নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যৰ ২২গৰাকী ব্যক্তিলৈ বিশিষ্ট সেৱা পদক কেন্দ্ৰীয় গৃহ বিভাগৰ

বিশেষ বাৰ্তা, নতুন দিল্লী, ১৪ আগষ্টঃ অসামৰিক নিৰাপত্তা প্ৰদানৰ ক্ষেত্ৰত উৎকৃষ্ট সেৱা প্ৰদান কৰি অসমৰ মুঠ ২২ গৰাকী ব্যক্তিয়ে লাভ কৰিছে বিশিষ্ট সেৱা প্ৰদক। স্বাধীনতা দিৱস উপলক্ষে কেন্দ্ৰীয় গৃহ বিভাগে জাৰি কৰা প্ৰশংসা তালিকাত বিশিষ্ট সেৱাৰ বাবে ৰাষ্ট্ৰপতিৰ পদক লাভ কৰিছে অসম আৰক্ষীত উপ-মহাপৰিদৰ্শক হিচাপে কৰ্মৰত ৰত্না সিঙে। গৃহৰক্ষী আৰু অসামৰিক প্ৰতিৰক্ষা শীতানত অনুৰূপ পদক লাভ কৰিবলৈ সক্ষম হৈছে জ্যেষ্ঠ কৰ্মচাৰী বিষয়া জ্যোতি বৰাই। আনহাতে প্ৰশংসনীয় সেৱাৰ বাবে পদক অৰ্জন কৰিছে অসমৰ আৰক্ষীৰ ১৩ গৰাকী বিষয়া-জোৱান, অগ্নি নিৰ্বাপক সেৱাৰ ৪ গৰাকী, গৃহৰক্ষী আৰু অসামৰিক প্ৰতিৰক্ষাৰ ৩ গৰাকী ব্যক্তিয়ে। প্ৰশংসনীয় সেৱাৰ বাবে পদক অৰ্জন কৰা অসম আৰক্ষীৰ বিষয়া-জোৱান সকল হৈছে উপ-মহাপৰিদৰ্শক বিজয় গিৰি কুলিগ্ৰাম, আৰক্ষী অধীক্ষক মিহিৰ জিৎ গায়ন, ৰঞ্জন ভূঞা, সিংহৰাম মিলি, পৰিদৰ্শক মনোজ কুমাৰ সিঙ, উপ-পৰিদৰ্শক ত্ৰৈলোক্য শৰ্মা, বিপুল শইকীয়া, সহ উপ-পৰিদৰ্শক কামিনী ডেকা, নায়ক বিজু লহকৰ, প্ৰফুল্ল ডেকা, শৈলেন কাকতি, কান্ত সিংহ আৰু ইনামূল হক। একেদৰে অগ্নি নিৰ্বাপক সেৱাত এই পদক লাভ কৰিছে লিডিং ফায়াৰমেন তাৰিণী বৰ্মন, উপ বিষয়া পুলক ঠাকুৰিয়া, গাড়ী চালক দীপক কুমাৰ শৰ্মা আৰু মহাদেৱ বড়ো। গৃহৰক্ষী আৰু অসামৰিক প্ৰতিৰক্ষাত প্ৰশংসনীয় সেৱাৰ বাবে অনুৰূপ পদক অৰ্জন কৰিছে প্লাটুন কমাণ্ডাৰ ডিম্বেশ্বৰ লাহন, চুবেদাৰ জয়নাল আবেদিন আৰু নায়ক ছানছুমা বছুমতাৰী। মন কৰিব লগীয়া যে এইবাৰ সাহসিকতাৰ বাবে অসমৰ পৰা কোনেও পদক অৰ্জন কৰিব পৰা নাই। উল্লেখ্য যে স্বাধীনতা দিৱস উপলক্ষ্যে দেশৰ তথা ৰাজ্যৰ বিভিন্ন অসামৰিক নিৰাপত্তা বাহিনীৰ মুঠ ১,০৩৭ জন ব্যক্তিক বিভিন্ন শীতানত পদক প্ৰদান কৰিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে।

প্ৰেৰক কল্লোল ভৌমিক

You might also like