পাঁচখন দেশ ভ্রমণ কৰিব পৱিত্ৰ মার্ঘেৰিটাই
🔹 ৰাজ্যিক বৈদেশিক পৰিক্রমা মন্ত্রী হিচাপে প্রথম বিদেশ ভ্রমণ
বিশেষ বাৰ্তা, ১৩ আগষ্ট : ৰাজ্যিক বৈদেশিক পৰিক্রমা মন্ত্রী হিচাপে প্রথম বিদেশ ভ্রমণ কৰিব পৱিত্র মার্ঘেৰিটাই৷ অসমৰ ৰাজ্যসভাৰ সাংসদগৰাকীয়ে অহা ১৬ আগষ্টৰ পৰা ২৪ আগষ্টলৈ লেটিন আমেৰিকা আৰু কেৰিবিয়ান দ্বীপপুঞ্জৰ মুঠ ৫খন দেশ ভ্রমণ কৰিব৷ এই দেশসমূহৰ ভিতৰত আছে ড’মিনিকান ৰিপাব্লিক, গুৱাটেমালা, এল ছালভাড’ৰ, পানামা, ত্রিনিদাদ এণ্ড টবেগো৷ কেন্দ্রীয় ৰাজ্যিক মন্ত্রীগৰাকীয়ে ১৬ আগষ্টত উপস্থিত হ’ব ডমিকান গণৰাজ্যত৷ আনহাতে, ১৭ৰ পৰা ১৯ আগষ্টলৈ ভ্রমণ কৰিব গুৱাটেমালা৷ মুখ্যতঃ ডমিনিকান গণৰাজ্যৰ নৱনির্বাচিত ৰাষ্ট্রপতি এছ ই লুইছ আবিনাডৰ শপত গ্রহণ অনুষ্ঠানত অংশগ্রহণ কৰিব পৱিত্র মার্ঘেৰিটাই৷ একেদৰে গুৱাটেমালাত দেশখনৰ বৈদেশিক পৰিক্রমা মন্ত্রী কার্লোচ ৰামিৰ’ মার্টিনেজৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হ’ব মন্ত্রীগৰাকী৷