নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মোবাইলত পি এম কিষাণৰ লিংক প্ৰেৰণেৰে সৰকালে সাঁচতীয়া ধন

🔹 নগৰবেৰাত চাইবাৰ চক্ৰৰ ভয়ানক জাল

নিয়মীয়া বাৰ্তা, ১৩ আগষ্ট : কামৰূপৰ নগৰবেৰা আৰক্ষী থানাৰ অন্তৰ্গত টুপামাৰী অঞ্চলৰ একাংশ সহজ-সৰল লোকক লক্ষ্য কৰি শেহতীয়াকৈ চাইবাৰ চক্ৰ এটাই ভয়ংকৰ জাল পেলাইছে ৷ প্ৰাপ্ত তথ্য অনুসৰি, গাঁওখনৰ মইদুল ইছলাম নামৰ এজন যুৱকৰ মোবাইল ফোনলৈ Kamrup (R) MTET Qualified নামৰ ৬৯জন লোক সংযুক্ত থকা এটা হোৱাটছএপ গ্ৰুপৰ পৰা হঠাৎ পি এম কিষাণৰ এটা লিংক আহে আৰু সেই লিংকত ক্লিক কৰাত তেওঁৰ মোবাইল ফোন হেকাৰে হেক কৰে আৰু কিছু সময় পিছতে তেওঁৰ একাউণ্টৰ পৰা দহ হাজাৰ টকা লুটি নিয়াৰ লগতে মইদুল ইছলাম নামৰ যুৱকজনৰ টেলিফোন নম্বৰৰ পৰা তেওঁৰে হোৱাটছএপ ব্যৱহাৰ কৰি অঞ্চলটোৰ কেইবাজনো লোকলৈ একে লিংক প্ৰেৰণ কৰে আৰু অনুৰূপ ধৰণে কেইবাজনো লোকৰ বেংকৰ সাঁচতীয়া ধন লুটি নিয়ে ৷ প্ৰথম অৱস্থাত তেওঁ মোবাইল ফোন হেক হোৱা বুলি গম পোৱা নাছিল যদিও আজি বিয়লি তেওঁলৈ বন্ধু এজনে ফোন কৰাতহে পোহৰলৈ আহে সমগ্ৰ ঘটনা ৷ ইপিনে, নগৰবেৰাৰ কেইবাটাও অঞ্চলত সক্ৰিয় হৈ থকা চাইবাৰ চক্ৰই কেইবাজনো লোকক ইতিমধ্যে সৰ্বস্বান্ত কৰা ঘটনাই সমগ্ৰ অঞ্চলতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ইপিনে, ঘটনা সন্দৰ্ভত ভুক্তভোগী মইদুল ইছলামে নগৰবেৰা থানাত এখন এজাহাৰ দাখিল কৰা বুলিও জানিব পৰা গৈছে |আৰক্ষীয়ে বিষয়টোত গুৰুত্ব আৰোপ কৰি তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে ৷

প্ৰেৰক সঞ্জীৱ কুমাৰ দাস

You might also like