নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

আজি ২১ আগষ্ট, ভাদ মাহৰ ৪ তাৰিখ
বুধবাৰ : তিথি–কৃষ্ণ দ্বিতীয়া, নক্ষত্র : শতভিষা, যাত্রা : শুভ

মেষ : আজিৰ দিনটো আপোনাৰ কাৰণে বহু বেছি ভাল নহয়৷ শত্রুৰ পৰা সাৱধানে থাকক৷ সন্তানৰ বাবে চিন্তা বৃদ্ধি হ’ব৷ যিকোনো মানুহৰ লগত নিজৰ মনৰ কথা আলোচনা নকৰিব৷ শুভ ৰং নীলা৷ শুভ সংখ্যা ৫৷

বৃষ : স্বাস্থ্যৰ অশান্তিৰ বাবে কর্মক্ষেত্রত সমস্যা আহিব পাৰে৷ নতুন ব্যৱসায় আৰম্ভ কৰিব পাৰে৷ দুখীয়া লোকক সহায় কৰি মন আনন্দিত হ’ব৷ শুভ ৰং হালধীয়া৷ শুভ সংখ্যা ৯৷

মিথুন : বিদ্যার্থীসকলৰ বাবে আজি দিনটো শুভ৷ ব্যৱসায়িক দিশত ভাল ফল দেখা যায়৷ কুচিন্তাৰ কাৰণে মনোকষ্ট৷ কর্ম দিশৰ পৰা বাহিৰত যোৱাৰ সম্ভাৱনা৷ শুভ ৰং বগা৷ শুভ সংখ্যা ২৷

কর্কট : বিবাহৰ প্রস্তাৱ আহিব পাৰে৷ পাবলৈ থকা ধন ঘূৰাই পাব৷ নৃত্যশিল্পীৰ বাবে উন্নতিৰ যোগ দেখা যায়৷ আপোনাৰ প্রিয়জনে আজি আপোনাৰ লগত বিশ্বাসঘাতকতা কৰিব৷ শুভ ৰং মটীয়া৷ শুভ সংখ্যা ৪৷

সিংহ : অচিনাকি ব্যক্তিক লৈ কোনোধৰণৰ কাম আৰম্ভ নকৰিব, বিপদ হ’ব৷ ব্যৱসায়িক দিশত শুভ ফল৷ আর্থিক দিশত বহু বেছি ভাল নহয়৷ শুভ ৰং নীলা৷ শুভ সংখ্যা ৬৷

কন্যা : মনত কিছু অহেতুক চিন্তাই ঠাই ল’লেও আপোনাৰ উপস্থিত বুদ্ধিৰ দ্বাৰা আঁতৰিব পাৰে৷ পৰাপক্ষত পঢ়া–শুনাৰ প্রতি গুৰুত্ব দিয়ক৷ কর্মত খ্যাতি বৃদ্ধিৰ যোগ৷ শুভ ৰং ৰঙা৷ শুভ সংখ্যা ৩৷

তুলা : কর্মত মজলীয়া প্রভাৱ৷ নিজৰ উদ্দেশ্য সাধনাত ব্রতী হওক৷ পাৰিবাৰিক দিশত অশান্তি হ’ব পাৰে৷ নতুন কোনো ব্যৱসায়ত সফল হ’ব৷ প্রেম–প্রীতিত উদাস চিন্তা৷ শুভ ৰং মটীয়া৷ শুভ সংখ্যা ১৷

বৃশ্চিক : বন্ধু–বান্ধৱৰ লগত মন খুলি ক’লেও মূল কথা ব্যক্ত নকৰিব৷ কিছু আহুকালৰ মাজেদি সদা প্রয়োজনীয় কর্ম সম্পাদিত হ’ব৷ শিক্ষার্থীসকলৰ বাবে ভাল যোগ৷ শুভ ৰং সোণালী৷ শুভ সংখ্যা ৮৷

ধনু : পৰাপক্ষত টকা–পইচাৰ লেনদেন নিজৰ হাতেৰে কৰিব৷ মা–দেউতাৰ প্রতি দায়িত্ব পালন নকৰাৰ বাবে সংসাৰত অশান্তিৰ সৃষ্টি হ’ব৷ বিবাহৰ প্রস্তাৱ আহিব পাৰে৷ শুভ ৰং গুলপীয়া৷ শুভ সংখ্যা ৭৷

মকৰ : অতিৰিক্ত ক্রোধৰ ফলত অশান্তিৰ সৃষ্টি হ’ব৷ উচ্চ শিক্ষাৰ ক্ষেত্রত শুভ ফল৷ গুৰুজনাৰ কথাত বিশেষ গুৰুত্ব দিয়াৰ প্রয়োজন৷ প্রেমত শুভ ফল৷ শুভ ৰং বেঙুনীয়া৷ শুভ সংখ্যা ৫৷

কুম্ভ : সম্পত্তিক লৈ সমস্যা হ’ব পাৰে৷ আনক সহায় কৰিব যাওঁতে নিজে বিপদত পৰিব৷ সাংসাৰিক দিশত শান্তি বজাই থাকিব৷ হাতলৈ টকা–পইচা আহিব যদিও খৰচ বৃদ্ধি৷ শুভ ৰং গেৰুৱা৷ শুভ সংখ্যা ১৷

মীন : চাকৰিৰ ফালৰ পৰা বিদেশ যাত্রা হ’ব পাৰে৷ বিদ্যার্থীসকলৰ বাবে নতুন যোগ আহিব পাৰে৷ আপোনাৰ ব্যৱহাৰে আজি আপোনাক সন্মানিত কৰাব৷ শুভ ৰং মাখন৷ শুভ সংখ্যা ২৷

You might also like