এসপ্তাহে স্পর্শ কৰা নাই মোৰ মুখঃ ট্রাম্প
নিয়মীয়া বাৰ্তা, ৬ মার্চঃ আমেৰিকাৰ ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে বুধবাৰে অভিযোগ কৰিছে যে ক’ৰোনা ভাইৰাছবিৰোধী পদক্ষেপসমূহ লওঁতে নিজৰ মুখক স্পর্শ কৰাৰ ক্ষেত্রতো দূৰত থাকিবলৈ পৰামর্শ দিছে ৷ ট্রাম্পে হোৱাইট হাউছত এখন বৈঠকত বিমান কার্যবাহী আৰু প্রশাসনৰ কর্মকর্তাৰ স’তে চেনিটেৰী ব্যৱস্থাসমূহৰ বিষয়ে আলোকপাত কৰি কভিড–১৯ ভাইৰাছ ৰোধৰ ক্ষেত্রত ব্যৱস্থা গ্রহণৰ বিষয়ে আলোচনা কৰিছিল ৷ কার্যবাহীসকলে বিমানত বর্ধিত পৰিচ্ছন্নতাৰ কার্যক্রমৰ বিষয়ে ব্যাখ্যা কৰিছিল ৷ হোৱাইট হাউছৰ ক’ৰোনা ভাইৰাছ প্রতিক্রিয়া সমন্বয়ৰক্ষী ডেৱোৰা বাক্সে সোঁৱৰাই দি কৈছিল– ‘হাত ধোৱাৰ সময়ত সাধাৰণ জ্ঞানৰ কথা হ’ল যাতে আপোনাৰ মুখত স্পর্শ নকৰে ৷’ এই বক্তব্যৰ পিছত ৰাষ্ট্রপতি ট্রাম্পে কৌতুক কৰি কৈছিল– ‘মই এসপ্তাহে মোৰ মুখ স্পর্শ কৰা নাই ৷’