নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শতায়ু গৰকা ৰাষ্ট্রসংঘৰ প্রাক্তন সচিবপ্রধান জেভিয়েৰ পেৰেজ ডি কোৱেলাৰৰ দেহাৱসান

নিয়মীয়া বাৰ্তা, ৬ মার্চঃ ৰাষ্ট্রসংঘৰ দুবাৰকৈ সচিবপ্রধানৰ পদত অধিষ্ঠিত হোৱা পেৰুৰ প্রধানমন্ত্রী জেভিয়েৰ পেৰেজ ডি কোৱেলাৰৰ ১০০ বছৰ বয়সত মৃত্যু হৈছে ৷ ৰাষ্ট্রসংঘৰ সচিবপ্রধান হৈ থকাৰ সময়ত তেওঁ ১৯৮৮ চনত ইৰান আৰু ইৰাকৰ মাজত থকা ঐতিহাসিক যুদ্ধ বিৰতি ভংগ কৰিছিল ৷ অৱসৰৰ পিছত পেৰুৰ গণতন্ত্র পুনৰ প্রতিষ্ঠাত সহযোগ কৰিছিল ৷ উল্লেখ্য যে ১৯৮২ চনৰ ১ জানুৱাৰীত প্রথমবাৰৰ বাবে তেওঁ ৰাষ্ট্রসংঘৰ সচিবপ্রধানৰ পদত অধিষ্ঠিত হৈছিল ৷ দশকজোৰা কার্যকালত কোৱেলাৰে কলম্বিয়াৰ যুদ্ধ, ইৰাক–ইৰানৰ যুদ্ধৰ সমাপ্তি ঘটোৱাত গুৰুত্বপূর্ণ পদক্ষেপ লৈছিল ৷

You might also like