নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিমাকুছি মহাবিদ্যালয়ত ৫ দিনলৈ পাঠদান বৰ্জন শিক্ষক-শিক্ষয়িত্ৰীৰ

🔹 পেটত গাঁঠি বান্ধি ২২ বছৰে বিনাবেতনে শিক্ষাদান

নিয়মীয়া বাৰ্তা,  ১৬ আগষ্ট : স্বাধীনতা দিৱসত বিটিআৰপ্ৰধান প্ৰমোদ বড়োৱে বিটিআৰ অঞ্চলৰ বিদ্যালয়/মহাবিদ্যালয় প্ৰাদেশিকীকৰণৰ বিষয়ে এটা শব্দও উচ্চাৰণ নকৰাত জাঙুৰ খাই উঠিছে সদৌ বিটিআৰ অ-প্ৰাদেশীকৃত শিক্ষক সন্থা । অ-প্ৰাদেশীকৃত শিক্ষক সন্থাৰ সিদ্ধান্ত মৰ্মে ১৬ আগষ্টৰ পৰা ২০ আগষ্টলৈকে ৫ দিনলৈ বিটিআৰৰ ১৬খন জুনিয়ৰ কলেজ, ১২৫খন হাইস্কুল, ১২০৭খন প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীৰ সৈতে ডিমাকুছি জুনিয়ৰ কলেজতো পেন ডাউন কাৰ্যসূচী আৰম্ভ কৰিছে । অ-প্ৰাদেশীকৃত শিক্ষক সন্থাৰ পেন ডাউন কাৰ্যসূচীত ২২ বছৰে বিনাবেতনে শিক্ষাদান কৰি অহা ডিমাকুছি জুনিয়ৰ কলেজৰ অধ্যক্ষ চাৱৰ আলী শিকদাৰ আৰু সহকাৰী শিক্ষকে সাংবাদিকৰ আগত দুখ প্ৰকাশ কৰি কয় যে তেওঁলোকে বছৰ বছৰ ধৰি শিক্ষকতা কৰি অহাৰ পিছতো তেওঁলোকৰ চাকৰি নিয়মীয়া নহ’ল আজিলৈ। অ-প্ৰাদেশীকৃত শিক্ষকৰ অৱসৰৰ সময় হোৱাৰ পিছতো গুৰুত্ব নিদিলে চৰকাৰে। সেয়েহে অ-প্ৰাদেশীকৃত শিক্ষকসকলক চৰকাৰে গুলীয়াই মাৰক বুলি ক্ষোভত দুখ প্ৰকাশ কৰে । প্ৰতি বছৰে চৰকাৰে মাথোঁ প্ৰতিশ্ৰুতি দিয়েই দায়িত্ব সামৰাত তীব্ৰ গৰিহণা দিয়ে । নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে প্ৰতিশ্ৰুতি দিছিল, বিটিআৰপ্ৰধান প্ৰমোদ বড়োৱে কৈছিল শিক্ষাৰ ক্ষেত্ৰত সকলো বিদ্যালয়-মহাবিদ্যালয় চৰকাৰী কৰা হ’ব বুলি। চৰকাৰে মহাবিদ্যালয়ৰ অধ্যাপক-অধ্যাপিকাৰ চাকৰি নিয়মীয়াকৰণৰ প্ৰতিশ্ৰুতি দিয়ে যদিও আজিলৈ একো গুৰুত্ব নিদিলে । বৰ্তমান পানীত হাঁহ নচৰা অৱস্থা হৈছে বিনাবেতনে পাঠদান কৰি অহা শিক্ষক-শিক্ষয়িত্ৰীৰ ৷ উল্লেখ্য যে ডিমাকুছি জুনিয়ৰ কলেজত বৰ্তমান ১৮গৰাকী শিক্ষক, ষ্টাফ আৰু ৭গৰাকী আন-টিচিং সৰ্বমুঠ ২৫গৰাকী শিক্ষক-শিক্ষয়িত্ৰীয়ে বিগত ২২ বছৰে বিনাবেতনে শিক্ষকতা কৰি আহিছে । ইয়াৰ বিৰুদ্ধে আজিৰে পৰা সমগ্ৰ বিটিআৰৰ লগতে ডিমাকুছি জুনিয়ৰ কলেজতো শিক্ষক-শিক্ষয়িত্ৰীয়ে পেন ডাউন কাৰ্যসূচী হাতত লৈ শিক্ষাদানৰ পৰা বিৰত থাকে।

প্ৰেৰক পিংকু কলিতা

You might also like