নদুৱাৰ বিধানসভা সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই । আজি দিনৰ ১:৩০ বজাত বিদ্যালয়খনত উপস্থিত হৈ প্ৰ-পত্ৰ বিতৰণ কৰি ভাষণ প্ৰসংগত কয় যে অসমত নাৰী শিক্ষাৰ বিকাশৰ বাবে ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে সময়োপযোগী পদক্ষেপ গ্ৰহণ কৰিছে। বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয়ত অধ্যয়নৰত ছাত্ৰীৰ অৰ্থনৈতিক সবলীকৰণৰ উদ্দেশ্যে গ্ৰহণ কৰা নিযুত মইনা নামৰ শৈক্ষিক আঁচনিখন ইয়াৰ এক জ্বলন্ত উদাহৰণ । এই আঁচনিৰ জৰিয়তে অধ্যয়নৰত ছাত্ৰীসকল অৰ্থনৈতিকভাৱে স্বাৱলম্বী হোৱাটো নিশ্চিত । লগতে সমাজত অভিভাৱকৰ মাজত নাৰী শিক্ষাৰ প্ৰতি ধাউতিও বৃদ্ধি কৰিব । একেদৰে বাল্য বিবাহ প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰতো এই আঁচনিয়ে আশাৰ সঞ্চাৰ কৰিব । আত্মনিৰ্ভৰশীল অসম তেতিয়াহে সম্ভৱ হ’ব যেতিয়া নাৰী শিক্ষাৰ প্ৰতি অভিভাৱকৰ লগতে সমাজ অধিক সচেতন হ’ব । বৰ্তমান প্ৰতিযোগিতামূলক সময়ত নাৰীক গুণগত শিক্ষাৰে শিক্ষিত কৰিলে নাৰীৰ সামাজিক মৰ্যাদা পূৰ্বতকৈ বৃদ্ধি পাব । বেটী বচাও বেটী পঢ়াও ধাৰণা অধিক সবল হ’ব । নাৰীয়ে পূূৰ্বতকৈ অধিক পৰিমাণে অৰ্থনৈতিকভাৱে সবল হৈ নিজৰ ঘৰখন, সমাজখন সবলীকৰণ কৰাত আগভাগ ল’ব পাৰিব । অসমক শ্ৰেষ্ঠ আৰু আত্মনিৰ্ভৰশীল কৰাৰ সপোন নাৰী শিক্ষাৰ সুস্থ বিকাশ, প্ৰসাৰৰ যোগেদিহে সম্ভৱ হ’ব । নিযুত মইনা আঁচনিৰ লাভালাভ প্ৰতিগৰাকী ছাত্ৰীয়ে গ্ৰহণ কৰক । প্ৰ-পত্ৰসমূহ পূৰণ কৰিব অনতিপলমে জমা দিয়ক । নেভিল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ৰাজেশ দাসে আঁত ধৰা অনুষ্ঠানটোত বিধায়কগৰাকীয়ে বিদ্যালয়খনৰ সৰ্বমুঠ ১০৫গৰাকীকৈ ছাত্ৰীক নিযুত মইনা আঁচনিৰ একোখনকৈ প্ৰ-পত্ৰ আৰু ভৰলীপৰীয়া কন্যকা বহুমুখী পামৰ পৰা অনা একোটাকৈ মূল্যৱান গছপুলি বিতৰণ কৰে । উল্লেখ্য যে বিতৰণ অনুষ্ঠানটোৰ আৰম্ভণিতে বিধায়কগৰাকীয়ে বিদ্যালয় চৌহদত এজোপা মূল্যৱান গছপুলিও ৰোপণ কৰে । অনুষ্ঠানটোত বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি উৎপল দাস, পৰীক্ষা পৰিচালনা সমিতিৰ সভাপতি দেৱকান্ত শইকীয়া, সমাজকৰ্মী অৰুণ ভূঞা, চাৰিদুৱাৰ জিলা পৰিষদ সদস্য কৃষ্ণ কোচৰ লগতে ভালেমান বিশিষ্ট ব্যক্তি, বিদ্যালয়খনৰ শিক্ষাগুৰু, ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে ।
প্ৰেৰক প্ৰাঞ্জল প্ৰতিম