🔹 কাণত ধৰি আঁঠু কাঢ়ি ক্ষমা খুজিলে মনোলাল শ্বাহে
নিয়মীয়া বাৰ্তা, ২১ আগষ্ট : শিৱসাগৰৰ পাছত এইবাৰ মাৰ্ঘেৰিটাৰ লেখাপানীৰ উদয়পুৰত অনা-অসমীয়াৰ দাদাগিৰি। গোলাপ বৰুৱা নামৰ অসমীয়া লোক এজনক দুৰ্ব্যৱহাৰ কৰে মনোলাল শ্বাহ নামৰ অনা-অসমীয়া ব্যৱসায়ীজনে। এই ঘটনাক কেন্দ্ৰ কৰি লেখাপানী উদয়পুৰত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । জানিব পৰা মতে, গোলাপ বৰুৱা নামৰ লোকজনৰ গাড়ী ভাৰা কৰি মাৰ্ঘেৰিটাৰ পৰা উদয়পুৰলৈ আনিছিল অনা-অসমীয়া ব্যৱসায়ী মনোলাল শ্বাহৰ আত্মীয়ই। গোলাপ বৰুৱা নামৰ অসমীয়া যুৱকজনে অধিক গৰম হোৱা বাবে ফেনৰ তলত বহিবলৈ সোমাই গৈছিল মনোলাল শ্বাহৰ দোকানত। ইয়াৰ পাছত মনোলালে অসমীয়া যুৱকজনক গঁতিয়াই বাহিৰ কৰি অশ্লীল গালি-গালাজ পাৰে। আজি এই ঘটনাক কেন্দ্ৰ কৰি স্থানীয় অসমীয়া যুৱকে অনা-অসমীয়া ব্যৱসায়ীজনক কাণত ধৰি আঁঠু কাঢ়ি ক্ষমা খুজিবলৈ বাধ্য কৰায়।
প্ৰেৰক মানস প্ৰতিম গগৈ