নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৫৪২ কেজি ওজন কমাই জীৱন ৰক্ষা ছৌদিৰ যুৱকৰ

🔹 ৬১০ কিলোগ্রামৰ পৰা ৬৩.৫ কিলোগ্রামলৈ ওজন হ্ৰাস খালিদৰ

নিউজ ডেস্ক, ১৬ আগষ্ট : বিশ্বৰ একালৰ আটাইতকৈ বেছি ওজনৰ ব্যক্তিগৰাকীয়ে নিজৰ শৰীৰৰ ৫৪২ কিলোগ্রাম ওজন হ্রাস কৰিবলৈ সক্ষম হৈছে৷ ইয়াৰ বাবে খালিদ বিন মহছেন শ্বাৰি নামৰ ব্যক্তিগৰাকীয়ে ছৌদি আৰবৰ প্রাক্তন ৰজা আব্দুল্লাক ধন্যবাদ জনাইছে৷ ২০১৩ চনত খালিদৰ শৰীৰৰ ওজন বৃদ্ধি হৈছিল ৬১০ কিলোগ্রামলৈ৷ ইয়াৰ ফলত খালিদৰ জীৱনলৈ নামি আহিছিল ভাবুকি৷ তিনি বছৰতকৈ অধিককাল ধৰি এই অত্যধিক ওজনৰ বাবে শয্যাগত হৈ আছিল খালিদ৷ তেওঁৰ অৱস্থা ইমানেই শোচনীয় হৈ পৰিছিল যে প্রতিটো ক্ষেত্রতে বন্ধু আৰু পৰিয়ালৰ সদস্যসকলৰ ওপৰত নির্ভৰ কৰিবলগীয়া হৈছিল৷ সামান্য প্রয়োজনতে বন্ধু–বান্ধৱ তথা পৰিয়ালৰ সদস্যসকলেই তেওঁক সহায় কৰিছিল৷ খালিদৰ এই যন্ত্রণাৰ কথা জনাৰ পিছতে তেতিয়াৰ ৰজা আব্দুল্লাই যুৱকজনৰ জীৱন ৰক্ষা কৰিবলৈ সর্বাত্মক প্রচেষ্টা চলায়৷ কোনোধৰণৰ খৰচ অবিহনে খালিদৰ চিকিৎসাৰ ব্যৱস্থা কৰে ৰজা আব্দুল্লাই৷ খালিদক গৃহ চহৰ জাজানৰ পৰা ৰিয়াদৰ কিং ফাহাদ মেডিকেল চিটীলৈ লৈ যোৱা হয়৷ ৩০জনীয়া চিকিৎসা বিশেষজ্ঞই খালিদৰ চিকিৎসা কৰে৷ খালিদক খাদ্যগ্রহণৰ ক্ষেত্রত কঠোৰ নিয়ম বান্ধি দিয়ে এই চিকিৎসকসকলে৷ লক্ষণীয়ভাৱে এই সময়ছোৱাতে খালিদৰ গেষ্ট্রিক বায়’পাছ ছার্জাৰীও হয়৷ মধ্যপ্রাচ্যৰ কেইবাগৰাকীও চিকিৎসা বিজ্ঞানীয়ে খালিদৰ ওজন হ্রাসৰ বাবে বিশেষ ব্যৱস্থা গ্রহণ কৰে৷ ২০২৩ চনত খালিদৰ ওজন হ্রাস পায় ৫৪২ কিলোগ্রাম৷ এতিয়া তেওঁৰ ওজন মাত্র ৬৩.৫ কিলোগ্রাম৷

You might also like