নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পথৰুঘাটত কৃষক শ্বহীদৰ সমাধিস্থলীত পুষ্পাঞ্জলি অৰ্পণ ৰাজ্যপালৰ

নিয়মীয়া বাৰ্তা, ১৭ আগষ্টঃ ৰাজভৱনৰ অধিকাৰী হৈয়েই মই ভাৰতৰ স্বাধীনতা সংগ্ৰামত অসমৰ হৈ বলিদান দিয়া বীৰপুৰুষসকলৰ বীৰভূমিসমূহ চাবলৈ আহিছো। দৰঙৰ পথৰুঘাটলৈ এনে উদ্দেশ্যৰেই মই আহিছো। পথৰুঘাটৰ কৃষকসকলে ইংৰাজৰ বৰ্ধিত খাজনাৰ বৃদ্ধিৰ প্ৰতিবাদ কৰিবলৈ গৈ ১৮৯৪ চনতে ১৪০গৰাকী কৃষক শ্বহীদ হৈছিল। এই শ্বহীদৰ ত্যাগক মই সেৱা কৰিবলৈ আহিছো। এই মন্তব্য অসমৰ নৱনিযুক্ত ৰাজ্যপাল লক্ষ্মণপ্ৰসাদ আচাৰ্যৰ। আজি পুৱা ৰাজ্যপাল গৰাকীয়ে দৰঙৰ পথৰুঘাটত উপস্থিত হৈ শ্বহীদৰ সমাধিত পুষ্পাঞ্জলি অৰ্পণ কৰি শ্বহীদলৈ শ্ৰদ্ধাৰ্ঘ অৰ্পণ কৰে। তেওঁ কয় পথৰুঘাটৰ কৃষকে দেখুৱাই যোৱা বলিদান থলী আজি আমাৰ বাবে তীৰ্থস্থানৰ লেখীয়া। এই পথৰুঘাটৰ ভূমি আমাৰ বাবে অতিকৈ পৱিত্ৰ। সেয়ে ইয়াৰ ভূমি আমাৰ বাবে চন্দন স্বৰূপ। এই চন্দন মই তিলক ৰূপে গ্ৰহণ কৰি ধন্য হ’লো। কৃষক শ্বহীদৰ বীৰত্বক আগন্তুক সময়ত আগবঢ়াই নিবলৈ ৰাজ্য চৰকাৰক পৰামৰ্শ প্ৰদানৰ প্ৰতিশ্ৰুতি দিয়ে। পথৰুঘাটৰ কৃষকৰ সমস্যা সম্পৰ্কত সাংবাদিকে সোধা এক প্ৰশ্নত তেওঁ  ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে দেশৰ কৃষকৰ হকে কাম  কৰি  আহিছে; এনে ক্ষেত্ৰত নিশ্চয়কৈ এই সমস্যাবোৰো সমাধান হ’ব। ৰাজ্যপালগৰাকীক সাংসদ দিলীপ শইকীয়া, বিধায়ক ড° পৰমানন্দ ৰাজবংশী, মঙলদৈ বিধানসভা সমষ্টিৰ বিধায়ক বসন্ত দাস আৰু উপায়ুক্ত মুনীন্দ্ৰ ঙাটে আদিয়ে সহযোগ কৰে। ৰাজ্যপাল গৰাকীক পথৰুসমন্বয় গোষ্ঠী, খটৰা সত্ৰ, পথৰুঘাট ৰণৰ শ্বহীদ পৰিয়ালৰ সদস্য, মঙলদৈ মিডিয়া চাৰ্কোল আৰু বিজেপি মহিলা মৰ্চাৰ তৰফৰ পৰা উষ্ম সম্ভৰ্ধনা জনোৱা হয়। এই কাৰ্যসূচীতে শ্বহীদ বাকৰিত এটি গছপুলি ৰোপণ কৰা হয়।

প্ৰেৰক চক্ৰধৰ ডেকা

You might also like