নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাজুলীত বন্যহস্তীৰ উপদ্ৰৱ : কুমলীয়া-টিকৰাই চাপৰিত ভাঙিলে ৭০টা গোহালি-ম’হৰ খুঁটি

নিয়মীয়া বাৰ্তা, ১৬ আগষ্ট : উজনি মাজুলীৰ চৰ-চাপৰিসমূহত দীৰ্ঘদিনৰ পৰা বনৰীয়া হাতীয়ে উপদ্ৰৱ চলাই আহিছে ৷ ওৰে নিশা পহৰা দি চাপৰিবাসীয়ে দিন অতিবাহিত কৰিব লগা হৈ আহিছে৷ বৰ্তমান কমলাবাৰী পাৰঘাটৰ সন্মুখৰ চৰ-চাপৰিসমূহত থকা গৰু গোহালি, ম’হৰ খুঁটিসমূহত উপদ্ৰৱ চলাই আহিছে।   এই চাপৰিত থকা  গোৱালসকলে মহা সমস্যাৰ মাজত জীৱন-মৰণেৰে যুঁজি দিন অতিবাহিত কৰিছে ৷ উল্লেখ্য যে ১৪ আগষ্টৰ পুুৱতি নিশা বন্যহস্তীয়ে উপদ্ৰৱ চলাই দক্ষিণপাটৰ সন্মুখৰ চাপৰিৰ দেৱেন কলিতা, শ্ৰীমন্ত কলিতা, নীল কলিতা, তাবিজ কলিতা, কমল কলিতা, বুপায়কণ কলিতা, প্ৰশান্ত কলিতা, দুদু কলিতাকে ধৰি বহু লোকৰ প্ৰায় ৭০টা ম’হ আৰু গৰুৰ খুঁটি ভাঙি তহিলং কৰে। জানিব পৰা মতে, বৰ্তমানো কমলাবাৰী ঘাটৰ সন্মুখৰ ব্ৰহ্মপুত্ৰৰ চৰাঞ্চলত এজাক বনৰীয়া হাতীয়ে আশ্ৰয় গ্ৰহণ কৰি  আছে । আজি কেইবাদিনৰ পৰা  হাতীৰ  জাকটোৱে  নিশা ব্ৰহ্মপুত্ৰৰ কাষৰ  পথাৰত  সোমাই ভালেমান ধানখেতি অনিষ্ট কৰে । উল্লেখ্য যে প্ৰতি বছৰে আহু খেতিৰ সময়ত বনৰীয়া হাতীৰ জাকটো আহি কৃষকসকলৰ যথেষ্ট ক্ষতি কৰি আহিছে । এই বছৰো তাৰ ব্যতিক্ৰম হোৱা নাই। বাতৰি লিখা পৰলৈকে কমলাবাৰী আগফালৰ চাপৰি আৰু টিকৰাই চাপৰিত আশ্ৰয় লৈ থকা হাতীৰ জাকটো ৰাতি হোৱাৰ লগে লগে জনাঞ্চল আৰু গৰু গোহালি থকা ম’হৰ খুঁটি থকা চাপৰিত প্ৰৱেশ কৰি খেতিপথাৰত উপদ্ৰৱ চলোৱাৰ লগতে গোহালি ভাঙিব বুলি স্থানীয় ৰাইজে আশংকা প্ৰকাশ কৰিছে । ইফালে, বনৰীয়া হাতীৰ উপদ্ৰৱৰ সময়ত বন বিভাগে নিষ্ক্ৰিয় ভূমিকা গ্ৰহণ কৰা বুলি গাঁওবাসীয়ে অভিযোগ তুলিছে ৷
প্ৰেৰক প্ৰাঞ্জল খাউণ্ড
You might also like