নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নলবাৰীত ভয়ংকৰ দুৰ্ঘটনা : ডাম্পাৰৰ খুন্দাত কলেজীয়া ছাত্ৰীৰ মৃত্যু

🔹 শ শ ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদী কাৰ্যসূচী : ঘাইপথ অৱৰোধ

নিয়মীয়া বাৰ্তা, ১২ আগষ্ট : তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত আজি পুৱাৰ ভাগত নলবাৰীত এগৰাকী কলেজীয়া ছাত্ৰীয়ে কৰুণভাৱে মৃত্যুক আঁকোৱালি লোৱা ঘটনাই নলবাৰীত গভীৰ শোকৰ ছাঁ পেলাইছে। অকালতে ইহসংসাৰৰ পৰা বিদায় লোৱা ছাত্ৰীগৰাকী হ’ল জিলাখনৰ ক্ষুদ্ৰ কটলা বৰকুছি গাঁৱৰ পায়েল দেৱী (১৬)। জানিব পৰা মতে, উক্ত গাঁৱৰ দিলীপ দেৱনাথ আৰু মমতা দেৱীৰ তৃতীয়া কন্যা পায়েলে আনদিনাৰ দৰে আজিও নলবাৰী চহৰত তেওঁ অধ্যয়ন কৰা স্প্ৰিংডেল একাডেমীলৈ চাইকেলেৰে আহি আছিল। তেনে সময়তে তেওঁ নলবাৰী-ধমধমা পথত উঠাৰ অলপ পিছতে ধমধমাৰ দিশৰ পৰা অহা তীব্ৰবেগী ডাম্পাৰে পায়েলক মহটিয়াই নি পলায়ন কৰে। ফলত পায়েলৰ ঘটনাস্থলীতে মৃত্যু হয়। ইয়াৰ পিছতে পৰিস্থিতি ভয়ংকৰ হৈ পৰে। একাডেমীখনৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী তথা ৰাইজে সমীপৰ গণেশ মন্দিৰ চ’কৰ ৩১ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত বহি লৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰীসকলে টায়াৰ জ্বলাই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। ইয়াৰ ফলত প্ৰায় পাঁচ ঘন্টা ধৰি ৰাজপথ অৱৰোধ হৈ থকাত তীব্ৰ যান-জঁটৰ সৃষ্টি হয়| পিছত ঘটনাস্থলীত নলবাৰী জিলাৰ আৰক্ষী অধীক্ষক সুপ্ৰিয়া দাস উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ চেষ্টা কৰে যদিও প্ৰতিবাদকাৰীসকলে জিলা আয়ুক্তৰ উপস্থিতিৰ দাবী কৰে। পিছত ঘটনাস্থলীত গৈ জিলা আয়ুক্ত উপস্থিত হোৱাত প্ৰতিবাদকাৰীসকলে কেইবাটাও দাবী সম্বলিত এখন দাবীপত্ৰ প্ৰদান কৰে। জিলা আয়ুক্তই তেওঁলোকৰ দাবী মানি লোৱাৰ আশ্বাস প্ৰদান কৰাত পৰিস্থিতি হয়। জিলা আয়ুক্তই ডাম্পাৰ চালকসকলক সকীয়নি প্ৰদান কৰাৰ লগতে নিৰ্ধাৰিত সময়ৰ বাহিৰে ডাম্পাৰৰ চলাচল নিষিদ্ধ কৰিব বুলি সংবাদ মাধ্যমৰ সন্মুখত প্ৰকাশ কৰে। ঘটনা সন্দৰ্ভত তদন্ত ঘোষণা কৰে জিলা আয়ুক্তই। ডিডিচি অথবা এডিচি পৰ্যায়ৰ বিষয়াৰ লগতে দণ্ডাধীশ, ডিটিঅ’, আৰক্ষী বিষয়াৰ দ্বাৰা উক্ত কমিটীখন গঠন কৰা হ’ব। আনহাতে, দুদিনৰ ভিতৰত তদন্তৰ প্ৰতিবেদন জমা দিয়াৰ নিৰ্দেশ দিয়ে। ইপিনে, পৰৱৰ্তী সময়ত আৰক্ষীয়ে দুৰ্ঘটনা সংঘটিত কৰা এ এছ-০২ চিচি-১৫৪৭ নম্বৰৰ ডাম্পাৰখন জব্দ কৰিবলৈ সক্ষম হয়। সম্প্ৰতি গাড়ীৰ চালকজন নলবাৰী সদৰ থানাত আছে বুলি জনা গৈছে। ইপিনে, ছাত্ৰী পায়েলৰ মৃতদেহৰ মৰণোত্তৰ পৰীক্ষা কৰাৰ পিছত বিয়লি গৃহগাঁৱত শোকাকুল পৰিৱেশৰ মাজত অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয়৷

প্ৰেৰক শ্বাহ আলম আহমেদ

You might also like