নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তিনিচুকীয়াত জনজাতিকৰণৰ দাবীত অৱস্থান ধৰ্মঘট মটক জনগোষ্ঠীৰ

🔹 বাংলাদেশীৰ অসমত প্ৰৱেশক লৈ ব্যৱস্থা গ্ৰহণৰ দাবী

বিশেষ বাৰ্তা, ১৬ আগষ্ট : বিজেপিশাসিত চৰকাৰৰ দুটাকৈ কাৰ্যকালত মটক জনগোষ্ঠীক জনজাতিকৰণৰ বিষয়টি চৰকাৰী ফাইলৰ মাজতে সীমাবদ্ধ হৈ ৰোৱাৰ অভিযোগ উত্থাপন কৰি আজি মটক জনগোষ্ঠীৰ কেউটা সংগঠনে একত্রিত হৈ তিনিচুকীয়াৰ থানা চাৰিআলিত মটক জনগোষ্ঠীক জনজাতিকৰণৰ লগতে আন কেইবাটাও দাবীত ৩ ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ৷ সদৌ অসম মটক সন্মিলন, সদৌ অসম মটক যুৱ-ছাত্ৰ সন্মিলন, সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদ, সদৌ অসম মটক ছাত্ৰ সন্থা, সদৌ অসম মটক মহিলা পৰিষদে সাব্যস্ত কৰা প্ৰতিবাদৰ সময়ত মটক জনগোষ্ঠীক জনজাতিকৰণ কৰক, জনজাতিকৰণৰ নামত প্ৰতাৰণা নকৰিব আদি বিভিন্ন শ্ল’গানেৰে তিনিচুকীয়াৰ পৰিৱেশ উত্তাল কৰি তোলে ৷ উক্ত প্ৰতিবাদৰ জৰিয়তে পৰৱৰ্তী সময়ত ১১টাকৈ দাবী সম্বলিত এখন স্মাৰক-পত্ৰ পাঁচোটা সংগঠনৰ নেতৃত্বই স্বাক্ষৰ কৰি জিলা আয়ুক্তৰ জৰিয়তে ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে ৷ স্মাৰক-পত্ৰত সন্নিৱিষ্ট দাবীসমূহ ক্ৰমে মটক জনগোষ্ঠীক শীঘ্ৰে জনজাতিৰ সংবিধানিক মৰ্যাদা প্রদান কৰা, মটক জনগোষ্ঠীক পূর্ণ স্বায়ত্ত শাসন প্রদানেৰে এখন পূর্ণাংগ মটক স্বায়ত্তশাসিত পৰিষদ গঠন কৰা, অত্যাধুনিক বিজ্ঞান-প্রযুক্তিৰে তথা বিজ্ঞানসন্মতভাৱে প্রতিবছৰে অসমত সৃষ্টি হোৱা ভয়াৱহ বান সমস্যাৰ স্থায়ী সমাধান কৰা, অসমত যাতে এজনো বাংলাদেশী অনুপ্রৱেশকাৰীয়ে প্ৰৱেশ কৰিব নোৱাৰে, তাৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰে তাৎক্ষণিকভাৱে যাৱতীয় ব্যৱস্থা গ্রহণ কৰা, অসম চৰকাৰৰ অধীনস্থ নিকায়-নিগমসমূহত মটক জনগোষ্ঠীৰ যোগ্য ব্যক্তিক অগ্রাধিকাৰ দিয়া, মটক ৰজা স্বৰ্গদেউ সর্বানন্দ সিংহ দিৱস ২৪ মে’ তাৰিখটো স্থায়ীভাৱে ৰাজ্যিক বন্ধ দিন হিচাপে ঘোষণা কৰা, মটক ৰজা স্বৰ্গদেউ সৰ্বানন্দ সিংহ সোঁৱৰণী ৰাষ্ট্ৰীয় পৰ্যায়ৰ আমন্ত্রণমূলক ফুটবল খেলৰ শিতানত প্ৰতি বছৰে পঞ্চাশ লাখ টকা ধাৰ্য কৰা, ডিব্ৰুগড়-যোৰহাট সংলগ্ন ৩৭নং জৰাজীৰ্ণ চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় পথছোৱাৰ নিৰ্মাণ কাৰ্য ক্ষিপ্ৰতাৰে সমাপন কৰিবলৈ যাৱতীয় ব্যবস্থা গ্ৰহণৰ বাবে অসম চৰকাৰে কেন্দ্রীয় চৰকাৰক হেঁচা প্রয়োগ কৰা, অসমত ছানি ধৰা মাৰাত্মক ড্ৰাগছৰ পয়োভৰ শীঘ্রে নির্মূল কৰণার্থে যাৱতীয় বিহিত ব্যৱস্থা গ্রহণ কৰি উঠি অহা নৱপ্ৰজন্মক সম্ভাব্য ধ্বংসৰ গৰাহৰ পৰা উদ্ধাৰ কৰা, বি ফার্ম পাঠ্যক্রমত মটক জনগোষ্ঠীৰ শিক্ষার্থীৰ বাবে যথোপযুক্ত আসন সংৰক্ষণ কৰা, মটক জনগোষ্ঠীৰ ঐতিহাসিক কীর্তিচিহ্নসমূহৰ সংৰক্ষণ আৰু সৌন্দর্যবর্ধন কৰাৰ লগতে বেদখলমুক্ত কৰা আদি।

প্ৰেৰক বিবেক বড়া

You might also like