🔹 মন্দিয়াত শিহৰণকাৰী ঘটনা : আটক ঘাতক মাতৃক
নিয়মীয়া বাৰ্তা, ১৬ আগষ্ট : বৰপেটা জিলাৰ বাঘবৰ আৰক্ষী থানাৰ অধীনস্থ আগমন্দিয়া গাঁৱত এক শিহৰণকাৰী ঘটনা সংঘটিত হয় । জানিব পৰা মতে, নিজ জন্মদাত্ৰী মাতৃয়ে আজি নিজে মৰিয়াই মৰিয়াই ১৮ মহীয়া নিষ্পাপ দেৱশিশু এটিক হত্যা কৰাৰ ঘটনা পোহৰলৈ আহিছে।দীৰ্ঘদিনে পুত্ৰ শিশুটিক পাষাণ মাতৃয়ে চলাই আহিছিল অমানুসিক অত্যাচাৰ আৰু নিৰ্যাতন।ইতিমধ্যে হত্যাকাৰী মাতৃ অলিমা পাৰবিনে ৰাইজৰ আগত অকপটে স্বীকাৰ কৰে এই নিৰ্মম হত্যাকাণ্ডৰ কথা। ঘটনাস্থলীত স্থানীয় আৰক্ষী উপস্থিত হয় আৰু ঘটনাৰ বুজ লৈ তাৎক্ষণিকভাৱে তদন্ত আৰম্ভ কৰি অভিযুক্ত মাতৃক গ্ৰেপ্তাৰ কৰিছে। এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে । অৱশ্যে আৰক্ষীৰ নিৰপেক্ষ তদন্তৰ অন্ততহে পোহৰলৈ আহিব ঘটনাৰ প্ৰকৃত ৰহস্য।
প্ৰেৰক আব্দুল আজিজ আহমেদ